অসম নিৰ্বাচনৰ বাবে সাজু এনপিপি, আজি ৮ টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ অসমত নিৰ্বাচনৰ বাবে সাজু হৈছে এনপিপি। দলটোৱে বুধবাৰে এখন সংবাদ মেল আয়োজন কৰে হাতীগাঁস্থিত এনপিপিৰ কাৰ্যালয়ত। সংবাদ মেলখনত এনপিপিৰ নেতৃবৰ্গই কয় যে তেওঁলোকে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।
দলটোৱে ইতিমধ্য়ে নাওবৈচা সমষ্টিৰ পৰা বিৰী জয়, বদৰপুৰ সমষ্টিৰ পৰা আবু জাকিৰ হুছেইন, বৈঠালাংছ’ সমষ্টিৰ পৰা ভেলভন টেৰঙক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। অৱশ্য়ে যোৰহাট সমষ্টিত প্ৰাৰ্থী অৰবিন্দ কুমাৰ বৰুৱাই স্বাস্থ্যজনিত কাৰণত মনোনয়ন দাখিল কৰিব নোৱাৰিলে।
আনহাতে চাবুৱাৰ প্ৰাৰ্থী ভৱেন বৰুৱাই এনপিপিৰ হৈ মনোনয়ন দাখিল কৰে যদিও পাছত ৰাইজৰ দলত যোগদান কৰে।
সংবাদ মেলখনত এনপিপিৰ অসম প্ৰদেশৰ উপ-সভাপতি বিশ্বজিত বৰুৱাই কয় যে এনপিপি ৰাজ্যিক কমিটিখন মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলৈ ইচ্ছা প্ৰকাশ কৰাৰ কাৰণে গঠন কৰা হয়।
দলটোৰ সাধাৰণ সম্পাদক আব্দুল হুছেইনে কয় য়ে আমাৰ প্ৰাৰ্থীসকলে যিকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে সেইকেইটা সমষ্টিত আমাৰ প্ৰাৰ্থীয়ে যথেষ্ট কাম কৰিছে। উদাহৰণস্বৰূপে নাওবৈছা, গোৱালপাৰা, মানকাছাৰ সমষ্টিত প্ৰাৰ্থীসকলে যথেষ্ট কাম কৰিছে।
সংবাদ মেলখনত ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব বুলি আশ্বাস দিয়ে এনপিপিৰ নেতৃত্বই। তেওঁলোকে জানিবলৈ দিয়ে যে অসমৰ প্ৰতিজন নিবনুৱাক স্ব-নিৰ্ভৰশীল হ’বলৈ বিভিন্ন সুবিধা কৰি দিব। লগতে সৰুসুৰা উদ্য়োগ স্থাপন কৰি নিবনুৱাসকলক সংস্থাপিত কৰিব।
আজি এনপিপিয়ে দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। দলটোৱে ৮ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। দলটোৱে পূব গুৱাহাটীত প্ৰাৰ্থী প্ৰদান কৰিছে ৰাজ প্ৰসাদ শইকীয়া, পূব গোৱালপাৰাৰ পৰা আব্দুল কালাম হুছেইন, বোকাজানত ডেভিড চেব ৰেংমা, বোকাজানৰ পৰা চৰমাং টেৰন, ডিফুৰ পৰা ৰাজেন টিমুং, মানকাছাৰৰ পৰা আমিনুল ইছলাম, বঙাইগাঁৱত প্ৰভাত বৈষ্ণব, পশ্চিম গোৱালপাৰাৰ পৰা আব্দুল বাটেন শিকদাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।