দৰঙত আঠ লক্ষাধিক ভোটাৰে নির্ণয় কৰ্বি ৩২গৰাকী প্রার্থীৰ ভাগ্য
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ এক এপ্রিলৰ দ্বিতীয় পর্যায়ত অনুষ্ঠিত হ’বলগীয়া দৰং জিলাৰ চাৰিওটা বিধানসভা সমষ্টিৰ নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ ােব সাজু হৈ উঠিছে দৰং জিলা প্রশাসন৷ নির্বাচনী জিলাখনৰ অন্তর্গত চাৰিওটা সমষ্টি ক্রমে ৬৫ কলাইগাঁও, ৬৬ ছিপাঝাৰ, ৬৭ মঙলদৈ (অনুসূচিত) আৰু ৬৮ দলগাঁও সমষ্টিৰ ভোটগ্রহণৰ দায়িত্ব চম্ভাল্বিলৈ ইতিমধ্যে ৫৭৬৮গৰাকী প’লিং বিষয়া–কর্মচাৰীৰ প্রশিক্ষণ সম্পন্ন কৰা হৈছে৷
নির্বাচন আয়োগৰ নির্দেশ অনুযায়ী নিকা আৰু স্বচ্ছতাৰে নির্বাচন প্রক্রিয়া সম্পন্ন কৰাৰ উদ্দেশ্যে জিলা নির্বাচনী বিষয়া দিলীপ কুমাৰ ৰাৰ তত্ত্বাৱধানত গঠিত মিডিয়া আৰু যোগাযোগ কোষ, এম চি এম চি কোষ, পৰ্বিহণ কোষ, মেনপাৱাৰ কোষ, ফ্লায়িং স্কোৱাড কোষ, মেটেৰিয়েল কোষ, নির্বাচনী য় কোষ আদি বিভিন্ন কোষে পূর্ণ্যোদ্যমে নিজ নিজ কর্ত্ব্য সমাপন কৰি আছে৷ উল্লেখযোগ্য যে জিলাখনত ইতিমধ্যে উপস্থিত হৈ দায়িত্ব চমজি লোৱা দুগৰাকী সাধাৰণ পর্যবেক্ষক, দুগৰাকী য় পর্যবেক্ষকৰ লগতে এগৰাকী আৰক্ষী পর্যবেক্ষকসহ পাঁচজনীয়া পর্যবেক্ষকৰ দলে জিলাখনৰ নির্বাচনী পৰিস্থিতি তীক্ষ্ণ পর্যেবক্ষণত ৰাখিছে৷
উল্লেখযোগ্য যে এইবাৰ বিধানসভা নির্বাচনত জিলাখনত মুঠ ভোটাৰৰ সংখ্যা হ’ল ৮,৩৮,৯৫৮গৰাকী৷ ইয়াৰে ৪,২৬,৯৩৩জন পুৰুষ, ৪,১২,০০৯গৰাকী মহিলা আৰু ১৬গৰাকী তৃতীয় লিংগৰ ভোটাৰ৷ চাৰিওটা সমষ্টিৰ ভিতৰত সর্বাধিক ভোটাৰ আছে ৬৮নং দলগাঁও সমষ্টিত৷ সমষ্টিটোৰ মুঠ ২,৪০,৬৮৪গৰাকী ভোটাৰৰ ১,২২,৭৭৩জন পুৰুষ, ১,১৭,৯০৫গৰাকী মহিলা আৰু তৃতীয় লিংগৰ ছয়গৰাকী ভোটাৰ৷ মঙলদৈ সমষ্টিত ২,৩৬,৯৮৫ গৰাকী মুঠ ভোটাৰৰ ১,২০,০৫১জন পুৰুষ আৰু ১,১৬,৯৩২গৰাকী মহিলা আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা দুগৰাকী৷ কলাইগাঁও সমষ্টিৰ মুঠ ভোটাৰ হ’ল ১,৮৩,৫০৭গৰাকী৷ পুৰুষৰ সংখ্যা হ’ল ৯২,৮৭৯জন, মহিলাৰ সংখ্যা ৯০,৬২৭গৰাকী আৰু তৃতীয় লিংগৰ এগৰাকী ভোটাৰ৷ ছিপাঝাৰ সমষ্টিৰ মুঠ ১,৭৭,৭৮২গৰাকী ভোটাৰৰ ৯১,২৩০জন পুৰুষ, ৮৬,৫৪৫ গৰাকী মহিলা আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা সাত গৰাকী৷ জিলাখনৰ চাৰিটা সমষ্টিৰ এলেকাত মুঠ ইতিমধ্যে ১২০১টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে৷ ইয়াৰে কলাইগাঁৱত ২৬৪, ছিপাঝাৰত ২৫৮, মঙলদৈত ৩৩৫ আৰু দলগাঁৱত ৩৪৪টা ভোটগ্রহণ কেন্দ্রত ভোটগ্রহণৰ বাবে প্রয়োজনীয় সা– সুবিধাখিনি উপলব্ধ কৰা হৈছে৷
উল্লেখযোগ্য যে জিলাখনৰ চাৰিওটা সমষ্টিত মুঠ ৩২গৰাকী প্রার্থী নির্বাচনত অৱতীর্ণ হৈছে৷ ইয়াৰে কলাইগাঁও সমষ্টিত স্বাধিক ১৪গৰাকী, ছিপাঝাৰত ৯গৰাকী, দলগাঁও সমষ্টিত ৫গৰাকী আৰু মঙলদৈ সমষ্টিত স্বনিম্ন ৪গৰাকী প্রার্থী প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে৷