প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ দাবী পত্ৰৰ পিছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত
কৃষি বিভাগৰ নিযুক্তিৰ অনলাইন আবেদনত প্ৰতিবন্ধী বাবে ৱেবছাইটত খুলি দিলে লিংক
নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ ৰাজ্যত নিৱনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰন কৰাৰ সময়তে কৃষি বিভাগে ২৬ ফেব্ৰুৱাৰীত ১৮৩৭ টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছতেই নিৱনুৱা সকল একপ্ৰকাৰ উৎফুল্লিত হোৱা দেখা গৈছিল৷ কিন্তু পৰিতাপৰ বিষয় উক্ত পদসমূহ পূৰনৰ বাবে যেতিয়া অনলাইন প্ৰক্ৰিয়া খুলি দিলে তেতিয়া তাত ৰাজ্যৰ প্ৰতিবন্ধী লোকসকলে আবেদন কৰিব পৰা ব্যৱস্থাই নাছিল৷ যাৰ ফলত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছিল৷ ৰাজ্যৰ প্ৰতিবন্ধীসকলৰ কল্যাণকামী সংগঠন হিচাপে প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমে ৩০ মাৰ্চত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বহিৰাগত পৰিক্ষা বিভাগৰ সংযোজকক আৱেদন প্ৰক্ৰিয়াত প্ৰতিবন্ধী লোকক আৱেদন কৰিব পৰা ব্যৱস্থা কৰাৰ লগতে প্ৰতিবন্ধী আইন ২০১৬ অনুসৰি নিযুক্তি প্ৰক্ৰিয়াটোত ৪ শতাংশ হাৰত সংৰক্ষণৰ ব্যৱস্থা কৰা নাই আৰু বয়সৰ ক্ষেত্ৰতো কোনো নিদিষ্ট সুবিধা প্ৰদান কৰা নাছিল৷
স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছতেই শুকুৰবাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰতিবন্ধী সকলে আবেদন কৰিব পৰাকৈ কৃষি বিভাগৰ ৱেবছাইটত লিংকটো খুলি দিয়ে৷ কিন্তু এতিয়াও বয়সৰ উৰ্দ্বসীমা, ৪ শতাংশ হাৰত সংৰক্ষণৰ ব্যৱস্থা কৰা আৰু আবেদনৰ সময়সীমা বৃদ্ধি কৰা নাই৷ আৱেদন কৰিব পৰা ব্যৱস্থা কৰাৰ সমান্তৰালকৈ বাকী অসুবিধা সমুহো শীঘ্ৰে সমাধান কৰিবলৈ দাবী জনাই প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সম্পাদক নৃপেন মালাকাৰে৷ ৷ যদি আমাৰ দাবীসমূহ সমাধান ক্ষেত্ৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহন নকৰে তেন্তে আনাগত দিনত প্ৰতিবন্ধী সকলৰ আয়ুক্তৰ লগতে অন্য সকলো গনতিন্ত্ৰিক জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি হুংকাৰ দিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সম্পাদক নৃপেন মালাকাৰে৷