ৰংঘৰৰ পদূলিৰ পৰা বিশাল ৰোড শ্ব’ৰে শিৱসাগৰত ড০ শর্মাৰ আলোড়ন
নিয়মীয়া বাৰ্তা ২৪ মাৰ্চঃ আগন্তুক বিধানসভা নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণলৈ মাজত মাথোঁ তিনিটা দিন বাকী থকা অৱস্থাত দিনে–নিশাই প্রচাৰ অভিযান অব্যাহত ৰাখিছে ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উত্তৰ–পূর্বাঞ্চলৰ ৰাজনীতিত বিজেপিৰ চাণক্য হিচাপে অভিহিত ড০ শর্মাই উজনিত জনসভাৰ পৰা আৰম্ভ কৰি পদযাত্রাৰে ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ মঙলবাৰে ড০ শর্মাই ঢ়েকীয়াজুলি, তিতাবৰ, টীয়ক, আমগুৰি আৰু নাজিৰাত বিশাল জনসভা সম্বোধন কৰাৰ পিছতে সন্ধিয়া শিৱসাগৰত
ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা পদযাত্রাৰে আলোড়নৰ সৃষ্টি কৰে৷ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা আৰু সাংসদ তপন কুমাৰ গগৈৰ লগতে শিৱসাগৰ সমষ্টিৰ প্রার্থী সুৰভি ৰাজকুঁৱৰীক লগত লৈ এখন খোলা জীপেৰে ৰোড শ্ব’ আৰম্ভ কৰে৷ এই ৰোড শ্ব’ত অংশগ্রহণ কৰিবলৈ সমষ্টিটোৰ হাজাৰ হাজাৰ লোক ওলাই অহা পৰিলক্ষিত হয়৷ পথৰ কাষত ৰৈ থকা লোকসকলে পুষ্পবৃষ্টিৰে মন্ত্রী ড০ শর্মাক উষ্ম আদৰণি জনায়৷
উল্লেখ্য যে ৰংঘৰৰ পদূলিৰ পৰা দিখৌ দলঙলৈকে ডেৰ কিলোমিটাৰ পথ অতিক্রম কৰোঁতে এই সমদলটোক ডেৰঘণ্টাতকৈও অধিক সময়ৰ প্রয়োজন হয়৷ দিখৌ দলং পাৰ হোৱাৰ পিছত মন্ত্রী ড০ শর্মাৰ ৰোড শ্ব’ জনসমুদ্রত পৰিণত হয়৷ অভাৱনীয় হাৰত ভিৰ হোৱাত সমৱেত লোকসকলৰ প্রতি লক্ষ্য ৰাখি এই ৰোড শ্ব’ ব’র্ডিং ৰোড হৈ দ’লমুখ চাৰিআলিত অন্ত পেলাবলগীয়া হয়৷ আজিৰ এই প্রচাৰ সভাতে শিৱসাগৰ বিধানসভা সমষ্টিৰ প্রয়াত বিধায়ক প্রণৱ গগৈৰ মাজুপুত্র সমীৰ গগৈয়ে শতাধিক কংগ্রেছ সমর্থকক লগত লৈ বিজেপিত যোগদান কৰে৷ দ’লমুখ চাৰিআলিত ৰোড শ্ব’ৰ অন্তত এখন জনসভা সম্বোধন কৰি ড০ শর্মাই কয় যে এবছৰৰ ভিতৰত সমগ্র শিৱসাগৰৰ সকলো পথ–উপপথ পকীকৰণ কৰাটো ঐতিহাসিক দায়িত্ব হিচাপে গ্রহণ কৰিছে৷ আগন্তুক সময়ত বৰপুখুৰীৰ পাৰত থকা কাৰাগাৰকে ধৰি সকলো চৰকাৰী কার্যালয় স্থানান্তৰিত কৰি বৰপুখুৰীৰ পাৰত অসমৰ ভিতৰত সবাতোকৈ বৃহৎ প্রাকৃতিক উদ্যান স্থাপনৰ পৰিকল্পনা আছে বুলি উল্লেখ কৰি তেওঁ শিৱসাগৰত এখন ৰাজ্যিক বিশ্ববিদ্যালয় মেডিকেল কলেজ স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে৷
ইফালে, ঢ়েকীয়াজুলিত অনুষ্ঠিত নির্বাচনী সভাখনত ভাষণ প্রদান কৰি কংগ্রেছ আৰু এআইইউডিএফক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিগত পাঁচ বছৰীয়া কার্যকালত ৰাজ্য চৰকাৰখনে কৰা উন্নয়নমূলক কাম–কাজৰ খতিয়ান তেওঁ দাঙি ধৰে৷ এই প্রসংগতে তেওঁ কয়– ‘কংগ্রেছে টুপী আৰু লুঙীৰ ৰাজনীতি কৰে৷ কিন্তু বিজেপিয়ে বিকাশৰ ৰাজনীতি কৰি আহিছে৷ বিজেপি চৰকাৰে অসমত চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰে৷ কিন্তু কংগ্রেছ আৰু বদৰুদ্দিন আজমল বাহিনীয়ে মাদ্রাছা স্থাপনৰ পৰিকল্পনা কৰে৷ নৱপ্রজন্মক শিক্ষা–দীক্ষাৰে আগুৱাই নিয়াৰ বাবে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে নতুন নতুন চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্রিক মহাবিদ্যালয় স্থাপন কৰিছে৷ ছাত্র–ছাত্রীক বিনামূলীয়া নামভর্তিৰ সুবিধা কৰি উচ্চ শিক্ষা গ্রহণত সুবিধা কৰি দিছে৷ নিবনুৱা যুৱক–যুৱতীক মেধাৰ ভিত্তিত চাকৰি প্রদানৰ ব্যৱস্থা কৰা হৈছে৷’ অসমত উন্নয়নৰ পৰিৱেশ গঢ়ি উঠিছে বুলি মন্তব্য কৰি ড০ শর্মাই কয় যে বিজেপি চৰকাৰৰ সঠিক পদক্ষেপৰ বাবে অসমত শান্তিৰ পৰিৱেশ ঘূৰি আহিছে৷ বিজেপি চৰকাৰে অসমত সমন্বয়ৰ নতুন সাঁকো নির্মাণ কৰিবলৈ সক্ষম হৈছে৷ অসমলৈ উন্নয়নৰ গংগা নমাই আনিছে৷ কংগ্রেছে দুর্নীতি–নিয়মক প্রশ্রয় দি আহিছে৷ আজমলৰ পিঠিত উঠি কংগ্রেছে দিছপুৰ দখলৰ স্বপ্ণ দেখিছে৷ সেই স্বপ্ণ কেতিয়াও দিঠকত পৰিণত নহয়৷ কংগ্রেছৰ দিছপুৰ দখলৰ স্বপ্ণ অসমৰ ৰাইজে কেতিয়াও পূৰণ হ’বলৈ নিদিয়ে৷ মাদ্রাছা পুনৰ স্থাপন কৰি বদৰুদ্দিন আজমলে অসমৰ মুছলমান যুৱকসকলক মোল্লা বনাব খুজিছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘অসমক চাৰিও পিনৰ পৰা আগুৱাই নিবলৈ ৰাজ্য চৰকাৰে অহৰহ প্রচেষ্টা কৰি আহিছে৷ অসমৰ মহিলাসকলক আগুৱাই নিয়াৰ বাবে চৰকাৰে সময়োপযোগী আঁচনি গ্রহণ কৰিছে৷
অসমৰ ২২ লাখ মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছে৷ অৰুণোদয় আঁচনিৰ এই ৮৩০ টকা শীঘ্রে ৩,০০০ টকাকৈ বৃদ্ধি কৰা হ’ব আৰু প্রতিঘৰ দুখীয়া পৰিয়ালৰ মহিলাই এই সুবিধা লাভ কৰিব৷ দুখীয়া লোকসকলক বিনামূলীয়া চাউল প্রদান কৰা হৈছে৷ অসমৰ ৫৮ লাখ লোকক বিনামূলীয়া চাউল প্রদান কৰা হৈছে৷ কংগ্রেছৰ দিনত আত্মসহায়ক গোটসমূহক ৫ হাজাৰ টকাৰ সাহায্য প্রদান কৰা হৈছে৷ কিন্তু বিজেপি চৰকাৰে প্রতিটো আত্মসহায়ক গোটক ২৫ হাজাৰ টকাৰ সাহায্য প্রদান কৰা হৈছে৷ কংগ্রেছৰ দিনত যোগ্যজনক বঞ্চিত কৰি ধনৰ বিনিময়ত নিযুক্তি দিয়া হৈছিল৷ কিন্তু এতিয়া সম্পূর্ণ মেধাৰ ভিত্তিত নিযুক্তি প্রক্রিয়া সম্পন্ন কৰা হৈছে৷’ আগন্তুক সময়ত ছাত্রক মটৰচাইকেল দিয়া হ’ব বুলিও ড০ শর্মাই প্রকাশ কৰে৷ উল্লেখ্য যে ঢ়েকীয়াজুলি সমষ্টিৰ বিজেপি মিত্রজোঁটৰ প্রার্থী অশোক সিংহলৰ হৈ মন্ত্রীগৰাকীয়ে নির্বাচনী প্রচাৰ চলায়৷ আজিৰ সভাত প্রার্থী সিংহলে ভাষণ প্রদান কৰি উন্নয়নৰ স্বার্থত পুনৰ ৰাইজক বিজেপিক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷ সভাখনত সাংসদ পল্লৱলোচন দাস, অগপৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি ৰাতুল কুমাৰ নাথ, বিজেপিৰ ঢ়েকীয়াজুলি সমষ্টিৰ প্রভাৰী ৰামু ৰহৰা, শোণিতপুৰ জিলা পৰিষদৰ সদস্য ধনু তপ্ণসহ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
তিতাবৰত বিশাল ৰেলী
প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈয়ে তিতাবৰত গঢ়ি থৈ যোৱা কংগ্রেছৰ অভেদ্য দুর্গত ধুমুহাৰ সৃষ্টি কৰি এক বিশাল ৰেলীত অংশগ্রহণ কৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তিতাবৰৰ বিজেপিৰ প্রার্থী হেমন্ত কলিতাৰ হৈ তিতাবৰ ষ্টেচন তিনিআলি ডিম্ব দত্ত ক্ষেত্রত অনুষ্ঠিত জনসভাত তেওঁ অংশগ্রহণ কৰে৷ হেলিকপ্ঢাৰেৰে তিতাবৰত উপস্থিত হোৱাৰ পিছতে মন্ত্রীগৰাকীক তেওঁৰ সমর্থকসকলে উষ্ম আদৰণি জনায়৷ তিতাবৰ নগৰৰ মাজেৰে শোভাযাত্রাৰে সমর্থকসকলে তেওঁক আদৰি আনে৷ বিজেপিৰ জয়ধ্বনিৰে সমর্থকসকলে তিনি কিলোমিটাৰ শোভাযাত্রা কৰি আহি সভাস্থলীত উপস্থিত হয়৷ এই সভাত ভাষণ প্রদান কৰি তেওঁ কয় যে তিতাবৰত এইবাৰ পদুম ফুলিব৷ হেমন্ত কলিতাৰ বিজয় নিশ্চিত বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কংগ্রেছক আক্রমণৰ লক্ষ্য কৰি লয়৷ এই প্রসংগতে তেওঁ কয় যে কংগ্রেছে বিজেপিক সমালোচনা কৰে৷ কিন্তু কিয় সমালোচনা কৰে সেয়া কংগ্রেছে নিজেই নাজানে৷ বিজেপিয়ে সূতা–কম্বল আৰু লুঙীৰ ৰাজনীতি নকৰে৷ মানুহৰ জীৱনলৈ পৰিৱর্তন অনা ৰাজনীতিহে তেওঁলোকে কৰে৷ আগলৈও এনেদৰেই আগবাঢ়ি যাব বুলি মন্তব্য কৰি তেওঁ কয়– ‘ক’ভিডৰ সময়ত কংগ্রেছ কিয় গাঁতত সোমাই আছিল? সেই সময়ত কংগ্রেছে ৰাইজক কিয় সংগ দিয়া নাছিল৷ ক’ভিডৰ সময়ত বিনামূলীয়া চাউল, চিলিণ্ডাৰৰ বেংকৰ একাউণ্টত ধন প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দিলে৷ ক’ভিডৰ সময়ত ৰোগীৰ ওচৰলৈ আমি যোৱাৰ সময়ত কোনো কংগ্রেছী লোক ঘৰৰ বাহিৰলৈ ওলাই অহা নাছিল৷ কংগ্রেছ মানুহৰ বিপদৰ সময়ত নাথাকে আৰু আমাক নীতিশিক্ষা দিয়ে৷’ সাংসদ গৌৰৱ গগৈক সমালোচনা কৰি মন্ত্রীগৰাকীয়ে তেওঁক প্রশ্ণ কৰে যে ক’ভিডৰ সময়ত গগৈ কিমানবাৰ তিতাবৰলৈ আহিছিল৷ বিপদৰ সময়ত তিতাবৰবাসীক কিমানবাৰ সাক্ষাৎ দিছিল৷ ড০ শর্মাই কয়–‘গৌৰৱ গগৈৰ পিতৃৰ যেতিয়া বেমাৰ হৈছিল তেতিয়া তেওঁ হাস্পতাললৈ যদি ৪০বাৰ আহিছিল, মই ৮০বাৰ আহিছিলোঁ৷ বিপদৰ সময়ত লগত নথকা ব্যক্তিয়ে ৰাজনীতি কৰি লাভ নাই৷ ক’ভিডৰ সময়ত এবটল প্লাজমা এজন কংগ্রেছীয়েও দান নকৰিলে৷
ইয়াৰ পিছতো তেওঁলোকে ৰাজনীতিৰ কথা কয়৷ তাকো বদৰুদ্দিন আজমলক লৈ তেওঁলোকে ৰাজনীতিৰ কথা কয়৷ তৰুণ গগৈ তিতাবৰৰ বিধায়ক হৈ থাকোঁতে হু ইজ বদৰুদ্দিন বুলি প্রশ্ণ কৰিছিল৷ কিন্তু আজি ৰিপুণ বৰাই বদৰুদ্দিন আজমল চাহাবক লগত লৈ চৰকাৰ গঠন কৰিম বুলি কয়৷ এই আজমলে কৈছে যে তেওঁলোকৰ চৰকাৰ হ’লে মাদ্রাছা পুনৰ আৰম্ভ কৰিব৷ কিন্তু অসমৰ ৰাইজক মাদ্রাছা লাগে নে চিকিৎসা মহাবিদ্যালয় লাগে? মোল্লা লাগে নে চিকিৎসক লাগে৷ মুছলমান মহিলাই যিমান ইচ্ছা সিমান জন্ম দিব লাগে বুলি বদৰুদ্দিন আজমলে কৈ আহিছে৷ মহিলাসকল সন্তান জন্ম দিয়া মেচিন নেকি? ১০ মাহ ১০ দিন ধৰি গর্ভধাৰণ কৰি সন্তান জন্ম দিয়া কিমান কষ্টকৰ সেয়া আজমল চাহাবে নাজানে, জানিলে তেওঁ কেতিয়াও নক’লেহেঁতেন৷ আমি আমাৰ সন্তানক চিকিৎসক, অভিযন্তা হ’বলৈ দিওঁ৷ সন্তান জন্ম দিয়া মেচিন হ’বলৈ নিদিওঁ৷’ আনহাতে, চাহ শ্রমিকসকলক লৈ কংগ্রেছে ৰাজনীতি কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে কংগ্রেছৰ দিনত চাহ শ্রমিকৰ মজুৰি আছিল ৯৬ টকা৷ বিজেপি চৰকাৰৰ দিনত শ্রমিকসকলৰ মজুৰি ২১৮ টকালৈ বৃদ্ধি কৰা হ’ল৷ শ্রমিকসকলৰ বেংক একাউণ্ট খোলা হ’ল৷ এই বেংক একাউণ্টসমূহৰ জৰিয়তে চাহ শ্রমিকসকলক ৭ হাজাৰকৈ ধন প্রদান কৰা হ’ল৷ বাগিচাসমূহৰ ৰাস্তা–ঘাট বিজেপিৰ দিনত নির্মাণ কৰা হ’ল বুলি উল্লেখ কৰি তেওঁ কয়– ‘এইবাৰ প্রত্যেকজন শ্রমিকক আমি এহেজাৰ টকাকৈ একাউণ্টত দিম৷ এয়া হিচাপে কৰিলে দৈনিক মজুৰি ২৪৮ টকা হ’ব৷ বাগানৰ মালিকসকলৰ সৈতে কিছুসংখ্যকে শ্রমিকৰ মজুৰি ২১৮ টকা হ’ব নালাগে বুলি গোচৰ দিছে৷ তিতাবৰৰ কংগ্রেছৰ প্রার্থী ভাস্কৰজ্যোতি বৰুৱা এগৰাকী বাগানৰ মালিক৷ শ্রমিকসকলৰ মজুৰি দৈনিক ২১৮ টকা নকৰিলে চৰকাৰে প্রথমখন কেবিনেটত শ্রমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকা কৰি দিব৷’ তিতাবৰত হেমন্ত কলিতা বিজয়ী হ’লে প্রথম ছমাহত বৰহোলাত ৰাজহ চক্র কার্যালয়ৰ লগতে উন্নয়ন খণ্ড কার্যালয় নির্মাণ কৰাৰ লগতে এখন পেৰামেডিকেল প্রতিষ্ঠান স্থাপন কৰিব বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷
টীয়কত অগপ প্রার্থীৰ হৈ নির্বাচনী প্রচাৰ
টীয়ক বিধানসভা সমষ্টিৰ মিত্রজোঁটৰ প্রার্থী ৰেণুপমা ৰাজখোৱাৰ হৈ আজি কাকজান খেলপথাৰত নির্বাচনী প্রচাৰ চলায় মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিজেপি চৰকাৰ পুনৰ গঠন কৰাত টীয়কবাসীক অংশীদাৰ হ’বলৈ আহ্বান জনাই ড০ শর্মাই কয়, ‘কংগ্রেছ প্রার্থী পল্লৱী গগৈক ভোট দিয়া মানেই আজমলৰ হাত শক্তিশালী কৰি অসমক পুনৰ অৰাজক অৱস্থালৈ ঠেলি দিয়া৷ আজমলৰ পৃষ্ঠপোষকতাত চৰকাৰ গঠন হ’লে মাদ্রাছা পুনৰ খুলি দিয়া হ’ব বুলি কৰা প্রত্যাহ্বানক ওফৰাবলৈ অগপ আৰু বিজেপিৰ সকলো একত্রিতভাৱে যুঁজ কৰিব লাগিব৷ অসমত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ হ’লে পুনৰ মিত্রজোঁটৰ চৰকাৰ গঠন কৰিব লাগিব৷’ মিত্রজোঁটৰ চৰকাৰ হ’লে মাইক্র’ফাইনেঞ্চৰ সকলো ঋণ ৰেহাই কৰি দিয়াৰ লগতে আত্মসহায়ক গোটসমূহলৈ ১ৰ পৰা ২ লাখ টকা পর্যন্ত সাহায্য প্রদান কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে৷ টীয়ক সমষ্টিৰ পৰা ৰেণুপমা ৰাজখোৱাক বিপুল ভোটত জয়ী কৰোৱাৰ দায়িত্ব ৰাইজে পালন কৰিলে সমষ্টিৰ উন্নয়নৰ দিশ নিজে তদাৰক কৰিব বুলিও প্রকাশ কৰে মন্ত্রীগৰাকীয়ে৷ পৰৱর্তী সময়ত টীয়ক এফ আৰ ইউক ১০০খন বিছনাযুক্ত কৰাৰ লগতে টীয়কৰ ললিত ৰাজখোৱা মিনি ষ্টেডিয়াম পাঁচ কোটি টকা ব্যয়েৰে সম্পূর্ণ কৰিব বুলি মন্ত্রী ড০ শর্মাই ঘোষণা কৰে৷ আজিৰ সভাত সাংসদ তপন গগৈ, কামাখ্যাপ্রসাদ তাছাৰ লগতে মিত্রজোঁটৰ প্রার্থী ৰেণুপমা ৰাজখোৱা উপস্থিত থাকে৷
আমগুৰিত বিশাল নির্বাচনী সভা
‘কংগ্রেছ–এআইইউডিএফে চৰকাৰ কৰা আৰু অসমীয়া মানুহে আত্মহত্যা কৰা একেই কথা৷ বদৰুদ্দিন আজমলক দেখিলে মহাজঁট যেন লাগে আৰু সেই বদৰুদ্দিনৰ সৈতে কংগ্রেছে মহাজোঁট কৰিছে৷ অসমৰ সভ্যতা–সংস্কৃতি ধ্বংস কৰাৰ বাবে চেষ্টা চলোৱা কংগ্রেছৰ লগত থাকি লাভ নাই৷’ –এই মন্তব্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ আজি আমগুৰি বিধানসভা সমষ্টিৰ মিত্রজোঁটৰ প্রার্থী প্রদীপ হাজৰিকাৰ হৈ নির্বাচনী সভাত অংশগ্রহণ কৰি মন্ত্রীগৰাকীয়ে কয় যে কংগ্রেছে ধুতী–লুঙী আৰু সূতাৰ ৰাজনীতি কৰে৷ ইয়াৰ বিপৰীতে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰে বৃদ্ধপেন্সন, বিধৱা পেন্সন, স্বয়ম আৰু অৰুণোদয়ৰ দৰে আঁচনি ৰাইজৰ হাতত তুলি দিছে৷ তেওঁ কয়, ‘এনেধৰণৰ আঁচনি কোনো এখন চৰকাৰে প্রদান কৰা নাছিল৷ আমগুৰি সমষ্টিৰ কংগ্রেছ প্রার্থী ড০ অংকিতা দত্তৰ ফটোখন চালে পিছফালে বদৰুদ্দিন আজমলৰ ফটোহে দেখা পায়৷ কিন্তু প্রদীপ হাজৰিকাৰ ফটোলৈ চালে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ফটোহে দেখা পায়৷ বদৰুদ্দিন আজমলে প্রথমতেই চৰকাৰ গঠন হ’লে মাদ্রাছা পুনৰ খোলা হ’ব বুলি ঘোষণা কৰিছিল৷ মাদ্রাছা বনোৱা মানুহৰ লগত অংকিতা দত্ত কেনেকৈ থাকিব?’ আগন্তুক সময়ত সমষ্টিটোৰ প্রতিগৰাকী দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ মহিলাসকলক অৰুণোদয় আঁচনিৰে সামৰি লোৱাৰ প্রতিশ্রুতিও তেওঁ প্রদান কৰে৷ ২০২২ চনৰ ৩১ মার্চৰ পূর্বে ১ লাখ চাকৰি দিয়া হ’ব বুলি তেওঁ ঘোষণা কৰে৷ কংগ্রেছ চৰকাৰৰ দিনত অংগনৱাড়ী চাকৰিৰ বাবেও ঘোচ দিবলগীয়া হৈছিল বুলি মন্তব্য কৰি ড০ শর্মাই কয়, ‘বিজেপি চৰকাৰৰ শাসন কালত ঘোচ নিদিয়াকৈ যুৱক–যুৱতীসকলে চাকৰি লাভ কৰিছে৷ চাকৰি লাভ কৰা যুৱক–যুৱতীসকলে পিতৃ–মাতৃক চোৱা–চিতা কৰিব লাগিব৷’ উল্লেখ্য যে মন্ত্রীগৰাকী উপস্থিত হোৱাৰ লগে লগে সমষ্টিটোৰ অগপ আৰু বিজেপিৰ সমর্থকসকলে তেওঁক উষ্ম আদৰণি জনায়৷ ৰাইজৰ বিপুল হর্ষধ্বনি আৰু আয়তীৰ পুষ্পবৃষ্টিৰে তেওঁক মঞ্চলৈ আদৰি অনা হয়৷ আজিৰ সভাখনত প্রার্থী প্রদীপ হাজৰিকাৰ উপৰি সাংসদ কামাখ্যাপ্রসাদ তাছা, তপন গগৈ, বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক সদস্য বিনীতা শইকীয়া দে’, আমগুৰি সমষ্টিৰ বিজেপিৰ গ্রাম্য মণ্ডলৰ সভাপতি প্রদীপ বৰাসহ বহুসংখ্যক নেতা উপস্থিত থাকে৷
ছমাহতে নাজিৰাৰ প্রতিটো জৰাজীর্ণ পথ মেৰামতিৰ প্রতিশ্রুতি মন্ত্রী ড০ শর্মাৰ
নাজিৰা সমষ্টিৰ বিজেপি প্রার্থী ময়ূৰ বৰগোহাঁইৰ হৈ আজি নাজিৰাৰ চণ্টকত নির্বাচনী ৰণডংকা বজায় বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি এখন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি মন্ত্রীগৰাকীয়ে কয় যে কংগ্রেছ আৰু এআইইউডিএফে লুঙী আৰু সূতাৰ ৰাজনীতি কৰাৰ বিপৰীতে বিজেপিয়ে উন্নয়নৰ ৰাজনীতি কৰে৷ আগন্তুক ছমাহৰ ভিতৰত নাজিৰাৰ সকলো জৰাজীর্ণ পথ মেৰামতি কৰা হ’ব বুলি তেওঁ কয়, ‘নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্রত শইকীয়াই ৰাজপথত প্রতিবাদ কৰা আৰু পত্র লিখাৰ বাহিৰে ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্রত কোনো গুৰুত্ব প্রদান নকৰে৷ কংগ্রেছ–এআইইউডিএফৰ্ লুঙী–সূতা বিতৰণেৰে ৰাজনীতি কৰাৰ দিন উকলিল৷ এতিয়া ৰাইজে উন্নয়ন বিচাৰে৷ অহা এবছৰৰ ভিতৰত ৰাজ্যৰ ১ লাখ যুৱক–যুৱতীক চাকৰি দিয়া হ’ব৷’ লক্ষণীয় যে আজি প্রিয় নেতাগৰাকীক ওচৰৰ পৰা চোৱাৰ হেঁপাহেৰে নাজিৰাত সমর্থকসকলে দীর্ঘ সময় অপেক্ষা কৰে৷ মন্ত্রীগৰাকীক বিপুল উৎসাহেৰে সমর্থকসকলে আদৰণি জনায়৷ আজিৰ সভাখনতে কংগ্রেছ দলৰ বহুসংখ্যক সদস্য আৰু কর্মীয়ে বিজেপিত যোগদান কৰে৷ এই সভাখনত সাংসদ তপন গগৈ, কামাখ্যাপ্রসাদ তাছা, বিধায়িকা নৱনীতা সন্দিকৈসহ বহুসংখ্যক নেতা উপস্থিত থাকে৷