নির্বাচনী যুঁজলৈ ২৯৫ প্রার্থীৰ মনোনয়ন দাখিল
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ প্রথম পর্যায়ৰ নির্বাচন অনুষ্ঠিতব্য ৰাজ্যৰ ৪৭টা বিধানসভা সমষ্টিত কালি মনোনয়ন–পত্র দাখিলৰ অন্তিম সময়সীমা উকলি গৈছে৷ এই সন্দর্ভত অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তৰফৰ পৰা দিয়া তথ্য অনুসৰি প্রথম পর্যায়ৰ নির্বাচনী যুঁজত অৱতীর্ণ হোৱাৰ বাবে মুঠ ২৯৫জন প্রার্থীয়ে দাখিল কৰিছে মনোনয়ন–পত্র৷ ইয়াৰে ঢ়েকীয়াজুলি সমষ্টিত ৭জন, বৰছলা সমষ্টিত ৫জন, তেজপুৰ সমষ্টিত ১০জন, ৰঙাপৰা সমষ্টিত ৭জন, চতিয়া সমষ্টিত ৩জন, বিশ্বনাথ সমষ্টিত ৫জন, বিহালী সমষ্টিত ৪জন, গহপুৰ সমষ্টিত ৪জন, ধিং সমষ্টিত ১০জন, বটদ্রৱা সমষ্টিত ৯জন, ৰূপহীহাট সমষ্টিত ১০জন, চামগুৰি সমষ্টিত ৪জন, কলিয়াবৰ সমষ্টিত ৫জন, বোকাখাত সমষ্টিত ১১জন, সৰুপথাৰ সমষ্টিত ৪জন, গোলাঘাট সমষ্টিত ৩জন, খুমটাই সমষ্টিত ৬জন, দেৰগাঁও সমষ্টিত ৪জন, যোৰহাট সমষ্টিত ৪জন, টীয়ক সমষ্টিত ৫জন, তিতাবৰ সমষ্টিত ৪জন, মৰিয়নি সমষ্টিত ৫জন, মাজুলী সমষ্টিত ৬জন, আমগুৰি সমষ্টিত ৬জন, থাওৰা সমষ্টিত ৩জন, শিৱসাগৰ সমষ্টিত ৬জন, নাজিৰা সমষ্টিত ৫জন, মাহমৰা সমষ্টিত ৯জন, সোণাৰি সমষ্টিত ৫জন, বিহপুৰীয়া সমষ্টিত ৮জন, নাওবৈচা সমষ্টিত ১৪জন, লখিমপুৰ সমষ্টিত ৮জন, ঢ়কুৱাখনা সমষ্টিত ৬জন, ধেমাজি সমষ্টিত ৬জন, জোনাই সমষ্টিত ৭জন, মৰাণ সমষ্টিত ৭জন, ডিব্রুগড় সমষ্টিত ৫জন, লাহোৱাল সমষ্টিত ৮জন, দুলীয়াজান সমষ্টিত ৫জন, টিংখাং সমষ্টিত ৪জন, নাহৰকটীয়া সমষ্টিত ৬জন, চাবুৱা সমষ্টিত ৮জন, তিনিচুকীয়া সমষ্টিত ১১জন, ডিগবৈ সমষ্টিত ৪জন, ডুমডুমা সমষ্টিত ৭জন, মার্ঘেৰিটা সমষ্টিত ৬জন আৰু শদিয়া সমষ্টিত প্রার্থীৰ সংখ্যা হৈছে ৬জন৷ এই ২৯৫জন প্রার্থীয়ে সর্বমুঠ ৬৩০খন মনোনয়ন–পত্র দাখিল কৰিছে৷ ইফালে, অহা ১ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবেও ইতিমধ্যে জাৰি কৰা হৈছে অধিসূচনা৷ অধিসূচনা জাৰি হোৱাৰ আজি ষষ্ঠ দিনটোলৈকে বিভিন্ন সমষ্টিত মুঠ ২৭জন প্রার্থীয়ে মনোনয়ন–পত্র দাখিল কৰিছে৷ উল্লেখ্য যে দ্বিতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া ৩৯টা সমষ্টিত মনোনয়ন–পত্র দাখিলৰ অন্তিম দিন হ’ল অহা ১২ মার্চ৷ মনোনয়ন–পত্রসমূ অহা ১৫ মার্চত পৰীক্ষা কৰাৰ বিপৰীতে প্রত্যাহাৰৰ অন্তিম দিন ধার্য কৰা হৈছে ১৭ মার্চ৷
কাছাৰত পিতা–পুত্র প্রার্থী গৌতম ৰয়–ৰাহুল ৰয়ক লৈ চর্চা
কাছাৰত আজিলৈ সাতগৰাকী প্রার্থীয়ে মনোনয়ন–পত্র দাখিল কৰিছে৷ আজি সোণাই সমষ্টিৰ বিক্ষুব্ধ বিজেপি নেতা আশিস হালদাৰে নির্দলীয় প্রার্থী হিচাপে মনোনয়ন দাখিল কৰে৷ ইপিনে, উদাৰবন্দ সমষ্টিত গৌতম ৰয়ৰ পুত্র তথা প্রাক্তন বিধায়ক ৰাহুল ৰয়ে নির্দলীয় প্রার্থী হিচাপে মনোনয়ন–পত্র দাখিল কৰে৷ শিলচৰ সমষ্টিত শুভদীপ দত্ত নামৰ আন এগৰাকী প্রার্থীয়ে নির্দলীয়ভাৱে প্রতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন–পত্র দাখিল কৰিছে৷ কালি চাৰিগৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছিল৷ ইয়াৰ ভিতৰত এছ ইউ চি আইৰ তিনিগৰাকী যথাক্রমে শিলচৰত দুলালী চক্রৱর্তী, সোণাইত অঞ্জন কুমাৰ চন্দ আৰু ধলাই সমষ্টিত গৌৰচন্দ্র দাস, আন এগৰাকী সুকুমাৰ সোণাৰ নির্দলীয় প্রার্থী হিচাপে ধলাইত মনোনয়ন–পত্র দাখিল কৰিছে৷ ইপিনে, শিলচৰৰ দুবাৰৰ বিজেপি বিধায়ক দিলীপ কুমাৰ পালে আজি সংবাদ মেল সম্বোধি দলৰ পৰা পদত্যাগ কৰিছে বুলি সদৰী কৰিছে৷ লগতে তেওঁ নির্দলীয় প্রার্থী হিচাপে শিলচৰ সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলিও ঘোষণা কৰে৷ কাছাৰত পিতা–পুত্র প্রার্থী হোৱাক লৈ ব্যাপক চর্চা অব্যাহত আছে৷ কাটিগড়া সমষ্টিত বিজেপি প্রার্থী হিচাপে পিতা গৌতম ৰয় আৰু উদাৰবন্দ সমষ্টিত পুত্র ৰাহুল ৰয়ে নির্দলীয় প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰিব৷ ইপিনে, কাছাৰৰ সাতটা সমষ্টিৰ ভিতৰত শিলচৰ সমষ্টিত সর্বাধিক ২৪গৰাকী প্রার্থীয়ে মনোনয়ন–পত্র সংগ্রহ কৰিছে৷ সাত সমষ্টিত ৯০গৰাকী প্রার্থীয়ে মনোনয়ন–পত্র সংগ্রহ কৰিছে৷ বৰাক উপত্যকাৰ ১৫টা সমষ্টিত দ্বিতীয় পর্যায়ত এক এপ্রিলত ভোট গ্রহণ হ’ব৷