বায়ু প্রদূষণঃ দিল্লী বনাম বেইজিং
বায়ু প্রদূষণ বর্তমান সময়ৰ এক ভয়ংকৰ বিপদ৷ বায়ু প্রদূষণৰ ফলত সমগ্র পৃথিৱীত নেতিবাচক প্রভাৱ পৰিছে৷ ইয়াৰ প্রভাৱ জনসাধাৰণ, জীৱ–জন্তু, উদ্ভিদ আৰু অন্যান্য বয়–বস্তুৰ বাবেও ক্ষতিকাৰক ৰূপে চিহ্ণিত হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্রতিবেদন অনুসৰি বিশ্বৰ প্রতি ১০জন লোকৰ ৯জনেই বিষাক্ত বায়ু সেৱন কৰি আছে৷ সংস্থাটোৰ তথ্য অনুসৰি বায়ু প্রদূষণৰ ফলত প্রতিবছৰে বিশ্বত ৭ নিযুত লোকে অকালতে মৃত্যুবৰণ কৰে৷ সংস্থাটোৰ প্রতিবেদনত উল্লিখিত আন এক উদ্বেগজনক তথ্য হ’ল বায়ু প্রদূষণৰ ফলত প্রতিবছৰে বিশ্বত প্রায় ৬ লাখ শিশু–কিশোৰৰ প্রাণহানি হয়৷ আন এক তথ্য অনুসৰি ভাৰতবর্ষত হাঁওফাওঁৰ কর্কট ৰোগ বৃদ্ধি হোৱাৰ কাৰণ হ’ল বায়ু প্রদূষণ৷ হেল্থ এফেক্টছ ইনষ্টিটিউটে সদৰী কৰা এক তথ্য অনুসৰি ২০১৭ চনত ভাৰতবর্ষত বায়ু প্রদূষণৰ ফলত ১.২ নিযুত লোকৰ অপমৃত্যু ঘটিছে৷ আনহাতে ‘বাৰঝ্লে আর্থ’ নামৰ এটা সংস্থাই ২০১৫ চনত প্রকাশ কৰা তথ্য অনুসৰি বায়ু প্রদূষণৰ ফলত চীন দেশত প্রতিবছৰে ১.৬ নিযুত জনসাধাৰণে প্রাণ হেৰুৱায়৷ আন এক তথ্য অনুসৰি সমগ্র বিশ্বত বায়ু প্রদূষণৰ ফলত মৃত্যু হোৱা আধাতকৈ ভালেসংখ্যক জনসাধাৰণ ভাৰত আৰু চীনৰ৷ ২০০৭ চনত প্রকাশ পোৱা ষ্টেট অৱ গ্ল’বেল এয়াৰ ৰিপ’টৰ তথ্য অনুসৰি বায়ু প্রদূষণৰ বাবে সময়তকৈ আগতে মৃত্যুবৰণ কৰা লোকৰ সংখ্যা সমগ্র পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি চীন দেশত আৰু চীন দেশৰ পিছে পিছে আছে আমাৰ দেশ ভাৰতবর্ষ৷ এই সমীক্ষাৰ পৰা বুজি পোৱা গ’ল যে পৃথিৱীৰ আটাইতকৈ বেছি বায়ু প্রদূষিত দেশ দুখনেই হ’ল চীন আৰু ভাৰত৷ বায়ু প্রদূষণ নিয়ন্ত্রণৰ দিশত দুয়ো দেশে বিভিন্ন কার্যসূচী গ্রহণ কৰিছে যদিও সফল হ’ব পৰা নাই৷ যদিও চীন প্রশাসনে ৰাজধানী বেইজিঙত বহুতো উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰিছে আৰু বহু পৰিমাণে সফলো হৈছে বুলি ক’ব পাৰি৷ কিন্তু আমাৰ দেশৰ ৰাজধানী দিল্লীত আজিও বায়ু প্রদূষণ ৰোধৰ উল্লেখযোগ্য ব্যৱস্থা চৰকাৰে গ্রহণ কৰিব পৰা নাই৷
চীন চৰকাৰে ১৯৮৩ চনৰ পৰা বায়ু প্রদূষণ ৰোধ কৰিব পৰা নীতি–নিয়মসমূহ পর্যবেক্ষণ কৰি দেখিছিল যে ২০০৫ চনলৈ প্রদূষণ নিয়ন্ত্রণৰ বাবে যিসমূহ ব্যৱস্থা গ্রহণ কৰা হৈছিল সেইসমূহৰ দ্বাৰা বায়ু প্রদূষণ হ্রাসকৰণত বিশেষ সফলতা লাভ কৰিব পৰা নাছিল৷ ২০০৬–২০১২ৰ সময়ছোৱাৰ বায়ু প্রদূষণ ৰোধৰ বাবে নতুন যন্ত্রপাতি ব্যৱহাৰ কৰা হৈছিল আৰু ৰাষ্ট্রীয় লক্ষ্যSO২ নির্গমন হ্রাস ১০ শতাংশ পোৱা গৈছিল৷ যদিওPM ২.৫ কণা আৰুO৩ (অজন)ৰ পৰিমাণ বহুত বাঢ়ি যোৱা প্রমাণ হৈছিল আৰু পৰিস্থিতি বেয়াৰ ফালে গতি কৰিছিল৷ সেয়েহে চীন চৰকাৰে ২০১৩ চনৰ পৰা বায়ু প্রদূষণ নিয়ন্ত্রণৰ নীতি–নিয়মসমূহৰ ব্যাপক সালসলনি কৰে৷ এই নিয়মসমূহৰ সফল প্রয়োগৰ ফলত ২০১২–২০১৭ বর্ষৰ ভিতৰত চীনে ৩০ শতাংশ বায়ু প্রদূষণ কম কৰে৷ ইয়াৰ মূলতে হ’ল চীনৰ ‘নেচনেল ক্লীন এয়াৰ প্রগ্রেম’ আৰু ‘ৰিজি’নেল ক্লীন এয়াৰ প্রগ্রেম’৷ এই কার্যসূচী বিশেষকৈ বেইজিং চহৰত কঠোৰভাৱে বলৱৎ কৰা হৈছিল৷ এই কার্যসূচীৰ জৰিয়তে চীনে নির্দিষ্ট সময়ত নির্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ কর্মসূচী ৰূপায়ণ কৰে৷ সেই অনুসৰি নির্দিষ্ট সময়ত চীন চৰকাৰে কয়লা উদ্যোগৰ পৰা হোৱা বায়ু প্রদূষণ ৩০ শতাংশ হ্রাস কৰিবলৈ সমর্থ হয়৷ কিন্তু আমাৰ দেশত তেনেকুৱা ব্যৱস্থা গ্রহণ কৰা হোৱা নাই৷ বিগত দুটা দশকৰ পৰা আমাৰ দেশত বায়ু প্রদূষণে মাৰাত্মক ৰূপ লয়৷ কিন্তু আমাৰ দেশে বায়ু প্রদূষণক সহজভাৱে গ্রহণ কৰিলে আৰু নিয়ন্ত্রণৰ ব্যৱস্থা যি ধৰণে ল’ব লাগিছিল তেনেধৰণে লোৱা নহ’ল৷ ইয়াৰ মাজত এপাচি শাকত এটা জলকীয়া সদৃশ হিচাপে ৰাজধানী চহৰ দিল্লীত যোৱা ১০ বছৰত বায়ু প্রদূষণ নিয়ন্ত্রণৰ বাবে কিছু ব্যৱস্থা লোৱা হৈছিল৷ কিন্তু ব্যৱস্থাসমূহৰ কোনো নির্দিষ্ট লক্ষ্য নোহোৱাৰ বাবে সফল হোৱা দেখা নগ’ল৷ ২০১৫ চনত চৰকাৰে পাৱাৰ প্লাণ্টৰ নির্গমন সীমা নিৰূপন কৰাৰ কথা ভাবি নির্দিষ্ট নির্গমন সীমা দি নীতি নির্ধাৰণ কৰে আৰু ২ বছৰ সময়সীমা নির্ধাৰণ কৰি দিয়ে৷ ২০১৭ চনলৈকে ইয়াৰ পৰা সুফল পোৱা নগ’ল৷ তাৰ পাছত চৰকাৰে ৫ বছৰ সময়সীমা বঢ়াই দিয়ে৷ ২০১৮ চনৰ ১৮ এপ্রিলত প্রথমবাৰৰ বাবে চৰকাৰে বায়ু প্রদূষণক এক সমস্যা হিচাপে বিবেচনা কৰে আৰু পৰিৱেশ মন্ত্রালয়ে নেচনেল ক্লীন এয়াৰ আঁচনিৰ ড্রাফট তৈয়াৰ কৰে আৰু কার্যসূচী গ্রহণ কৰে৷
পৃথিৱীৰ দুই শক্তিশালী দেশৰ ৰাজধানী চহৰ দুখনৰ বায়ু প্রদূষণ নিয়ন্ত্রণৰ ব্যৱস্থাসমূহ তুলনা কৰিলে দেখা যায় যে চীন প্রশাসনে বেইজিং চহৰত চৰকাৰীভাৱে বহুতো পদক্ষেপ লৈছে আৰু জনসাধাৰণৰ সহযোগিতাত সফলো হৈছে৷ কিন্তু দিল্লীত ব্যৱস্থাসমূহ লোৱা হৈছে যদিও সফলতা লাভ কৰিব পৰা নাই৷
‘বাৰক্লে আর্থ’ নামৰ সংস্থাটোৱে ২০১৯ চনত প্রকাশ কৰা এক সমীক্ষা অনুসৰি যোৱা তিনি বছৰতPM ২.৫ কণাৰ গড পৰিমাণ বেইজিং চহৰতকৈ দিল্লীত বহুত বেছি৷ সমীক্ষাটোত দিল্লী চহৰৰ বায়ু প্রদূষণ বেইজিং চহৰৰ প্রায় দুগুণ বুলি কোৱা হৈছে৷ ২০১৬ চনৰ মার্চ মাহৰ পৰা ২০১৯ চনৰ জানুৱাৰীলৈ বেইজিঙৰ গডPM ২.৫ ৰ সীমা ৫০.৩৯mg/m৩ আৰু সেই একে সময়ছোৱাত দিল্লীৰ বাসিন্দাইPM ২.৫ ৰ সীমা ১১১.২২mg/m৩ ৰ সৈতে প্রদূষিত বায়ু সেৱন কৰি আছে৷ সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাই বাহিৰৰ বায়ু প্রদূষণক কর্কট ৰোগৰ কাৰক বুলি অভিহিত কৰিছে৷
আমাৰ দেশত চাইকেল চলোৱাটো দৰিদ্রতাৰ চিন বুলি ভবা হয়৷ মটৰচাইকেল থকা মানুহে চাইকেলখন লৈ ওলাই গ’লে বিভিন্ন ধৰণৰ প্রশ্ণৰ সন্মুখীন হ’বলগীয়া হয়৷ কিন্তু চীন দেশত চাইকেল চলোৱাটো স্বাস্থ্যৰ পক্ষে ভাল বুলি বিবেচনা কৰা হয়৷ তদুপৰি ই বায়ু প্রদূষণ নকৰে আৰু অর্থব্যৱস্থাৰ দিশেৰেও সুফলদায়ক বুলি বিবেচিত হৈছে৷ সেয়েহে বেইজিং চহৰত ড্রেফিক জামৰ পৰা হাত সৰাৰ উপায় হিচাপে প্রশাসনে ভাৰাযুক্ত চাইকেল, বাইক আৰু গাডীৰ ব্যৱস্থা কৰিছে৷ এই পদ্ধতিৰ সফল প্রয়োগৰ ফলত বেইজিং চহৰৰ ড্রেফিক জাম প্রায় আধা হৈছে আৰু লগে লগে বায়ু প্রদূষণো কমিছে৷ তদুপৰি বেইজিঙৰ জনসাধাৰণ এই ব্যৱস্থাটোত অভ্যস্ত হৈ পৰিছে৷ এই ব্যৱস্থাৰ বাবে চীন প্রশাসনে কিছুমান কোম্পানীক দায়িত্ব দিছে৷ কোম্পানীবোৰে নির্দিষ্ট ঠাইত চাইকেল, গাডীৰ বাবে আস্থান গঢ়ি তুলিছে আৰু চাইকেল, গাডী আস্থানত মজুত ৰাখে৷ তেনে আস্থানত ইলেক্ট্রিক গাডীও উপলব্ধ আৰু গাডীবোৰ চার্জ কৰাৰ সুবিধাও আছে৷ আস্থানৰ পৰা এই গাডী বা চাইকেল ম’বাইলত থকা চেয়াৰিং এপৰ জৰিয়তে লৈ গাডীখনৰ বাবে নির্দিষ্ট কৰি থোৱা কোড নম্বৰ ব্যৱহাৰ কৰি চলাব পাৰি৷ গন্তব্যস্থান পোৱাৰ পিছত নির্দিষ্ট আস্থানত গাডী বা চাইকেলখন থৈ দিব লাগে আৰু তলা মাৰিব লাগে৷
বেইজিং প্রশাসনে ২০১৪ চনত বায়ু প্রদূষণ কৰা উদ্যোগসমূহ বন্ধ কৰি দিয়ে আৰু কিছুমান উদ্যোগ বেইজিঙৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰা হয়৷ তদুপৰি বেইজিং প্রশাসনে কয়লাৰ ব্যৱহাৰ বেইজিং আৰু দদাতি কাষৰীয়া অঞ্চলত হ্রাস কৰে৷ ইন্ধনৰ পৰা নির্গত ধোঁৱাৰ মান উন্নত কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্রহণ কৰে৷ ইয়াৰ উপৰি প্রশাসনে চহৰখনৰ বায়ু প্রদূষণ হ্রাস কৰিবলৈ ২০১৭ চনত সাত মিটাৰ ওখ বায়ু বিশুদ্ধকৰণ স্তম্ভ স্থাপিত কৰে৷ এই স্তম্ভটোৱে ৩০,০০০ ঘনমিটাৰ/ঘণ্টা হাৰত বায়ু বিশুদ্ধ কৰিব পাৰে৷ তদুপৰি বেইজিং চহৰত বায়ু প্রদূষণৰ মাত্রা নির্ধাৰিত সীমাতকৈ বেছি হ’লে ‘ৰেড এলার্ট’ ঘোষণা কৰা হয়৷ সেই সময়ছোৱাত গাডীবোৰৰ যুগ্ম আৰু অযুগ্ম নম্বৰ বিবেচনা কৰি, এদিন যুগ্ম নম্বৰৰ গাডী আৰু পিছদিনা অযুগ্ম নম্বৰৰ গাডী চলাবলৈ নির্দেশ দিয়া হয়, প্রদূষণ বৃদ্ধি কৰা কাৰখানাসমূহ বন্ধ কৰি দিয়া হয়, নির্মাণকার্য বন্ধ ৰখা হয়, স্কুল–কলেজ আদি বন্ধ ৰখা হয়৷ সেই সময়ছোৱাৰ ভিতৰত নিয়ম নমনা উদ্যোগক অত্যধিক হাৰত জৰিমনা বিহা হয়৷ এনেধৰণৰ ব্যৱস্থা গ্রহণ কৰা সত্ত্বেও বর্তমানলৈ চীন দেশত বায়ু প্রদূষণ হ্রাস হোৱা নাই৷ এতিয়াও বেইজিং চহৰত বায়ুৰPM ২.৫ কণাৰ মাত্রা বিশ্ব স্বাস্থ্য সংস্থাই নিৰূপন কৰা মাত্রাPM ২.৫= ১০mg/m৩ তকৈ চাৰিগুণ বেছি আৰু দেশখনৰ ৰাষ্ট্রীয় মানPM ২.৫= ৩৫mg/m৩ তকৈ বেছি৷ ২০১৯ বর্ষৰ জানুৱাৰী মাহৰ পৰা আগষ্টলৈ গডPM ২.৫= ৪২.৬mg/m৩ পোৱা গৈছে যিটো যোৱা বছৰতকৈ প্রায় ২০ শতাংশ কম৷ এই মানটো ২০০৯ চনৰ তুলনাত আধা৷ অর্থাৎ বেইজিং প্রশাসনে বিগত দশকটোত বায়ু প্রদূষণ যথেষ্ট হ্রাস কৰিছে বুলি ক’ব পাৰি৷
এই দিশত আমাৰ দেশৰ ৰাজধানী দিল্লী মহানগৰৰ ছবিখন ওলোটা৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰিPM ২.৫ৰ গডমাত্রা
২০১২ চনত প্রায় ১৮০mg/m৩
২০১৩ চনত প্রায় ১৫৩mg/m৩
২০১৪ চনত প্রায় ১৬৫mg/m৩
২০১৮ চনত প্রায় ১১৫mg/m৩
দিল্লী মহানগৰত ২০১৯বর্ষৰ নৱেম্বৰতPM ২.৫ৰ মাত্রা ১৫০০mg/m৩ পর্যন্ত পোৱা গৈছে৷ আমাৰ দেশ তথা দিল্লীত বায়ু প্রদূষণ ৰোধ কৰিবৰ বাবে দীর্ঘম্যাদী আঁচনিৰ অভাৱৰ বাবে বায়ু প্রদূষণে বিপদসংকুল পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ দিল্লী চৰকাৰে দিল্লীত বায়ু প্রদূষণ ৰোধ কৰিবৰ বাবে সময়ে সময়ে কার্যসূচী গ্রহণ কৰে যদিও উল্লেখযোগ্য সফলতা লভিবলৈ সক্ষম হোৱা নাই৷ সেয়েহে দিল্লী মহানগৰটো চীনৰ দৰে বায়ু বিশুদ্ধকৰণ স্তম্ভ নির্মাণ কৰাৰ যো–জা চলিছে৷
- নয়নজ্যোতি ডেকা
বিভাগীয় প্রধান, পৰিৱেশ আৰু প্রাকৃতিক সম্পদ বিভাগ,
চি আৰ এছ ডি টি
ফোন ঃ ৯১০১৩ –৮২০৯৩