নিয়মীয়া বাৰ্তা ২৩ মাৰ্চঃ সোমবাৰে নগাঁও জিলাৰ কলিয়াবৰ আৰু বটদ্রৱাত অগপ–বিজেপি মিত্রজোঁটৰ প্রার্থী কেশৱ মহন্ত আৰু আঙুৰলতা ডেকাৰ হৈ ব্যাপক নির্বাচনী প্রচাৰ চলায় ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ স্বাস্থ্য, বিত্ত, শিক্ষা আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি পুৱা তেওঁ হেলেকপ্ঢাৰযোগে কলিয়াবৰলৈ আহে আৰু কলিয়াবৰৰ হাটবৰৰ টি আও ষ্টেডিয়ামৰ পৰ বৰভগীয়া হৈ কলিয়াবৰ মহাবিদ্যালয়ৰ খেলপথাৰলৈ উলিওৱা সমষ্টিটোৰ অগপ–বিজেপি মিত্রজোঁটৰ প্রার্থী কেশৱ মহন্তৰ এক বিশাল ৰোড শ্ব’ত অংশগ্রহণ কৰে৷ পাছত তেওঁ তাত অনুষ্ঠিত এখন জনাকীর্ণ নির্বাচনী সভাত অংশগ্রহণ কৰে৷ নির্বাচনী প্রচাৰ সভাত ভাষণ দি ড০ শর্মাই কয়– ‘আজিৰ বিশাল জনসমাৱেশে এইটোকে সাব্যস্ত কৰিছে যে কলিয়াবৰত আৰু কোনো ইলেকচন নাই, কেশৱ মহন্ত যে বিপুল ভোটত জয়ী হ’ব, তাত কোনো সন্দেহ নাই৷ প্রথমবাৰলৈ মন্ত্রী হোৱাৰ সুযোগ পোৱাৰ পাছত কেশৱ মহন্তই কলিয়াবলৈ বিকাশৰ গংগা নমাই আনিলে৷’ কেশৱ মহন্তক ভূয়সী প্রশংসা কৰি ড০ শর্মাই আৰু কয়– ‘কেশৱ মহন্তই অগপ দলৰ কার্যকৰী সভাপতি হিচাপে অগপ আৰু বিজেপিৰ মিত্রতা আৰু সমন্বয়তো গুৰুত্বপূর্ণ দায়িত্ব পালন কৰিছিল৷’
কংগ্রেছ দলক তীব্র সমালোচনা কৰি ড০ শর্মাই কয়– ‘এটা সময়ত কংগ্রছ দলে শাসন কৰিছিল অসমত৷ কংগ্রেছ দলৰ আঁচনি আছিল ধুতী–সূতা আৰু কম্বল৷ আমি কৈছিলোঁ আমাক ধুতী–সূতা–কম্বল নালাগে৷ আমি অসমলৈ প্রকৃত উন্নয়ন নমাই আনিব খোজেজা৷ অসমলৈ উন্নয়নৰ এক নতুন দিগন্ত নমাই আনিব খোজোঁ৷ যোৱা পাঁচটা বছৰত আমি অসমখনক নতুন দিগন্তৰ ফালে লৈ যাব পাৰিছোঁ৷’ কংগ্রেছ আৰু এ আই ইউ ডি এফ দলৰ মিত্রতাৰ প্রসংগত তেওঁ কয়– ‘আজি কংগ্রেছ দলে এ আই ইউ ডি এফ দলৰ সৈতে মিত্রতা কৰিছে৷ তাত আমাৰ ক’বলগীয়া একো নাই৷ আমাৰ কোনো আপত্তি কৰিবলগীয়া নাই৷ কিন্তু আজি অসমৰ থলুৱা মুছলমান সমাজৰ লগত আমি থিয় হৈ আহিছেছা৷ অৰুণোদয় আঁচনিৰ জৰিয়তে যদি আটাইতকৈ বেছি উপকৃত হৈছে অসমৰ মুছলমানসকল উপকৃত হৈছে৷ বিনামূলীয়া নামভর্তিৰে যদি আটাইতকৈ উপকৃত হৈছে অসমৰ মুছলমানসকল৷ আমি সাম্প্রদায়িক নহয়৷ কিন্তু এটা কথা স্পষ্ট– বদৰুদ্দিন ডাঙৰীয়াই যেতিয়া কয় অসমত মহিলাই যিমান পাৰে সিমান বাচ্চা জন্ম দিব লাগে, তেতিয়া এষাৰ কথা সুধিবলৈ মোৰ মন যায়, আজমল চাহাব, অসমৰ মহিলাসকল সন্তান বনোৱা মেচিন নেকি? আজি বিজেপিয়ে কৈছে আমাৰ মহিলা ডাক্তৰ হ’ব, ইঞ্জিনীয়াৰ হ’ব৷ আজমল চাহাবে কৈছে আমাৰ মহিলা সন্তান জন্ম দিয়া মেচিন হ’ব৷ আমি ছোৱালীসকলক বাচ্চা জন্ম দিয়া মেচিন নকৰোঁ, আমি ডাক্তৰ কৰিম, ইঞ্জিনীয়াৰ কৰিম, উচ্চ শিক্ষাৰে শিক্ষিত কৰিম৷ সেই কাৰণে আমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছাত্রীসকলক স্কুটী দিছেছা৷ অহাবাৰ ডিগ্রী আৰু পি জি পঢ়ি থকা ছাত্রীসকলকো স্কুটী দিম৷ ল’ৰাসকলকো মটৰচাইকেল দিয়া হ’ব৷’
কংগ্রছ নেত্রী প্রিয়ংকা গান্ধীক সমালোচনা কৰি ড০ শর্মাই কয় যে চাহ বাগিচাত শ্রমিক মহিলাসকলৰ লগত ফটো উঠাতকৈ ৰ’দত থাকি পাত তুলিব লাগিছিল, তেতিয়াহে অনুভৱ কৰিলেহেঁতেন তেওঁলোকৰ কষ্ট কিমান৷ কলিয়াবৰৰ বান ক্ষতিগ্রস্তসকলৰ প্রতিজনকেই উচিত ক্ষতিপূৰণ আদায় দিয়াৰ প্রতিশ্রুতি দি ড০ শর্মাই কয়– ‘কলিয়াবৰৰ বান ক্ষতিগ্রস্তসকলৰ ক্ষতিপূৰণত আগতে কিবা এটা খেলিমেলি হৈছিল৷ ৯ কোটি টকা দিছিলোঁ৷ ৯ কোটি টকাৰে সকলোকে ক্ষতিপূৰণ আদায় দিয়া সম্ভৱ নহয়৷ সেই ধন বঢ়াই ১৯ কোটিলৈকে দিয়া হৈছে৷ প্রত্যেকজন বান ক্ষতিগ্রস্তই ক্ষতিপূৰণ পাব৷’ কলিয়াবৰ সমষ্টিৰ অগপ দলৰ প্রার্থী কেশৱ মহন্তক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজলৈ আহ্বান জনাই তেওঁ কয়– ‘কলিয়াবৰলৈ বিকাশৰ গংগা নমাই আনিম৷’ সভাত সমষ্টিটোৰ অগপ–বিজেপি মিত্রজোঁটৰ প্রার্থী কেশৱ মহন্ত, অগপ নেতা মণিমাধৱ মহন্তও উপস্থিত থাকে৷
ইপিনে, আজি বটদ্রৱা সমষ্টিৰ বিজেপি প্রার্থী আঙুৰলতা ডেকাৰ হৈ জাজৰি বেলতলত এখন নির্বাচনী সভাত অংশগ্রহণ কৰি ড০ শর্মাই কয়– নির্বাচন আহিলেহে গান্ধী পৰিয়ালৰ দুখীয়া মানুহলৈ মনত পৰে৷ তেতিয়া তেওঁলোকে দৰিদ্র মানুহক চাবলৈ পর্যটন কৰে৷ বেলেগে বটদ্রৱা থান, পোৱামক্কা, আজানপীৰ দৰগাহলৈ যায়৷ তেওঁলোকে নির্বাচন আহিলে চাহ বাগান পায়হি৷ ড০ শর্মাই গান্ধী পৰিয়ালক প্রত্যাহ্বান জনাই কয়– তেওঁলোকে এজন দৰিদ্র লোকক মাতি তেওঁলোকৰ ভাতৰ টেবুলত একেলগে এসাঁজ খুৱাওক৷ বটদ্রৱাৰ ১৮০ কোটি টকাৰ প্রকল্প সস্পূণ হ’লেই শ্রীশ্রীবটদ্রৱা থান অসমৰ ভিতৰতে পর্যটনৰ অন্যতম আকর্ষণীয় পর্যটন ক্ষেত্র হৈ পৰিব বুলি মন্তব্য কৰি তেওঁ বটদ্রৱাৰ কংগ্রেছ প্রার্থী শিৱামণি বৰাকো সমালোচনা কৰে৷ এখন নির্বাচনী সভাত কংগ্রেছ প্রার্থী শিৱামণি বৰাই তেওঁ বিডি’ হৈ থকা সময়ত কোনো নথি পৰীক্ষা নকৰাকৈ ভোটাৰ তালিকাত সমষ্টিটোৰ একাংশৰ নাম অন্তর্ভুক্ত কৰা বুলি কৰা মন্তব্য বৰ বেয়া কথা বুলি তেওঁ মন্তব্য কৰি কয়– আপোনালোকে কংগ্রেছ প্রার্থীগৰাকীক ভোট নিদিব৷ তেওঁ নিজকে এতিয়াও অফিচাৰ অফিচাৰ বুলি ভাবে৷ বটদ্রৱাত কাম কৰিবলৈ মাটিৰ গোন্ধ থাকিব লাগিব৷ আজি ড০ শর্মাই তেওঁ বটদ্রৱাৰ মানুহক শিৱামণি বৰাই অপমান কৰা বুলিও মন্তব্য কৰে৷ ইফালে, জাজৰিৰ বগৰীগুৰিৰ পৰা পঞ্চাশ সহস্রাধিক লোকক লৈ আৰম্ভ কৰা ৰোড শ্ব’ৰ মাজতে কংগ্রেছ প্রার্থী শিৱামণিৰ ঘৰৰ সন্মুখত ড০ হিমন্ত বিশ্ব শর্মাক বিপুল আদৰণি জনোৱা দেখা গ’ল৷ আজিৰ নির্বাচনী সভাতে কংগ্রেছ দলৰ জ্যেষ্ঠ নেতা তথা বটদ্রৱা সমষ্টিৰ পৰা চাৰিবাৰকৈ অসম বিধানসভালৈ নির্বাচিত হৈ কেবিনেট মন্ত্রিত্ব লাভ কৰা গৌতম বৰাই দুই সহস্রাধিক সমর্থকৰ সৈতে আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়ে৷ আজিৰ নির্বাচনী সভাতে আঙুৰলতাই ৰাইজৰ পৰা আশীর্বাদ বিচাৰিলে৷ আজি হিমন্তময় হৈ পৰে বটদ্রৱা সমষ্টিৰ আকাশ–বতাহ৷ সভাত বিজেপিৰ জ্যেষ্ঠ নেতা পালিত কুমাৰ বৰা, ব্রজেন কাকতি, ৰাণা বৰা, দুলুমণি কলিতা, সীমাৰেখা ভৰালী, অভিনেতা নয়ন নির্বান বৰুৱা, ৰাতুল নায়ক, অগপ নেতা জগত শইকীয়া, অভিনেতা আকাশদীপ ডেকা প্রমুখ্যে কেইবাগৰাকী বক্তাই বিজেপি প্রার্থী আঙুৰলতাৰ সমর্থনত ভাষণ আগবঢ়ায়৷
তৰংগ গগৈক জিকাই পঠিয়াওকঃনাহৰকটীয়াৰ উন্নয়নৰ দায়িত্ব মোৰঃ মন্ত্রী হিমন্ত
নাহৰকটীয়াৰ বিজেপি প্রার্থী তৰংগ গগৈ মোৰ ভাতৃসম৷ তৰংগ গগৈক জিকাই পঠিয়াওক, নাহৰকটীয়াৰ উন্নয়নৰ দায়িত্ব মোৰ৷ –এনেকৈয়ে আজি ১২০নং নাহৰকটীয়া সমষ্টিত দলীয় প্রার্থীৰ হৈ প্রচাৰ চলালে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ‘কংগ্রেছ নির্লজ্জ বাবে বদৰুদ্দিন আজমলৰ শৰণাপন্ন হৈছে৷ আজমলে তেওঁলোকৰ চৰকাৰ হ’লে মহিলাসকলে যিমান পাৰে সন্তান জন্ম দিয়ে দিবলৈ কৈছিল৷’ এইক্ষেত্রত মন্ত্রী ড০ শর্মাই বদৰুদ্দিন আজমলক প্রত্যাহ্বান জনাই কনকলতা, মূলগাভৰুৰ তেজ থকা অসমীয়া মহিলাক কেতিয়াও বদৰুদ্দিন আজমলে সন্তান জন্ম দিব পৰা মেচিন কৰিব নোৱাৰে বুলি মন্তব্য কৰে৷ বদৰুদ্দিন আজমল প্রসংগত মন্ত্রীজনে অসমীয়াক মাদ্রাছা লাগে নে চিকিৎসালয় লাগে, সেয়া থিৰাং কৰিবলৈ ৰাইজক আহ্বান জনাই কয় যে ৰকিবুলে হাতীৰ পিঠিত উঠাৰ বাবে ৰিপুন বৰাই বদৰুদ্দিনৰ পিঠিত উঠিল৷
২০২২ চনৰ ভিতৰত তেওঁ ১ লাখ নিবনুৱাক চাকৰি দিব বুলি ঘোষণা কৰি ইয়াৰ বাবে প্রার্থীসকলে কাকো এটকাও দিব নালাগে বুলি মন্তব্য কৰে৷ নাহৰকটীয়াৰ প্রতিটো দৰিদ্র আৰু মধ্যবিত্ত পৰিয়ালক অৰুণোদয় আঁচনিৰ ধন দিয়া হ’ব বুলি জানিবলৈ দি এই ধন ৮৩০ টকাৰ পৰা ৩,০০০ টকা কৰা হ’ব বুলিও তেওঁ ভাষণ প্রসংগত উল্লেখ কৰে৷ মাইক্র’ফাইনেঞ্চৰ ঋণ ঘূৰাই দিয়াৰ দায়িত্ব চৰকাৰে লোৱা কথাৰ উল্লেখ কৰি নেতাগৰাকীয়ে জয়পুৰ তিপামক লৈ লোৱা আঁচনিৰ ফলত নাহৰকটীয়াৰ পর্যটন ক্ষেত্র ভাৰতৰ ভিতৰতে জাকত জিলিকা হ’ব বুলিও প্রতিশ্রুতি দিয়ে৷ আনহাতে, সমষ্টিটোৰ আন এক সমস্যা নামৰূপ সাৰ কাৰখানাৰ চতুর্থ গোট নির্মাণ এবছৰৰ ভিতৰতে তৰংগ গগৈ আৰু সাংসদ ৰামেশ্বৰ তেলীৰ সহযোগত আৰম্ভ হ’ব বুলিও উল্লেখ কৰে৷ আনহাতে, শেহতীয়াকৈ বর্ধিত ২১৮ টকা হাজিৰা ২ মে’ৰ ভিতৰত চাহ শ্রমিকক মালিক পক্ষই নিদিলে তেওঁলোকে ৩৫০ টকাকৈ হাজিৰা দিবলৈ সাজু থাকিবলৈ হুমকি দিয়ে ড০ শর্মাই৷ কংগ্রেছক পুৰণা নোট আখ্যা দি কংগ্রেছী বুলি ক’লে দোকানত ১০ টকাও বাকী নিদিয়ে বুলি কটাক্ষ কৰি লুৰিণজ্যোতি গগৈক পাম নথকা ফুটবল বুলি আখ্যা দিয়ে৷ ড০ শর্মাই তেওঁক নির্বাচনৰ পাছত লগ কৰি বিজেপিলৈ আমন্ত্রণ জনাব আৰু ২০২৬ চনত বিধায়ক কৰাৰ দায়িত্ব ল’ব বুলি প্রকাশ কৰে৷ মন কৰিবলগীয়া যে তৰংগ গগৈক নিজৰ ভায়েক বুলি চিনাকি দি তেওঁক ভোট দিলে সমষ্টিটোৰ সর্বাংগীণ উন্নতি হ’ব বুলি মন্তব্য কৰি তেওঁক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ আহ্বান জনায় আৰু তৰংগ বিজয়ী হোৱাৰ পাছত প্রতি দুমাহৰ মূৰে মূৰে নাহৰকটীয়ালৈ আহি নাহৰকটীয়াৰ উন্নয়নৰ খতিয়ান ল’ব আৰু সমষ্টিটোৰ উন্নয়নৰ দায়িত্ব নিজে গ্রহণ কৰিব বুলিও প্রতিশ্রুতি দিয়ে৷ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তর্গত আছাবাম চাহ বাগিচাৰ বিশাল নির্বাচনী সভাখনত কেন্দ্রীয় খাদ্য সংসাধন ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী বিজেপিৰ ৰাজ্যিক কার্যানির্বাহক প্রদীপ বুঢ়াগোহঁাই, ৰঞ্জিত বৰুৱা, ডিব্রুগড জিলাৰ সভাপতি জগদীশ ৰাজকোঁৱৰ, বিজেপি নেতা অনুপ সিং ৰাজপুৰোহিত, জিলা পৰিষদৰ সভানেত্রী ডেইছি শ্যাম আদিও উপস্থিত থাকে৷
মৰিয়নিত ৰূপজ্যোতি কুর্মীক প্রত্যাহ্বান জনাই পুনৰ হিমন্ত বিশ্বৰ সভা
কংগ্রেছৰ দুর্গখ্যাত মৰিয়নি বিধানসভা সমষ্টিত আজি পুনৰ নির্বাচনী প্রচাৰ চলালেহি বিজেপি নেতা, ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ শিক্ষা, বিত্ত, লোকনির্মাণ, স্বাস্থ্য আদি দপ্তৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মৰিয়নিত ড০ শর্মাই মানুহ গোটাই সভা পাতি দেখাওক বুলি কৰা প্রত্যাহ্বান যেন গ্রহণ কৰি আজি মৰিয়নিত উপস্থিত হয়হি অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ শর্মা৷ হেলিকপ্ঢাৰৰ পৰা নামি পোনে পোনে মঞ্চত গৈ ভাষণ প্রদান কৰিয়েই কংগ্রেছৰ প্রার্থী ৰূপজ্যোতি কুর্মীৰ প্রতি আক্রমণাত্মক হৈ পৰে মন্ত্রী ড০ শর্মা৷ ৰূপজ্যোতি কুর্মীক তীব্র আক্রমণ কৰি তেওঁ কয়– মই ৰূপজ্যোতিৰ দৰে থানাৰ আগত বহি বা বাছ ষ্টেণ্ডৰ আগত বহি পাগলামীৰ অভিনয় কৰিব নোৱাৰোঁ৷ মানুহ সঁচাকৈ পাগল হ’লে ৰাইজৰ সহানুভূতি লাভ কৰে৷ কিন্তু ৰূপজ্যোতি ভাল হৈও পাগলৰ অভিনয় কৰিছে৷ ৰূপজ্যোতিয়ে ৰাস্তা–ঘাট বনাব নোৱাৰি, দুখীয়া মানুহৰ দুখ দূৰ কৰিব নোৱাৰিহে পাগলামীৰ অভিনয় কৰিছে বুলি তীব্র কটাক্ষ কৰে৷ ৰাইজৰ কাম কৰিব নোৱাৰিহে ৰাস্তাই–ঘাটে বহি প্রতিবাদ, আন্দোলনৰ নামত এইবোৰ কৰি আহিছে বুলি ৰূপজ্যোতি কুর্মীক তীব্র সমালোচনা কৰে৷ তেওঁ কয়– ‘ৰূপজ্যোতি কুর্মীৰ ৰঙা চকুলৈ এই হিমন্ত বিশ্ব শর্মাই ভয় নকৰে৷ ভয় কৰিলে তোমালোকৰ কংগ্রেছীকেইটাইহে ভয় কৰিব৷ ক’ভিডৰ সময়ত, মানুহৰ জীৱন আৰু মৃত্যুৰ সময়ত হাস্পতালৰ আই চি ইউসমূহত হিমন্ত বিশ্ব শর্মা ঘূৰি ফুৰিছিল, ৰূপজ্যোতি কুর্মী নহয়৷ আজি ৰূপজ্যোতি কুর্মীয়ে আকৌ ওলোটাই মোকহে ৰঙা চকু দেখুৱাব আহে৷’
মৰিয়নি বিধানসভা সমষ্টিৰ অন্তর্গত হেমলাই উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত সভাখনত ড০ হিমন্ত বিশ্ব শর্মাই কয় যে চাহ জনগোষ্ঠীৰ বুলি কৈ নিজকে চাহ বাগিচাৰ লোকৰ দৰদ আদায় কৰিবলৈ যোৱা ৰূপজ্যোতিয়ে একো কৰিব পৰা নাই৷ চাহ বাগিচাৰ ৰাস্তা বিজেপিয়ে বনাইছে, চাহ বাগিচাত হাইস্কুল বিজেপিয়ে বনাইছে, বাগিচাৰ শ্রমিকৰ মজুৰি বিজেপিয়ে বৃদ্ধি কৰিছে, ৰূপজ্যোতিৰ কংগ্রেছে একো কৰিব নোৱাৰিলে বুলিও ৰূপজ্যোতিক সমালোচনা কৰে৷ আনহাতে, ড০ হিমন্ত বিশ্ব শর্মাই মৰিয়নিত বিজেপি প্রার্থী জিকিলে এইবাৰ মৰিয়নিত এখন বি এছ চি নার্ছিং কলেজ আৰু এখন জি এন এম স্কুল স্থাপন কৰাৰ প্রতিশ্রুতি প্রদান কৰে৷ তদুপৰি মৰিয়নি সমষ্টিৰ প্রতিটো ৰাস্তা–ঘাট ১৮ মাহৰ ভিতৰত পকীকৰণৰ প্রতিশ্রুতি প্রদান কৰে৷ মৰিয়নিৰ ৰাস্তা–ঘাটৰ দায়িত্ব মোৰ, বাগিচাত খোৱাপানীৰ আঁচনি বনোৱাৰ দায়িত্ব মোৰ, মৰিয়নিৰ যিসকল মহিলাই অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকৰ দায়িত্ব মোৰ বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে৷ আনহাতে, মাইক্র’ফাইনেঞ্চৰ ঋণ লোৱা মহিলাসকলৰ ঋণ ওভতাই দিয়াৰ দায়িত্বও মোৰ বুলি মন্তব্য কৰে ড০ হিমন্ত বিশ্ব শর্মাই৷ ড০ হিমন্ত বিশ্ব শর্মাই আজি কংগ্রেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীকো তীব্র সমালোচনা কৰে৷ সমান্তৰালভাৱে ছোনিয়া গান্ধীকো আক্রমণৰ লক্ষ্য কৰি লয়৷
লখিমপুৰত আবতৰীয়া দেৱালীৰ সৃষ্টি কৰি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৰোড শ্ব’
লখিমপুৰত সোমবাৰে সন্ধিয়া আবতৰীয়া দেৱালীৰ পৰিৱেশ সৃষ্টি হয়৷ দলীয় প্রার্থীৰ সমর্থনত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নগৰখনৰ মাজেৰে কৰা ৰোড শ্ব’ত অংশগ্রহণ কৰে হাজাৰ হাজাৰ লোকে৷ ঢ়োলে– দগৰে, নৃত্য–গীতেৰে আবতৰীয়া উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়৷ নগৰৰ পদপথৰ দাঁতিত শাৰী শাৰী বন্তি জ্বলাই ৰাইজে মন্ত্রীগৰাকীক আদৰণি জনায়৷ নগৰৰ হাতীলুঙৰ পৰা হাজাৰ হাজাৰ লোকৰ আনন্দ–উল্লাসৰ মাজেৰে ৰোড শ্ব’ কৰি মন্ত্রীগৰাকী উপস্থিত হয়গৈ নগৰৰ ত্যাগক্ষেত্রত৷ ত্যাগক্ষেত্রতো হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটে৷ এই বিশাল জনসভাত মন্ত্রী ড০ শর্মাই চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ সুফল সম্পর্কে বিতং ব্যাখ্যা কৰি আধৰুৱা কামো সম্পূর্ণ কৰিবলৈ বিজেপিৰ হাত শক্তিশালী কৰিবলৈ প্রক্ষেপিত প্রার্থী মানৱ ডেকাক ভোট দিয়াৰ আহ্বান জনায়৷ প্রার্র্থী মানৱ ডেকাই মঞ্চৰ পৰাই বিশাল জনতাক সেৱা কৰি তেওঁ ৰাইজৰ আশিস ভিক্ষা কৰে৷ লখিমপুৰৰ বহু মহিলাই এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই বুলি আক্ষেপ কৰি মন্ত্রী শর্মাই প্রতিগৰাকী দুখীয়া মহিলাক অৰুণোদয় আঁচনিৰ ধন দিয়া হ’ব বুলি প্রতিশ্রুতি প্রদান কৰে আৰু মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ বিষয়েও সদৰী কৰে৷ আজি মন্ত্রী ড০ শর্মাই ভাষণ দি থকা অৱস্থাত তেওঁৰ প্রতিটো বাক্যতে উপস্থিত জনতাই হর্ষধ্বনি দি আদৰণি জনোৱা পৰিলক্ষিত হয়৷ প্রার্থী মানৱ ডেকাৰ উপৰি লখিমপুৰৰ সাংসদ প্রদান বৰুৱায়ো মন্ত্রী হিমন্ত বিশ্ব শর্মাক প্রচাৰৰ সময়ত সংগ দিয়ে৷