নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ ৰাজ্যত নির্বাচনী ৰণডংকা বজাবলৈ আহিব বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ৷ অহা ১৪ মার্চত মাজুলীত নির্বাচনী ৰণদুন্দুভি বজাব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত এখন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰিব শ্বাহে৷ মাজুলীৰ ফুলনিত এই জনসভাখন কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে সম্বোধন কৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে তিনিটা পর্যায়ত অহা ২৭ মার্চ, ১ এপ্রিল আৰু ৬ এপ্রিলত ৰাজ্যত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ ইতিমধ্যে অসমত প্রচাৰ কৰিবলগীয়া ষ্টাৰ কেম্পেইনাৰৰ নাম ঘোষণা কৰিছে বিজেপিৰ কেন্দ্রীয় সমিতিয়ে৷ সেই অনুসৰি প্রধানমন্ত্রী নৰেন্দ্র মোদী, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাও প্রচাৰৰ বাবে আহিব অসমলৈ৷ তদুপৰি কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰি, নৰেন্দ্র সিং টোমৰ আৰু স্মৃতি ইৰাণীয়েও ৰাজ্যত নির্বাচনী প্রচাৰ চলাব৷ সেইদৰে বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্রীয়েও অংশগ্রহণ কৰিব ৰাজ্যৰ নির্বাচনী প্রচাৰ অভিযানত৷ উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান আৰু মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙৰ নামো অন্তর্ভুক্ত হৈছে ষ্টাৰ কেম্পেইনাৰৰ তালিকাত৷ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙো অসমলৈ আহিব নির্বাচনী প্রচাৰৰ বাবে৷ অহা ১৮ আৰু ১৯ মার্চত প্রধানমন্ত্রী অসমলৈ অহাৰ সম্ভাৱনা আছে৷ অৱশ্যে এতিয়ালৈ এয়া নিশ্চিত হোৱা নাই বুলি জানিব পৰা গৈছে৷