নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহা সমষ্টিৰ ২,২০,৯৫৩গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৭ প্ৰাৰ্থীৰ ভাগ্য

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ১২৬টা সমষ্টিত চলিছে ব্যাপক ৰাজনৈতিক নিৰ্বাচনী প্ৰচাৰ। কি শাসকীয় বিজেপি-এজিপি, পিছ পৰি ৰোৱা নাই মহাজোঁটৰ কংগ্ৰেছ-এআইইউডিএফ-চিপিআই, অসম জাতীয় পৰিষদ অথবা ৰাইজৰ দলকে ধৰি নিৰ্দলীয় প্ৰাৰ্থীসকল।

সেইদৰে ৮২নং ৰহা বিধানসভা সমষ্টিত  পঞ্চায়তে পঞ্চায়তে চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। বিগত কাৰ্যকালত বিজেপিৰ প্ৰাৰ্থী ডিম্বেশ্বৰ দাসে প্ৰায় তেত্ৰিশ হাজৰ ভোটৰ ব্যৱধানত সমষ্টিটোত জয়লাভ কৰিছিল যদিও বিজেপি-অগপৰ মিত্ৰজোঁটৰ অংকত ৰহা সমষ্টিটো এইবাৰ অসম গণ পৰিষদক এৰি দিবলৈ বাধ্য হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া, অসন্তোষ সৃষ্টি হৈছিল বিজেপি দলীয় কৰ্মীসকলৰ মাজত।

আনহাতে কংগ্ৰেছ দলতো প্ৰাৰ্থিত্বৰ তীব্ৰ দাবীদাৰ তথা প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাস; দীপ দাস আদিয়েও কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। ফলত প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাসে নিৰ্দলীয় প্ৰাৰ্থী হিচাপেও প্ৰতিদ্বন্দ্বিতা কৰিছে। আনহাতে নৱগঠিত অসম জাতীয় পৰিষদৰ পৰা উৎপল বণিয়াই প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ৰাইজৰ দলৰ পৰা ৰুবুল দাসে প্ৰতিদ্বন্দ্বিতা কৰিছে।

উল্লেখ্য যে বৰ্তমান সময়লৈকে মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী বিষ্ণু দাস, কংগ্ৰেছ দলৰ প্ৰাৰ্থী শশীকান্ত দাস, নিৰ্দলীয় প্ৰাৰ্থী প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাস আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী উৎপল বণিয়াৰ নিৰ্বাচনী প্ৰচাৰে অগ্ৰগতি লাভ কৰা দেখা গৈছে।

পঞ্চায়তে পঞ্চায়তে সৰু সৰু সভা অনুষ্ঠিত কৰি দলীয় ইস্তাহাৰ আৰু নিজস্ব লক্ষ্য-উদ্দেশ্য প্ৰকাশ কৰি ভোটাৰৰ মন জয় কৰিবলৈ দিন-ৰাতি একাকাৰ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, ১,১২,৫৫৬ জন পুৰুষ আৰু ১,০৮,৩৯৩ গৰাকী মহিলা ভোটৰসহ মুঠ ২,২০,৯৫৩ জন ভোটাৰে সমষ্টিৰ ৭ গৰাকী ভোটাৰৰ ভাগ্য নিৰ্ণয় কৰিব যদিও আটাইকেইজন প্ৰাৰ্থীয়ে বিজয় নিশ্চিত বুলি দাবী কৰিছে। পিছে শেহান্তৰত বিজয়ৰ হাঁহি কোনে মাৰিব, তাক লৈ ২মে’লৈ অপেক্ষা কৰিব লাগিব।

You might also like