নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেনাবাহিনীত নিযুক্তি কেলেংকাৰিৰ চিবিআই তদন্তঃ গুৱাহাটী–যোৰহাটত অতর্কিত অভিযান

নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ ভাৰতীয় সেনাবাহিনীত সংঘটিত এক বৃহৎ নিযুক্তি কেলেংকাৰি সন্দর্ভত দেশজুৰি চলিছে চিবিআইৰ অভিযান৷ চিবিআইৰ তদন্তকাৰী দলে কালিৰে পৰা অসমৰ গুৱাহাটী আৰু যোৰহাটতো মাৰাথন অভিযান চলায়৷ সমান্তৰালভাৱে দেশৰ ১৩খন চহৰৰ ৩০টা স্থানতো অনুসন্ধানকাৰী সংস্থাটোৱে দুর্নীতিবিৰোধী অভিযান অব্যাহত ৰাখিছে৷ অভিযানৰ সময়ছোৱাত গ্রেপ্তাৰ হৈছে ১৩জনকৈ অভিযক্ত৷ ধৃত ব্যক্তিসকলৰ ভিতৰত ৫গৰাকী লেফটেনেণ্ট কর্নেল, দুগৰাকী মেজৰ, এজন চুবেদাৰ আৰু ৬গৰাকী অন্য ব্যক্তিও আছে৷ উল্লেখ্য যে ভাৰতীয় সেনাবাহিনীৰ তদাৰকী কোষৰ অভিযোগৰ ভিত্তিত চিবিআয়ে নিযুক্তি কেলেংকাৰি সন্দর্ভত এটা গোচৰ ৰুজু কৰিছিল৷ এছএছবিৰ জৰিয়তে সেনাত হোৱা নিযুক্তিত এই বৃহৎ দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ লাভৰ পিছতে চিবিআইৰ তদন্তকাৰী দল তৎপৰ হৈ পৰে৷

অনুসন্ধানত ওলাই পৰে যে উচ্চপদস্থ সেনা বিষয়াৰ সহযোগত এটা চক্রই নিযুক্তি পৰীক্ষাত উত্তীর্ণ হ’বৰ বাবে প্রদান কৰিছিল ভুৱা ফিটনেছৰ প্রমাণ–পত্র৷ ইয়াৰ বিনিময়ত তেওঁলোকে প্রার্থীৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্রহ কৰি আহিছিল৷ সেনাৰ তদাৰকী কোষে এই খবৰ লাভ কৰাৰ পিছতে তদন্তৰ দায়িত্ব অর্পণ কৰে চিবিআইক৷ চিবিআয়ে কালিৰে পৰা অসমৰ গুৱাহাটী আৰু যোৰহাটৰ লগতে দিল্লী, লক্ষ্ণৌ, বেৰেলী, গোৰখপুৰ, বিশাখাপট্টনম, জয়পুৰ আদিকে ধৰি দেশৰ মুঠ ৩০টা স্থানত অভিযান আৰম্ভ কৰে৷ আজিপর্যন্ত চিবিআইৰ জালত পৰিছে নিযুক্তি কেলেংকাৰিত জড়িত ১৭গৰাকী সেনা বিষয়া, সেনাবাহিনীত কর্মৰত ব্যক্তি আৰু অন্য ৬গৰাকী অভিযুক্ত৷ অৱশ্যে দুর্নীতিবিৰোধী এই অভিযান এতিয়াও শেষ হোৱা নাই৷ সেনাৰ বেছ কেম্প, সেনা বিষয়াৰ বাসগৃহ, সেনাবাহিনীৰ চিকিৎসালয়ত মাৰাথন তালাচী চলিয়েই আছে৷ দেশৰ প্রতিৰক্ষাৰ লগত জড়িত সংস্থাটোৰ ভিতৰচ’ৰাত সংঘটিত এই দুর্নীতিয়ে এতিয়া সকলোকে স্তম্ভিত কৰি তুলিছে৷ চিবিআইৰ অভিযানত আৰু বহু দুর্নীতিত লিপ্ত সেনা বিষয়াৰ মুখা খোল খোৱাৰ সম্ভাৱনা আছে৷

You might also like