নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইডেনলৈ প্রত্যাহ্বান কিমৰ

 

দেশখনৰ অভ্যন্তৰত প্রকৃততে কি হৈ আছে সেয়া বিশ্ববাসীৰ বাবে অজানা বিষয়৷ কাৰণ আন্তর্জাতিক সংবাদ মাধ্যমৰ দেশখনত প্রৱেশৰ অনুমতি নাই৷ নিজৰ সংবাদ মাধ্যমে যদি কিবা বিষয় প্রকাশ কৰিছে, তেন্তে তাকেই সকলোৱে মানি ল’বলগীয়া হয়৷ কট্টৰ কমিউনিষ্ট ৰাষ্ট্র উত্তৰ কোৰিয়াৰ কথা উল্লেখ কৰিবলৈ লৈছোঁ৷ বিগত ৫ দশকতকৈ অধিক কাল ধৰি উত্তৰ কোৰিয়াক লৈ বিভিন্ন মহলত চলি আছে চর্চা৷ কোৰিয়া যুদ্ধৰ পিছৰে পৰা দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ শত্রু হিচাপে চিহ্ণিত উত্তৰ কোৰিয়াই গণবিধ্বংসী অস্ত্র নির্মাণত বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰি আহিছে৷ আনকি কিম বংশৰ শাসন চলি থকা উত্তৰ কোৰিয়াই পৰমাণু বোমা, হাইড্র’জেন বোমা, আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্র, ছাবমেৰিনৰ পৰা আক্রমণ চলাব পৰা ক্ষেপণাস্ত্র আদি নির্মাণ কৰা বুলি ঘোষণা কৰি আহিছে৷ দক্ষিণ কোৰিয়া আৰু আমেৰিকাই দেশখনত দখলদাৰী অভিযান চলোৱাৰ আশংকাতেই এনেদৰে গণবিধ্বংসী অস্ত্র নির্মাণ কৰা বুলি ঘোষণা কৰি আহিছে কট্টৰ কমিউনিষ্ট প্রশাসনে৷ মাত্র কিছুদিন পূর্বে ৰাষ্ট্রপতি কিম জং–উনে ঘোষণা কৰিছে যে উত্তৰ কোৰিয়া এতিয়া পৰমাণু শক্তি৷ অৱশ্যে কোনো দেশৰ বিৰুদ্ধে পৰমাণু অস্ত্র ব্যৱহাৰ কৰিবলৈ উত্তৰ কোৰিয়া ইচ্ছুক নহয় বুলিও কিমে ঘোষণা কৰিছে৷ কৌশলেৰে শীর্ষ নেতা কিমে উল্লেখ কৰিছে যে উত্তৰ কোৰিয়াই সদায় আত্মৰক্ষাৰ বাবে গণবিধ্বংসী অস্ত্র নির্মাণ কৰি আহিছে৷ লক্ষণীয়ভাৱে আমেৰিকাৰ পূর্বৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে উত্তৰ কোৰিয়াৰ সৈতে শান্তি স্থাপনৰ প্রচেষ্টা চলাইছিল৷ আনকি প্রথমবাৰৰ বাবে কিম আৰু ট্রাম্প ছিংগাপুৰত ঐতিহাসিক আলোচনাত মিলিতও হৈছিল৷ দুয়োগৰাকী নেতাৰ আলোচনা ইতিবাচক আছিল বুলিয়েই দেশ দুখনে ঘোষণা কৰিছিল৷ কিম জং–উনে আমেৰিকা তথা ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ কঠোৰ বাণিজ্যিক নিষেধাজ্ঞা প্রত্যাহাৰ হ’লে দেশখনৰ পৰমাণু নির্মাণ কার্যসূচী বন্ধ হ’ব বুলি প্রতিশ্রুতি দিছিল৷ ইফালে ট্রাম্পেও নিষেধাজ্ঞা প্রত্যাহাৰ কৰি উত্তৰ কোৰিয়াৰ সৈতে বন্ধুত্ব স্থাপনৰ প্রতিশ্রুতি প্রদান কৰিছিল৷

ট্রাম্পৰ সৈতে কিমৰ দ্বিতীয়লানি আলোচনা ৰহস্যজনকভাৱে ব্যর্থ হয়৷ ভিয়েটনামত এই আলোচনাত দুয়োগৰাকী শীর্ষ নেতা মিলিত হয় যদিও আধাতেই আলোচনা সামৰি গৃহভূমিলৈ ওভতে কিম৷ গৃহভূমিলৈ উভতিয়েই পুনৰ পৰমাণু অস্ত্র নির্মাণ কার্যসূচী ক্ষিপ্রতৰ কৰিবলৈ ধৰে উত্তৰ কোৰিয়াৰ ৰাষ্ট্রপতিগৰাকীয়ে৷ আনকি আমেৰিকাৰ কোনোধৰণৰ দুমুখীয়া নীতিক উত্তৰ কোৰিয়াই সহজভাৱে গ্রহণ নকৰে বুলিও স্পষ্ট কৰি দিয়ে কিমে৷ দুয়োগৰাকী নেতাৰ মাজৰ আলোচনা ব্যর্থ হোৱাৰ পিছত আমেৰিকাত ৰাষ্ট্রপতি নির্বাচনৰ প্রচাৰ তুংগত উঠে৷ ডেম’ক্রেটিক নেতা জ’ বাইডেনে আহি হোৱাইট হাউছৰ শীর্ষ পদবীত আৰোহণ কৰে৷ হোৱাইট হাউছৰ শীর্ষ পদবীত অধিষ্ঠিত হোৱাৰ পিছতে বাইডেনে উত্তৰ কোৰিয়াৰ সৈতে সম্পর্ক স্থাপনৰ প্রচেষ্টা চলায় কেইবাটাও মাধ্যমত৷ কিন্তু উত্তৰ কোৰিয়া প্রশাসনে আমেৰিকাৰ এই প্রচেষ্টাক কোনোধৰণে গুৰুত্ব প্রদান কৰা নাই৷ ইফালে, যিটো বিষয়ক লৈ উত্তৰ কোৰিয়াই দীর্ঘদিন ধৰি ক্ষোভ উজাৰি আহিছে তাত পুনৰ হাত দিয়ে বাইডেন প্রশাসনে৷ এই বিষয়টো হৈছে দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ যৌথ সামৰিক অনুশীলন৷ ট্রাম্পৰ দিনত এই সামৰিক অনুশীলন এবছৰৰ বাবে বন্ধ কৰা হৈছিল যদিও বাইডেন প্রশাসনে পুনৰ কোৰিয়া উপদ্বীপত অনুশীলন আৰম্ভ কৰিছে৷ লগে লগে কিম জং–উনৰ ভগ্ণী কিম য়ো–জঙে আমেৰিকালৈ ভাবুকি প্রদান কৰি কৈছে যে উত্তৰ কোৰিয়াৰ বিৰুদ্ধে হোৱাইট হাউছে কঠোৰ ব্যৱস্থা গ্রহণ কৰিলে নিদ্রাহৰণ হ’ব জ’ বাইডেন প্রশাসনৰ৷ অর্থাৎ পুনৰ দুয়োখন দেশৰ মাজত এক ভয়াৱহ পৰিস্থিতি সৃষ্টি হোৱাৰ ইংগিত দিছে উত্তৰ কোৰিয়াই৷ ইয়াৰ ওপৰতে নির্ভৰ কৰিছে কোৰিয়া উপদ্বীপৰ ভৱিষ্যত৷

You might also like