নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতক ইছলামিক ৰাষ্ট্রত পৰিণত কৰাৰ হুমকি বদৰুদ্দিন আজমলৰ

নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ  উগ্র সাম্প্রদায়িক মন্তব্যৰে সংখ্যালঘু লোকসকলৰ ভোট আদায়ৰ চেষ্টা কৰা বদৰুদ্দিন আজমলৰ আন এক চাঞ্চল্যকৰ ভিডি’ প্রকাশ কৰিছে লিগেল ৰাইটছ অৱজাৰভেটৰী নামৰ সংগঠনটোৱে৷ টুইটযোগে সংগঠনটোৱে প্রকাশ কৰা ভিডি’টোত এআইইউডিএফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে ইউপিএৰ সহযোগত ভাৰতক ইছলামিক দেশ হিচাপে গঢ়ি তুলিব বুলি হুংকাৰ দিছে৷ ভিডি’টোত বদৰুদ্দিন আজমলে এইদৰে কয়–‘এই ভাৰতবর্ষত ৮০০ বছৰ মোগলে শাসন কৰিছিল৷ এই দেশ ইছলামিক দেশ হ’ব৷ যেতিয়া ইউপিএৰ সহযোগত মহাগোটবন্ধনৰ চৰকাৰ হ’ব, সেই চৰকাৰৰ অংশীদাৰী হ’ব ইউডিএফ৷ তেতিয়া দেশত এজনো হিন্দু মানুহ নাথাকিব৷ সকলোকে মুছলমান কৰা হ’ব৷’

উল্লেখ্য যে বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত সংগঠনটোৱে প্রকাশ কৰা এই বিশেষ ভিডি’টোৱে তাৎপর্য বহন কৰিছে৷ কিয়নো অসমত বিধানসভা নির্বাচনত শাসনৰ গাদী দখলৰ লক্ষ্যৰে কংগ্রেছ, আঞ্চলিক গণ মর্চা আৰু বাঁওপন্থী দলসমূহৰ সৈতে মিলি এআইইউডিএফে মহাজোঁট গঠন কৰিছে৷ ইতিমধ্যে নির্বাচনী প্রচাৰৰ সময়ত সাংসদ আজমলে উগ্র সাম্প্রদায়িক মন্তব্য কৰাও পৰিলক্ষিত হৈছে৷ বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙি পেলাব তথা নামাজ পঢ়াত বাধা দিব বুলিও মন্তব্য কৰিছিল বদৰুদ্দিন আজমলে৷ ছলে–বলে–কৌশলে সংখ্যালঘুৰ ভোট আদায়ৰ বাবে আজমলে কৰি অহা এনে মন্তব্যই ৰাজ্যত সাম্প্রদায়িক সংঘর্ষৰ সৃষ্টি কৰিব বুলিও সচেতন মহলে আশংকা প্রকাশ কৰি আহিছে৷ এনে সময়তে লিগেল ৰাইটছ অৱজাৰভেটৰিয়ে প্রকাশ কৰা এই চাঞ্চল্যকৰ ভিডি’টোৱে স্বাভাৱিকতেই ৰাজ্যবাসীৰ মনত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

You might also like