নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰৰ বিধায়ক আবুল কালাম আজাদৰ এআইইউডিএফৰ পৰা পদত্যাগ

নির্দলীয়কৈ প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ ভৱানীপুৰ বিধানসভা সমষ্টিৰ নির্বাচনী দৃশ্যপটৰ কিছু উত্থান–পতনে নির্বাচনী বতাহ উত্তপ্ত কৰি তুলিছে৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ অংশীদাৰ অগপই সমষ্টিটোত শিক্ষাবিদ ড০ ৰঞ্জিত ডেকাক প্রার্থিত্ব প্রদান কৰাৰ বিপৰীতে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে এ আই ইউ ডি এফৰ মনোনীত প্রার্থী ফণীধৰ তালুকদাৰক প্রক্ষেপ কৰিছে৷ এই সমষ্টিটো বিগত দুটা কার্যকাল এ আই ইউ ডি এফৰ বিধায়ক আবুল কালাম আজাদৰ দখলত থকাৰ পিছত এইবাৰ দলীয় নেতৃত্বই তেওঁক টিকটৰ পৰা বঞ্চিত কৰিছে৷ ইয়াতে ক্ষুব্ধ হৈ পৰিছে দলটোৰ তৃণমূল পর্যায়ৰ কর্মী–সমর্থকসকল্৷ দলটোৰ আঠ সহস্রাধিক কর্মী–সমর্থকে আজি সভাপতি বদৰুদ্দিন আজমল আৰু এ আই ইউ ডি এফ মুর্দাবাদ শ্লোগান দি এ আই ইউ ডি এফ ত্যাগ কৰাৰ লগতে বিধায়ক আবুল কালাম আজাদক নির্দলীয় হিচাপে নির্বাচনত অৱতীর্ণ কৰোৱাৰ সপক্ষে প্রস্তাৱ গ্রহণ কৰিছে৷ ভৱানীপুৰ সমষ্টিৰ অন্তর্গত শুকমানাহ গাঁৱৰ পল্লাপাৰ হাইস্কুল খেলপথাৰত বিধায়ক আবুল কালাম আজাদৰ সমর্থক তথা এ আই ইউ ডি এফৰ স্থানীয় কর্মীসকলে আয়োজন কৰা এখন জনসভাত বিধায়কগৰাকীৰ লগতে কর্মী–সমর্থকসকল্ ৰাজহুৱাভাৱে দলটো ত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ লগতে সভাখনত বক্তব্য প্রকাশ কৰি কেইবাগৰাকীও বক্তাই বদৰুদ্দিন আজমলক তীব্র বাক্যবাণেৰে সমালোচনা কৰে৷

অধিবক্তা তথা সমাজকর্মী চানোৱাৰ হুছেইন মণ্ডলৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিধায়ক আবুল কালাম আজাদে এ আই ইউ ডি এফৰ নেতৃত্বই ‘ডাঙৰ টোপোলা’ এটাৰ বিনিময়ত ভৱানীপুৰত ফণীধৰ তালুকদাৰক প্রার্থিত্ব প্রদান কৰিছে বুলি অভিযোগ উত্থাপন কৰে৷ আজাদে লগতে কয় যে সমাজৰ লাঞ্ছিত–বঞ্চিত–নিষ্প্ ন্যায় প্রদানৰ বাবে এ আই ইউ ডি এফ দল গঠন হোৱাৰ ছমাহৰ পিছতেই দলটোত যোগদান কৰিছিলোঁ৷ এই দলটোৰ বাবে দিনে–নিশাই ত্যাগ স্বীকাৰ কৰিছে হাজাৰ–হাজাৰ কর্মীয়ে৷ কিন্তু দলটোৰ নেতৃত্বই কর্মীৰ কথা চিন্তা নকৰি এ আই ইউ ডি এফক তুচ্ছ–তাচ্ছিল্য কৰা এগৰাকী ‘মাফিয়া’ক দলীয় টিকট প্রদান কৰি পৃথিৱীত সাতটা আচৰিত বস্তু আছে যদিও আঠ নম্বৰটো যোগ কৰিলে৷ ভৱানীপুৰ সমষ্টিত যিগৰাকী বিভিন্ন অপৰাধমূলক কার্যকলাপত অভিযুক্ত লোকক দলীয় টিকট প্রদান কৰা হৈছে, তেওঁ কোনোদিন এ আই ইউ ডি এফৰ সদস্যটো হোৱাই নাই বৰঞ্চ এ আই ইউ ডি এফ শব্দটো ভালকৈ উচ্চাৰণ কৰিব নোৱাৰে বুলি তীব্র ক্ষোভ প্রকাশ কৰে৷ তেওঁ নির্বাচনী প্রচাৰ সভাত বদৰুদ্দিন আজমলে হেলিকপ্ঢাৰ লৈ আহিলে হেলিকপ্ঢাৰ চাবলৈও যাতে ৰাইজে নাযায় সেই আহ্বান জনোৱাৰ লগতে ধনৰ বিনিময়ত টিকট পোৱা প্রার্থীয়ে নির্বাচনত জিকি গ’লেও ৰাইজৰ কাম নকৰে বুলি কয়৷ বিধায়ক আবুল কালাম আজাদে নিজৰ ভাষণত যথেষ্ট আৱেগিক হৈ পৰি তেওঁ কোনোদিন দুখীয়া দৰিদ্রৰ ধন লুণ্ঠন কৰা নাই, কোনোদিন ভেঁটী খোৱা নাই বুলি কয়৷ সভাত তেওঁ পদত্যাগ–পত্রখনো পাঠ কৰে৷ উল্লেখ্য যে বিধায়ক আবুল কালাম আজাদে নির্দলীয় প্রার্থী হিচাপে নির্বাচনী যুঁজত অৱতীর্ণ হোৱাটো স্পষ্ট হৈ পৰাৰ পিছত ভৱানীপুৰত এইবাৰ নির্বাচনী প্রেক্ষাপট কোনদিশে আগবাঢ়িছে সেয়া ভৱানীপুৰ সমষ্টিবাসীয়ে আজিৰ পৰাই এটা স্পষ্ট ছবিৰ আভাস পাইছে বুলি ৰাজনৈতিক মহলত চর্চা আৰম্ভ হৈছে৷

You might also like