নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ৰাষ্ট্ৰীয় পালছ পলিঅ’ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ

ডিজিটেল ডেস্ক, ধুবুৰী, ২৮ জুন : আজি ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত আয়োজিত ৰাষ্ট্ৰীয় পালছ প’লিঅ’ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভণি কৰে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহালে। কেইবাটাও শিশুক পলিঅ’ প্ৰতিষেধক খুওৱাই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰি ৰখা নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় পালছ পলিঅ’ অভিযানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শিশুসকলৰ প্ৰতিষেধককৰণে পলিঅ’মুক্ত সমাজ গঢ়ি তোলাত কিদৰে সহায় কৰে সেই বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায়।

নিজৰ বক্তব্যত তেওঁ সমগ্ৰ ৰাজ্যৰ ২৪ হাজাৰ স্বাস্থ্যকেন্দ্ৰত প্ৰায় ৫২ হাজাৰ স্বাস্থ্যকৰ্মীয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও সদৰী কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে স্বাস্থ্য বিভাগটোৱে সফলতা লাভ কৰা বুলিও উনুকিয়ায় মন্ত্ৰীগৰাকীয়ে।

আজিৰ এই কাৰ্যসূচীত ধুবুৰী জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জ্যোতি কুমাৰ দাস, ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতালৰ অধ্যক্ষা ডাঃ অংকুমণি শইকীয়া, অধীক্ষক ডাঃ গুণজিৎ দাস, জিলা আয়ুক্ত মেঘানিধি দাহাল আৰু জিলা প্ৰশাসনৰ শীৰ্ষ আমোলা-বিষয়া, জিলাখনৰ স্বাস্থ্য বিভাগৰ বিষয়া-স্বাস্থ্যকৰ্মীসকলৰ উপৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল।

উল্লেখ্য যে এইবাৰৰ ৰাষ্ট্ৰীয় পালছ পলিঅ’ অভিযানত ধুবুৰী জিলাৰ মুঠ ২,৯২,৪১৮গৰাকী শিশুক প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য বান্ধি লোৱা হোৱা বুলি জানিব পৰা গৈছে। ৩০ জুনলৈ চলিবলগীয়া তিনিদিনীয়া এই ৰাষ্ট্ৰীয় পালছ পলিঅ’ অভিযানত ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ অধীনত ৪,৭৭৮গৰাকী স্বাস্থ্য বিষয়া, কৰ্মী, স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মী জড়িত থাকিব।

You might also like