নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণৰ দিন চমু চাপি অহাৰ সময়তে তুংগত উঠিছে নির্বাচনী প্রচাৰ৷ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে ৰাজ্যৰ চুকে–কোণে জনসভা, বাইক ৰেলী, পদযাত্রা আদি বিভিন্ন কার্যসূচীৰে ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা চলাইছে৷ নির্বাচনৰ প্রাক্ক্ষণত ৰাজ্যলৈ আগমন ঘটিব কেইবাজনো ষ্টাৰ কেম্পইনাৰৰ৷ কংগ্রেছ আৰু বিজেপিৰ ষ্টাৰ কেইম্পনাৰসকলে অংশ ল’ব কেইবাখনো নির্বাচনী প্রচাৰ সভাত৷ আজি নির্বাচনী প্রচাৰৰ বাবে আহিব কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণী৷ তেওঁ পুৱা ১০.৩০ বজাত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত উপস্থিত হ’ব৷ কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে কাইলৈ তিনিখন ৰাজহুৱা সভাত অংশগ্রহণ কৰিব৷ মৰিয়নিৰ প্রার্থী ৰমণী তাঁতী, শিৱসাগৰৰ প্রার্থী সুৰভি ৰাজকুঁৱৰী আৰু চামগুৰিৰ প্রার্থী অনিল শইকীয়াৰ হৈ নির্বাচনী প্রচাৰ চলাব স্মৃতি ইৰাণীয়ে৷ আজি তিনিওখন জনসভাত অংশগ্রহণ কৰাৰ অন্তত নতুন দিল্লীলৈ উভতি যাব মন্ত্রীগৰাকী৷
ইফালে, অহা ১৪ মার্চত নির্বাচনী প্রচাৰৰ বাবে ৰাজ্যলৈ আহিব প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং৷ তেওঁ পুৱা ১১ বজাত তেজপুৰত উপস্থিত হ’ব৷ সেই দিনাই কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে বিশ্বনাথৰ প্রার্থী প্রমোদ বৰঠাকুৰ, গহপুৰৰ প্রার্থী উৎপল বৰাৰ লগতে মিত্রজোঁটৰ অসম গণ পৰিষদৰ দেৰগাঁৱৰ প্রার্থী ভবেন ভৰালীৰ হৈ নির্বাচনী প্রচাৰ চলাব৷ সেই দিনাই তেওঁ বিশেষ বিমানযোগে নতুন দিল্লীলৈ উভতি যাব৷ আনহাতে, অহা ১৫ মার্চত বিজেপিৰ হৈ নির্বাচনী প্রচাৰৰ বাবে ৰাজ্যত উপস্থিত হ’ব মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান৷ তেওঁ বিজেপিৰ প্রার্থী তৰংগ গগৈ, তেৰছ গোৱালা আৰু প্রশান্ত ফুকনৰ হৈ প্রচাৰ চলাব৷ তদুপৰি বিজেপিৰ হৈ নির্বাচনী প্রচাৰৰ বাবে ৰাজ্যলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ অহা সপ্তাহত প্রধানমন্ত্রী অহাৰ সম্ভাৱনা আছিল যদিও তেওঁৰ কার্যসূচী এতিয়াও আনুষ্ঠানিকভাৱে প্রকাশ কৰা হোৱা নাই৷ অহা ১৪ আৰু ১৫ মার্চত অসমলৈ নির্বাচনী প্রচাৰৰ বাবে আহিব কেন্দ্রীয় গৃহমন্ত্রী শ্বাহ৷ পৰৱর্তী সময়ত পুনৰ অহা ১৭ মার্চ, ২১ মার্চ আৰু ২৩ মার্চত পুনৰ অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রীগৰাকী৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাও আহিব অসমলৈ৷ অৱশ্যে নাড্ডাৰ কার্যসূচী এতিয়াও চূড়ান্ত হোৱা নাই৷
ইফালে, নির্বাচনী প্রচাৰৰ বাবে অসমলৈ আহিব কংগ্রেছৰ কেইবাগৰাকীও ষ্টাৰ কেম্পইনাৰ৷ কেইবাগৰাকীও প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা নিখিল ভাৰত কংগ্রেছ কমিটীৰ বিষয়ববীয়াই অসমত কংগ্রেছৰ হৈ নির্বাচনী প্রচাৰ চলাব৷ অহা ১৪ মার্চত তিনিদিনীয়া কার্যসূচীৰে অসমলৈ আহিব কংগ্রেছৰ ষ্টাৰ কেম্পইনাৰ তথা ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেল৷ অসম প্রদেশ কংগ্রেছ কমিটীয়ে প্রকাশ কৰা অনুসৰি ১৪ মার্চত ৱাঘেলে অজয় ফুকনৰ হৈ বৰগুৰি, এতোৱা মুণ্ডাৰ হৈ ৰাজগড়ত আৰু প্রাঞ্জল ঘাটোৱাৰৰ হৈ চেপনত তিনিখন জনসভাত অংশগ্রহণ কৰিব৷ তেওঁ ১৫ মার্চতো খোৱাং, নাজিৰা, বৰবৰুৱা আৰু ডিব্রুগড়ত নির্বাচনী প্রচাৰ চলাব৷ ১৬ মার্চত নাহৰকটীয়া আৰু দুলীয়াজানত তেওঁ প্রচাৰ চলাব৷ তদুপৰি ৰাজ্যলৈ নির্বাচনী প্রচাৰৰ বাবে আগমন ঘটিব কংগ্রেছৰ আন কেইবাগৰাকীও হাই প্রফাইল নেতাৰ৷ কংগ্রেছৰ হৈ ৰাজ্যলৈ প্রচাৰ চলাবলৈ আহিব নিখিল ভাৰত কংগ্রেছ কমিটীৰ ভাৰপ্রাপ্ত সভাপতি ছোনিয়া গান্ধী, প্রাক্তন প্রধানমন্ত্রী মনমোহন সিং৷ আজি প্রকাশ কৰা তালিকা অনুসৰি কংগ্রেছৰ প্রাক্তন ৰাষ্ট্রীয় সভাপতি ৰাহুল গান্ধী, নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধীৰ উপৰি কংগ্রেছৰ শীর্ষস্থানীয় নেতা মুকুল ৱাছনিক, অশোক গেহলট, ছলমান খুৰছিদ, বিকাশ উপাধ্যায়, অনিৰুদ্ধ সিং, নৱজিৎ সিং সিদ্ধু, শচীন পাইলট, নবাম টুকি, মুকুল চাংমাও অসমলৈ আহিব প্রচাৰ চলাবলৈ৷ আনহাতে, অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ৰিপুণ বৰা, বিধায়ক দেৱব্রত শইকীয়া, সাংসদ প্রদ্যুৎ বৰদলৈ, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন, প্রাক্তন সাংসদ সুস্মিতা দেৱকে ধৰি বহুকেইগৰাকী ৰাজ্যিক পর্যায়ৰ শীর্ষ নেতাকো কংগ্রেছৰ ষ্টাৰ কেম্পাইনাৰৰ তালিকাত স্থান দিয়া হৈছে৷