প্রথম কেবিনেটতে পাঁচ লাখ নিবনুৱাক চাকৰিঃ কংগ্রেছৰ মুখপাত্র প্রফেছৰ গৌৰৱ বল্লভ
নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে ১০১ আসনত জয়লাভ কৰি এইবাৰ অসমত চৰকাৰ গঠন কৰিব৷ এই মন্তব্য এআইচিচিৰ মুখপাত্র প্রফেছৰ গৌৰৱ বল্লভৰ৷
প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত মঙলবাৰে আয়োজিত এখন সংবাদ মেলত এআইচিচিৰ মুখপাত্রগৰাকীয়ে কয় যে চৰকাৰ গঠনৰ পিছতেই প্রথমখন কেবিনেটতে ৫ লাখ নিবনুৱাক চৰকাৰী চাকৰি আৰু ২৫ লাখ নিবনুৱাক বেচৰকাৰী খণ্ডত সংস্থাপিত কৰাৰ কংগ্রেছে যি গেৰাণ্টী দিছে, সেয়া কার্যকৰীকৰণৰ বাবে সিদ্ধান্ত গ্রহণ কৰিব৷ এই সম্পর্কত তেওঁ কয় যে ছার্ভিচ ছেক্টৰ আৰু আই টি উদ্যোগত ভাৰত দপ্দপাই আছে৷ কোটি কোটি ভাৰতীয়ই তাত কাম কৰি আছে৷ সেয়ে ২৫ লাখ নিবনুৱাক সংস্থাপিত কৰাতো কোনো অসুবিধা নাই৷ কর্ণাটক, মহাৰাষ্ট্র, অন্ধ্রপ্রদেশ, হাৰিয়ানা আদি ৰাজ্যই ইতিমধ্যে সেই কাম কৰি দেখুৱাইছে৷
তেওঁ আৰু কয় যে কংগ্রেছে গেৰাণ্টী দিয়া অনুসৰি চাহ শ্রমিকৰ মজুৰি ৩৬৫ টকা, প্রতিটো পৰিয়ালক মাহে ২০০ ইউনিট বিনামূলীয়া বিজুলী যোগান আৰু প্রতিগৰাকী গৃহিণীক মাহে দুহাজাৰ টকাকৈ দিয়াৰ যি গেৰাণ্ঢী দিছে সেয়াও ৰূপায়ণ কৰিব৷