নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ সমাগত বিধানসভা নির্বাচনলৈ আজি প্রমোদ বডো নেতৃত্বাধীন ইউপিপিএলে দলৰ তৃতীয় পর্যায়ৰ দলীয় প্রার্থীৰ নাম ঘোষণা কৰিছে৷ কোকৰাঝাৰ চহৰৰ বডোফা নৌগৰস্থিত ইউপিপিএলৰ মুখ্য কার্যালয়ত আজি আয়োজিত এখন সংবাদ মেলত দলৰ সাধাৰণ সম্পাদক মাউথি ব্রহ্ম হাজোৱাৰীয়ে তৃতীয় পর্যায়ত আঠটা সমষ্টিৰ বাবে প্রার্থীৰ নাম ঘোষণা কৰে৷ সেই অনুসৰি ৩০নং কোকৰাঝাৰ (পূব) বিধানসভা সমষ্টিত প্রাক্তন এবছু নেতা লৰেন্স ইছলাৰী, ২৯নং কোকৰাঝাৰ (পশ্চিম) বিধানসভা সমষ্টিত ব্যৱসায়ী মনোৰঞ্জন ব্রহ্ম, ৩১নং চিদলী বিধানসভা সমষ্টিত জয়ন্ত বসুমতাৰী, ২৮নং গোসাঁইগাঁও বিধানসভা সমষ্টিত সোমনাথ নার্জাৰী, ৬৩নং চাপাগুৰি বিধানসভা সমষ্টিত ইউপিপিএলৰ প্রতিষ্ঠাপক সভাপতি উর্খাও গৌৰা ব্রহ্ম, ৩৩নং বিজনী বিধানসভা সমষ্টিত ফণীন বডো, ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিত লেহৰাম বডো আৰু ৬২নং বৰমা বিধানসভা সমষ্টিত ভূপেন বডোক দলৰ প্রার্থিত্ব প্রদান কৰিছে৷ উল্লেখ্য যে ইউপিপিএল দলে ইয়াৰ পূর্বে প্রথম পর্যায়ত মাজবাট সমষ্টিত ৰতেন্দ্র বসুমতাৰী আৰু ওদালগুৰি সমষ্টিত বিটিআৰৰ উপ–মুখ্য কার্যবাহী গোবিন্দ বসুমতাৰীৰ নাম ঘোষণা কৰাৰ উপৰি দ্বিতীয় পর্যায়ত কলাইগাঁও সমষ্টিত কামাল আজাদক প্রার্থী হিচাপে প্রক্ষেপ কৰিছে৷
কোকৰাঝাৰত দলীয় প্রার্থী তালিকা ঘোষণা বিপিএফৰ
বিজেপি আউট, মহাজেজাট ইনঃ হাগ্রামা
‘এইবাৰ দিছপুৰৰ পৰা বিজেপিক আউট কৰি মহাজেজাটক ইন কৰাই আমাৰ মূল লক্ষ্য৷ যিকোনো প্রকাৰে বিজেপিক আউট কৰিবই লাগিব৷’ এই মন্তব্য বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীৰ৷ আজি কোকৰাঝাৰস্থিত বিপিএফৰ মুখ্য কার্যালয়ত আয়োজিত এখন সংবাদ মেলত বিপিএফৰ প্রার্থী তালিকা প্রকাশ কৰি হাগ্রামা মহিলাৰীয়ে এই মন্তব্য কৰে৷ সংবাদ মেলত দলীয় প্রার্থী হিচাপে গোসাঁইগাঁও বিধানসভা সমষ্টিত মাজেন্দ্র নার্জাৰী, কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টিত (জনজাতি সংৰক্ষিত) ৰবিৰাম নার্জাৰী, কোকৰাঝাৰ পূব বিধানসভা (জনজাতি সংৰক্ষিত) সমষ্টিত প্রমীলাৰাণী ব্রহ্ম, চিদলী (জনজাতি সংৰক্ষিত) চন্দন ব্রহ্ম, বিজনী সমষ্টিত কমলছিং নার্জাৰী, তামুলপুৰ সমষ্টিত ৰামদাস বসুমতাৰী, বৰমা (জনজাতি সংৰক্ষিত) সমষ্টিত প্রবীণ বডো আৰু চাপাগুৰি সমষ্টিত হিতেশ বসুমতাৰীৰ নাম ঘোষণা কৰে হাগ্রামা মহিলাৰীয়ে৷ বিজেপি হটাও অসম বচাও মূল উদ্দেশ্য লৈ এইবাৰ দিছপুৰৰ পৰা যিকোনো প্রকাৰে বিজেপিক আউট কৰি মহাজেজাটে চৰকাৰ গঠন কৰিবই বুলি দাবী কৰিছে হাগ্রামা মহিলাৰীয়ে৷ অসম জাতীয় পৰিষদেও ৪০টা সমষ্টিৰ ভিতৰত ভাল ফলাফল প্রদর্শন কৰিব বুলি মন্তব্য কৰি মহিলাৰীয়ে ঢ়েকীয়াজুলিৰ বিজেপি বিধায়ক অশোক সিংহলক মাফিয়া আখ্যা দিয়ে আৰু তেওঁৰ পৰাজয়ো নিশ্চিত বুলি দাবী কৰে৷ উল্লেখ্য যে আজি ঘোষণা কৰা বিপিএফৰ প্রার্থী তালিকাৰ পৰা বৰমা সমষ্টিৰ বর্তমানৰ বিপিএফৰ বিধায়ক মনেশ্বৰ ব্রহ্মৰ সলনি প্রবীণ বডো, চাপাগুৰিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীৰ সলনি হিতেশ বসুমতাৰীক বিপিএফে প্রার্থিত্ব দিয়াৰ লগতে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে বিপিএফ ত্যাগ কৰি বিজেপিত যোগদান কৰাত তেওঁৰ ঠাইত ৰামদাস বসুমতাৰীক প্রার্থিত্ব দিছে৷
ৰাইজৰ দলৰ তৃতীয়খন প্রার্থী তালিকা প্রকাশঃ ৫ সমষ্টিত প্রার্থিত্ব
ৰাইজৰ দলে আজি তৃতীয়খন প্রার্থী তালিকা প্রকাশ কৰিছে৷ ৫টা সমষ্টিৰ বাবে দলে এই প্রার্থী তালিকা প্রকাশ কৰিছে৷ সেই অনুসৰি দক্ষিণ শালমাৰাত নজৰুল ইছলাম, ধুবুৰীত ৰছুল হক, গৌৰীপুৰত আব্দুৰ ৰেজ্জাক হুছেইন, জালুকবাৰীত হেমন্ত কুমাৰ সূত আৰু তামুলপুৰত নগেন চন্দ্র দাসক প্রার্থিত্ব আগবঢ়াইছে৷