ডিজিটেল ডেস্ক, বাঘবৰ, ২৮ জুন : বাঘবৰৰ দলাগাঁও চৰত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা। আজি পুৱা ব্ৰহ্মপুত্ৰ নদীৰে বৌহতি পাৰঘাটৰ পৰা বাঘবৰ বজাৰলৈ আহোঁতে ব্ৰহ্মপুত্ৰ নদীৰ মাজত সংঘটিত হয় এই ভয়াৱহ নাও দুৰ্ঘটনা।
বাঘবৰ থানাৰ অন্তৰ্গত দলাগাঁও চৰৰ সমীপত সামগ্ৰীভৰ্তি এখন যন্ত্ৰচালিত নাও হঠাতে ডুব যোৱাৰ ফলত সৃষ্টি হয় হুৱাদুৱা। জানিব পৰা মতে, বৌহতি পাৰঘাটৰ পৰা সামগ্ৰী ভৰ্তি কৰি বাঘবৰ বজাৰলৈ আহি থকা অৱস্থাত দলাগাঁও চৰৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ নাও দুৰ্ঘটনা। নাওখনত নাৱৰীয়াসহ ২৫জনৰ অধিক লোক আছিল যদিও কথমপি প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়।
দুৰ্ঘটনাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও প্ৰবল সোঁত অথবা অধিক বোজাৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
ঘটনাস্থলীত বাঘবৰ আৰক্ষী, জল পৰিবহণৰ কৰ্মচাৰী আৰু বাঘবৰ বজাৰ কমিটীৰ সহযোগত নাওসহ আটাইকেজন যাত্ৰীক উদ্ধাৰ কৰে। ইতিমধ্যে বাঘবৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।