বিজেপি চৰকাৰ থকালৈকে অসমৰ ৰাইজ সুৰক্ষিত হৈ থাকিবঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ ‘ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থকালৈকে অসমৰ ৰাইজ তথা চাহ বাগিচাৰ লোকসকল সুৰক্ষিত হৈ থাকিব পাৰিব ৷ আমাৰ তথা বিজেপি নেতৃতাধীন চৰকাৰখনে প্ৰতিটো জাতিক সুৰক্ষিত আৰু মৰ্যাদা-সন্মান দিছে ৷ আমাৰ চৰকাৰে চাহ বাগিচাৰ লোকসকলক ২৫০০ টকাকৈ মুঠ ৮০০০ হাজাৰ টকা একাউন্টত ভৰাই দিলে ৷ এইবাৰ পুনৰ মিত্ৰজোঁটৰ চৰকাৰ হ’লে চাহ বাগিচাৰ লোকসকলৰ একাউণ্টত মুঠ ১২০০০ হাজাৰ টকাকৈ দিয়া হ’ব।’ -এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷
কলিয়াবৰ বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মন্ত্ৰী কেশৱ মহন্তৰ হৈ নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত শালনাৰ সামুহিক শ্ৰমিক কল্যাণ মঞ্চৰ খেলপথাৰত আজি অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয় যে প্ৰিয়ংকা গান্ধীয়ে অসমলৈ আহি চাহপাত তুলি নাটক কৰিলে।
কংগ্ৰেছে ৬০ বছৰে চাহ বাগিচা অঞ্চলত একো নকৰিলে ৷ চাহ শ্ৰমিকৰ মজুৰি ৮০ টকা বৃদ্ধি কেৱল বিজেপি চৰকাৰৰ দিনতহে কৰা হ’ল ৷ ৰাহুল গান্ধীয়ে কংগ্ৰেছ চৰকাৰ হ’লে ৬ ঘন্টা মজুৰি বৃদ্ধি কৰাৰ মিছা প্ৰতিশ্ৰুতি দিছে ৷ বিজেপি চৰকাৰখনৰ দিনত চাহ জনজাতীয় বিশিষ্ট লোকসকলক বিভিন্ন সন্মানেৰে বিভূষিত কৰা হ’ল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰাৰ লগতে এইবাৰ নিৰ্বাচনত কেশৱ মহন্তক বিপুল ভোট জয় কৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনায় ৷
অসম গণ পৰিষদৰ নেতা মণিমাধৱ মহন্তই আঁত ধৰা নিৰ্বাচনী সভাখনত ৰাজ্যিক বিজেপিৰ সম্পাদক দীপলু ৰঞ্জন শৰ্মা আৰু কলিয়াবৰ সমষ্টিৰ বিজেপিৰ প্ৰভাৰী ইন্দ্ৰজিৎ আয়াৰ, অসম চাহ নিগমৰ উপাধ্যক্ষ সীমাঞ্চল দীগাল উপস্থিত থকা সভাখন কলিয়াবৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মন্ত্ৰী কেশৱ মহন্তই ভাষণ প্ৰসংগত কয় যে স্বৰাজোত্তৰ কালৰ পিছত মিত্ৰজোঁট বিজেপি চৰকাৰৰৰ দিনতহে চাহ বাগিচা অঞ্চলৰ উন্নয়ন সম্ভৱ হৈছে।
পথ-পানী-পোহৰৰ ক্ষেত্ৰত কলিয়াবৰত আমূলা পৰিৱৰ্তন হৈছে ৷ চাহ বাগিচাসমূহৰ অলিয়ে-গলি পকীকৰণ হৈছে ৷ চাহ বাগিচা অঞ্চলসমূহত বিদ্যালয়, স্বাস্থ্যখণ্ড আৰু নিবনুৱা যুৱক-যুৱতীক আৰ্থিক অনুদান দিয়া হৈছে ৷
প্ৰায় পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত অসম প্ৰদেশ মহিলা মৰ্চাৰ সম্পাদিকা পিংকী মিৰ্ধাকে ধৰি অসম গণ পৰিষদৰ বিষয়ববীয়াৰ লগতে বিজেপি দলৰ নেতা-কৰ্মীসকল উপস্থিত থাকে ৷