বোকাখাতত অতুল বৰাৰ ভাগ্য নির্ণয় কৰিব বিজেপি নেতা আকাশে
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ কালি মনোনয়ন–পত্র দাখিলৰ অন্তিম দিন উকলি যোৱাৰ পাছত আজিৰে পৰা ৰাজনৈতিক দলসমূহে প্রক্ষেপ কৰা প্রাথ্ৰ হৈ প্রচাৰ অভিযান আৰম্ভ কৰিছে প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিতব্য গোলাঘাট জিলাৰ ৫ বিধানসভা সমষ্টিত৷ বিজেপি, কংগ্রেছ, অসম গণ পৰিষদ, ৰাইজৰ দল, অজাপই ইতিমধ্যে নিজৰ নিজৰ প্রাথ্ক জয়ী কৰোৱাৰ লক্ষ্যৰে ৰাইজৰ পদূলিয়ে পদূলিয়ে গৈ ভোট বিচাৰি অভিযান চলাইছে৷ জিলাখনৰ ৯৩নং বোকাখাত, ৯৪নং সৰুপথাৰ, ৯৫নং গোলাঘাট, ৯৬নং খুমটাই আৰু ৯৭নং দেৰগাঁও বিধানসভা সমষ্টিত প্রতিটো ৰাজনৈতিক দলে প্রক্ষেপ কৰা প্রাথ্সকলে নির্বাচনী ইছ্যু লৈ ৰাইজৰ কাষ চাপিছে যদিও অহা ২ মে’ত নিৰূপণ হ’ব প্রতিদ্বন্দ্বী প্রার্থীসকলৰ ভাগ্য৷ এক কথাত ক’বলৈ গ’লে গোলাঘাট জিলাৰ প্রাক্নির্বাচনী প্রেক্ষাপট যথেষ্ট আকর্ষণীয় হৈ পৰিছে৷ ৯৩নং বোকাখাত বিধানসভা সমষ্টিত অগপৰ সভাপতি তথা মন্ত্রী অতুল বৰা, এন চি পিৰ মৃদুল শইকীয়া, অজাপৰ ৰেৱকান্ত গগৈ, ভাৰতীয় ড্রাইবেল পাট্ৰ চাইমন তাঁতীৰ উপৰি নির্দলীয় হিচাপে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে প্রণৱ দলে, জিতেন গগৈ, দুলাল বৰা, বিজয় কুটুম, জীৱন চন্দ্র বৰা, হেমন্ত দলৈ আৰু দীনেশ কর্মকাৰে৷ সমষ্টিটোক মিত্রজোঁটৰ প্রাথ্ অতুল বৰাই যোৱা পাঁচ বছৰে প্রতিনিধিত্ব কৰি আহিছিল যদিও এইবাৰ নির্বাচনত তেওঁৰ ভাগ্য নির্ণয়ৰ ক্ষেত্রত মুখ্য ভূমিকা গ্রহণ কৰিব বিজেপি নেতা আকাশ ফুকনে৷
বোকাখাতত আকাশ ফুকনৰ জনভিত্তি যথেষ্ট পৰিমাণে থকাৰ লগতে এইবাৰৰ নির্বাচনত তেওঁ বিজেপিৰ প্রার্থিত্বৰ দাবীদাৰ আছিল৷ এনে প্রেক্ষাপটত মিত্রজোঁটৰ প্রাৰ্থী অতুল বৰাক জয়ী কৰোৱাৰ ক্ষেত্রত ফুকনৰ ভূমিকা যথেষ্ট বেছি হ’ব বুলি ইতিমধ্যে ৰাজনৈতিক মহলত ব্যাপক চর্চা চলিছে৷ চর্চা অনুসৰি যদিহে ফুকনে মিত্রজোঁটৰ প্রাথী অতুল বৰাক সংগ নিদিয়ে, তেন্তে বৃহৎ প্রত্যাহ্বানৰ সন্মুখীন হ’ব অগপৰ সভাপতিজন৷ ইতিমধ্যে অতুল বৰাই বোকাখাত সমষ্টিত নিজৰ প্রভাৱ বিস্তাৰৰ বাবে নির্বাচনৰ প্রাক্মুহূর্তত বহুখিনি উল্লেখনীয় কাম কৰি জনতাক আকর্ষণ কৰিবলৈ সক্ষম হৈছিল৷ অগপৰ বহু নেতা–কম্য়ে বোকাখাত সমষ্টিত প্রচাৰ অভিযান চলাই আহিছে যদিও নির্দলীয় প্রাথ্ তথা প্রাক্তন বিধায়ক জিতেন গগৈ অতুল বৰাৰ বাবে হৈ পৰিছে এক বৃহৎ প্রত্যাহ্বান৷ আনহাতে, সমষ্টিটোত কংগ্রেছে কোনো প্রার্থিত্ব প্রদান নকৰি আওপকীয়াকৈ জিতেন গগৈক সমর্থন কৰাত দুয়োৰে মাজতে নির্বাচনী যুঁজ হোৱাৰ সম্ভাৱনা প্রকট৷
আনহাতে, ৯৪নং সৰুপথাৰ বিধানসভা সমষ্টিত এইবাৰ যথেষ্ট প্রত্যাহ্বানৰ সন্মুখীন হ’ব কংগ্রেছৰ প্রাথী তথা বর্তমানৰ বিধায়িকা ৰ’জলীনা তিকী৷ সমষ্টিটোৰ পৰা বিজেপি প্রাথী বিশ্বজিৎ ফুকন, অজাপৰ ৰাজু ফুকন আৰু নির্দলীয় হিচাপে গোপাল গগৈয়ে প্রতিদ্বন্দ্বিতা আগবঢাইছে৷ বিজেপি প্রাথী বিশ্বজিৎ ফুকনে সমষ্টিটোৰ উন্নয়নৰ স্বার্থত গাঁৱে গাঁৱে গৈ প্রচাৰ তুংগত কৰাৰ বিপৰীতে অজাপৰ প্রাথী ৰাজু ফুকনেও চলাইছে ভোটাৰৰ ঘৰে ঘৰে বৃহৎ অভিযান৷ কংগ্রেছৰ প্রাথীগৰাকীৰ বাবে এইবাৰ মূৰৰ কামোৰণি সদৃশ হৈ পৰিছে বিজেপিৰ বিশ্বজিৎ ফুকন আৰু অজাপৰ ৰাজু ফুকন৷ সৰুপথাৰ সমষ্টিবাসীয়ে তিক্ৰ পৰিয়ালকেন্দ্রিক ৰাজনীতিৰ পৰা পৰিত্রাণ পাবৰ বাবে মনত পণ বান্ধি লোৱা বুলিও বহুল চর্চা হৈছে৷
সেইদৰে ৯৫নং গোলাঘাট বিধানসভা সমষ্টিতো এক আকর্ষণীয় যুঁজ হোৱাৰ সম্ভাৱনা আছে৷ ন–বিজেপি অজন্তা নেওগ, আনহাতে ন–কংগ্রেছী বিতোপন শইকীয়াই সমষ্টিটোৰ জনসাধাৰণৰ ঘৰে ঘৰে, পদূলিয়ে পদূলিয়ে গৈ চলাইছে নির্বাচনী কুচকাৱাজ৷ ২০ বছৰে গোলাঘাট বিধানসভা সমষ্টিক প্রতিনিধিত্ব কৰা ন–বিজেপি অজন্তা নেওগৰ প্রতি এইবাৰ প্রবল প্রত্যাহ্বান হৈ পৰিছে ন–কংগ্রেছী বিতোপন শইকীয়া৷ নিজৰ দখল অটুট ৰখাৰ স্বার্থত অজন্তা নেওগে অগপ–বিজেপিৰ নেতা–কম্ৰ সৈতে সঘন যোগাযোগ কৰিছে যদিও শাম কটা নাই বিজেপিৰ আন্তঃবিদ্রোহ৷ ইফালে অজন্তা নেওগক বিজেপিৰ টিকট দিয়াৰ লগে লগে কেইবাটাও মণ্ডলৰ বহুকেইজন নেতাই পদত্যাগ কৰি ন–কংগ্রেছী বিতোপন শইকীয়াক সংগ দিয়া পৰিলক্ষিত হৈছে৷ এনে প্রেক্ষাপটত অজন্তা নেওগ আৰু বিতোপন শইকীয়াৰ মাজতে তুমুল নির্বাচনী ৰণ হোৱাৰ সম্ভাৱনা আছে৷
খুমটাই বিধানসভা সমষ্টিৰ বর্তমানৰ বিধায়ক মৃণাল শইকীয়াৰ বিপৰীতে কংগ্রেছৰ বিস্মিতা গগৈ, অজাপৰ পৱন শইকীয়া আৰু নির্দলীয় হিচাপে কিৰণ কোঁৱৰ, চুচেনফা গগৈ আৰু দীপক গোৱালাই প্রতিদ্বন্দ্বিতা আগবঢাইছে৷ খুমটাইত বিজেপিৰ মৃণাল শইকীয়া আৰু কংগ্রেছৰ বিস্মিতা গগৈৰ মাজতে মূল যুঁজখন সীমাবদ্ধ থাকিব বুলি ৰাজনৈতিক মহলত গুণাগঁথা চলিছে৷ অৱশ্যে বিধায়ক হিচাপে বিগত সময়ছোৱাত গ্রহণ কৰা ভূমিকাৰ বাবে খুমটাইত তুলনামূলকভাৱে যথেষ্ট সবল স্থিতিত অছে মৃণাল শইকীয়া৷ ইফালে কালি মনোনয়নৰ অন্তিম দিনা বিধায়ক মৃণাল শইকীয়াই প্রায় ৩০ হাজাৰ দলীয় নেতা–কম্ক লগত লৈ ছয় কিলোমিটাৰ পথ পদব্রজে আহি মনোনয়ন দাখিল কৰাৰ পাছত সমগ্র জিলাখনতে ৰাজনৈতিক ক্ষেত্রখনত ব্যাপক প্রভাৱ পেলায়৷ ইফালে, জিলাখনৰ আন এটা বিধানসভা সমষ্টি দেৰগাঁৱত মিত্রজোঁট প্রক্ষেপিত অগপ প্রাথ্ ভবেন ভৰালীক প্রত্যাহ্বান হিচাপে লৈ কংগ্রেছৰ বীণা দাস আৰু ৰাইজৰ দলৰ প্রবীণ দাসে অভিযান আৰম্ভ কৰিছে৷ বিধায়ক ভবেন ভৰালীৰ বিগত পাঁচটা বছৰৰকামৰ খতিয়ানক বীণা দাস আৰু প্রবীণ দাসে নির্বাচনী মূল ইছ্যু হিচাপে লোৱা পৰিলক্ষিত হৈছে৷ বিধায়কজনে কাষৰীয়া সমষ্টিসমূহৰ বিপৰীতে দেৰগাঁৱত কোনো চকুত লগা কাম ৰাইজক দেখুৱাব নোৱাৰাৰ সুযোগ লৈ ইতিমধ্যে প্রবীণ দাসে ঘৰে ঘৰে নিজৰ প্রচাৰ অব্যাহত ৰাখিছে৷