নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আধাবাটতে লাগিল কেনা! এজেপিৰ জাহাজৰ পৰা নামি পদুম ল’লে দুলীয়াজানৰ নেতাই

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ অজাপৰ আৰম্ভণি যাত্ৰাৰ আধাবাটতে লাগিল কেনা। অজাপৰ জাহাজৰ পৰা নামিল দুলীয়াজান সমষ্টিৰ যুৱ শক্তিৰ সম্পাদক অৰুণ গগৈ। অসম জাতীয় পৰিষদৰ সভাপতি তথা দুলীয়াজান আৰু নাহৰকটীয়া সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ নেতৃত্বত পৰিচালিত অজাপৰ আভ্যন্তৰীণ দলীয় বিশৃংখলতাৰ অভিযোগ তুলি অজাপ ত্যাগ কৰি বিজেপিৰ সৈতে চামিল হয় অৰুণ গগৈ।

দুলীয়াজান সমষ্টিৰ টেঙাখাট ৰাজহ চক্ৰৰ অধীনৰ নকাৰী ভেকুলাজান পঞ্চায়তৰ টিংৰাই বৰহোলা গাঁৱত আজি অনুষ্ঠিত বিজেপিৰ দলীয় নিৰ্বাচনী সভাত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী তেৰছ গোৱালাৰ উপস্থিতিত অজাপৰ শিবিৰৰ যুৱ শক্তিৰ দল ত্যাগে আঞ্চলিকতাবাদী দলটোক মোক্ষম আঘাত সানে ।

দুলীয়াজান সমষ্টিৰ অজাপ শিবিৰত সৃষ্টি হোৱা আভ্যন্তৰীণ খেলিমেলিতে ইতিমধ্যে অৰুণ গগৈৰ সৈতে দল ত্যাগ কৰি গেৰুৱা বসন পিন্ধে টেঙাখাট নকাৰী ভেকুলাজান পঞ্চায়তৰ আঞ্চলিক সম্পাদক জিন্টু শইকীয়া, নকাৰী ভেকুলাজান পঞ্চায়তৰ যুৱ শক্তিৰ সভাপতি ৰমেন চুতীয়া, সদস্য উৎপল সোণোৱালৰ লগতে অগপৰ পুৰণা কৰ্মীও।

You might also like