নির্বাচন আয়োগৰ প্রতীক–পটৰ যাত্রা আৰম্ভ
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ ভোটদানৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰি দেশৰ গণতান্ত্রিক ব্যৱস্থাক শক্তিশালী কৰাৰ অর্থে নবীন–প্রবীণ, দিব্যাংগ আদি সকলো শ্রেণীৰ ভোটাৰকে আকর্ষিত কৰাৰ উদ্দেশ্যে নির্বাচন আয়োগে ব্রেণ্ডিং কৰা প্রতীক–পটৰ যাত্রা সোমবাৰে লতাশিল খেলপথাৰত পতাকা জোকাৰি শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই৷ বিয়লি ৫ বজাত মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগত নির্বাচন বিভাগৰSVEEP শাখাৰ ন’ডেল বিষয়া পুলক পাটগিৰিৰ উপস্থিতিত যাত্রা শুভাৰম্ভ কৰা এই প্রতীক–পটে ৰাজ্যৰ প্রতিখন নির্বাচনী জিলাত উপস্থিত হৈ পোনপটীয়া প্রদর্শন আৰু দৃশ্যমান প্রদর্শনৰ জৰিয়তে ভোটাৰৰ প্রণালীবদ্ধ শিক্ষা আৰু নির্বাচকৰ অংশগ্রহণ সম্পর্কীয় বার্তা বহন কৰিব৷