খৈৰাবাৰীত কলেজীয়া ছাত্রীক ডিঙি কাটি হত্যা
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ ওদালগুৰি জিলাৰ খৈৰাবাৰী নিৱাসী ৰামপ্রসাদ পালৰ কন্যা অংকিতা পালক (২১) বুধবাৰে নিশা ৭.৪৫ মান বজাত দুর্বৃত্তই ডিঙি কাটি হত্যা কৰে৷ নিশা এগৰাকী ঘৰুৱা শিক্ষকক চাহ–পানী খাবলৈ দি ঘৰৰ নিচেই কাষৰ দমকললৈ বাচন ধুবলৈ গৈছিল অংকিতাই৷ সেই সময়ত হঠাতে বিজুলী সৰবৰাহ বন্ধ হৈছিল আৰু তাৰে সুযোগ লৈ পূর্বৰে পৰা খাপ পিটি থকা দুর্বৃত্তই অংকিতাক বলপূর্বক টানি নি ঘৰৰ নিচেই ওচৰতে চোকা অস্ত্রৰে ডিঙি কাটি হত্যা কৰি আন্ধাৰৰ সুযোগ লৈ পলাই যায়৷ ঘটনাস্থলীত এখন ছুৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ প্রেমজনিত কাৰণতে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে৷ এই সন্দর্ভত আৰক্ষীয়ে এজন যুৱকক আটক৷ উল্লেখ্য যে অংকিতা পাল খৈৰাবাৰী মহাবিদ্যালয়ৰ প্রথম সাণ্মাষিকত অধ্যয়নৰত এগৰাকী মেধাৱী ছাত্রী আছিল৷ খৈৰাবাৰী জাতীয় বিদ্যালয়ৰ পৰা প্রথম বিভাগত কৃতিত্বৰে মেড্রিক উত্তীর্ণ অংকিতাই খৈৰাবাৰী এন আৰ ডি এছ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক চূডান্ত পৰীক্ষাতো প্রথম বিভাগত সুখ্যাতিৰে উত্তীর্ণ হৈছিল৷ খৈৰাবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷