নহ’ব আতংকিতঃ লকডাউন নহয়–সুকলমে হ’ব বিহু
ৰাজ্যবাসীক আশ্বস্ত কৰি স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ অভয়বাণী
নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ দেশৰ বিভিন্ন ৰাজ্যত ক’ৰোনাৰ দ্বিতীয় ঢ়ৌৱে পুনৰ পৰিস্থিতি ভয়াৱহ কৰি তোলাৰ সময়তে অসমতো পৰিৱেশ অৱনতি হোৱাৰ সম্ভাৱনাক লৈ শেহতীয়াকৈ চলি থকা চর্চা আজি সম্পূর্ণৰূপে নস্যাৎ কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাক লৈ পুনৰ লকডাউন বলৱৎ হ’ব বুলি সৃষ্টি হৈ থকা শংকাৰ মাজতে ৰাজ্যবাসীক আশ্বস্ত কৰি স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা– লকডাউন, নাইট কার্ফিউৰ কোনো সম্ভাৱনা নাই৷ মহানগৰীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত এখন সংবাদ মেলত ক’ভিড পৰিস্থিতিৰ প্রসংগ উত্থাপন কৰি মন্ত্রীগৰাকীয়ে কয়– ক’ৰোনাৰ সংক্রমণৰ এটা বছৰ অতিক্রম কৰাৰ সময়তে পুনৰ সৃষ্টি হোৱা পৰিৱেশক লৈ আতংকিত হোৱাৰ প্রয়োজন নাই৷
স্বাস্থ্য বিভাগে ইতিমধ্যে ক’ভিড টেষ্টৰ সংখ্যা ক্রমাৎ বৃদ্ধি কৰিছে৷ কালি ১৮ হাজাৰ ক’ভিড টেষ্ট সম্পূর্ণ কৰাৰ পাছত বিভাগে এই সংখ্যা এক লাখলৈ বৃদ্ধি কৰাৰ প্রস্তুতি চলাইছে৷ বিহুৰ সময়ছোৱাত প্রতিদিনে এক লাখ লোকক ক’ভিড টেষ্ট কৰা হ’ব৷ ক’ভিড টেষ্টৰ সংখ্যা বৃদ্ধি কৰিলে প্রথম পর্যায়ত আক্রান্তৰ সংখ্যা কিছু বৃদ্ধি পাব যদিও তাক লৈ চিন্তাৰ প্রয়োজন নাই৷ কিয়নো বৃহৎসংখ্যক লোকক একে সময়তে পৰীক্ষা কৰিলে আক্রান্তৰ সংখ্যা বৃদ্ধি হোৱাটো স্বাভাৱিক৷ কিন্তু ইয়াৰ দ্বাৰা সংক্রমণ বৃদ্ধি পোৱাটো নুবুজায়৷ দৰাচলতে এই পৰীক্ষা ক’ভিডৰ বিৰুদ্ধে গ্রহণ কৰা এক কৌশলী পদক্ষেপহে৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ ইয়াকো উল্লেখ কৰে যে ক’ভিড টেষ্টৰ সংখ্যা বৃদ্ধিৰ জৰিয়তে এইবাৰ যাতে বিহু সুকলমে উদ্যাপিত কৰিব পাৰে, তাৰ প্রতি লক্ষ্য ৰখা হৈছে৷ তেওঁ কয়– যোৱা সময়ছোৱাত ক’ৰোনাৰ সংক্রমণৰ বাবে লকডাউনৰ সম্ভাৱনাক লৈ বিভিন্ন সংবাদ মাধ্যমত চর্চা চলিছে৷ কিন্তু ৰাজ্যৰবাসীক মই আশ্বস্ত কৰোঁ যে কোনোধৰণৰ লকডাউন বা নাইট কার্ফিউৰ সম্ভাৱনা নাই৷ স্বাস্থ্য বিভাগৰ একমাত্র ষ্ট্রেটেজী হ’ল– টেষ্ট, ট্রেছ, ট্রেক৷ এই তিনিটা পর্যায়ৰ জৰিয়তে সংক্রমণ প্রতিহত কৰাৰ পদক্ষেপ লোৱা হৈছে৷
ৰাজ্যত ক’ৰোনাক লৈ যি শংকাৰ সৃষ্টি হৈছে, সেয়া অমূলক বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয়– পূর্বে ক’ৰোনাক লৈ যি আতংক আছিল, সেয়া এতিয়া বহুখিনি নোহোৱা হৈছে৷ চিকিৎসালয়ত চিকিৎসকসকলে ভেকচিন লোৱা হেতু ৰোগীক চিকিৎসা কৰাৰ ক্ষেত্রত কোনো সমস্যা সৃষ্টি নহয় এতিয়া৷ তদুপৰি সকলো চিকিৎসালয়তে অক্সিজেন, আই চি ইউ আদিৰ ব্যৱস্থা উপলব্ধ হৈ আছে৷ আতংকিত হোৱাৰ প্রয়োজন নাই, কিন্তু সজাগ হ’ব লাগিব৷ ইফালে আগন্তুক সময়ছোৱাৰ বাবে স্বাস্থ্য বিভাগে বিশেষ নিয়ম বলৱৎ কৰিব৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ আজি প্রকাশ কৰা অনুসৰি মহাৰাষ্ট্র আৰু কর্ণাটকৰ পৰা অহা প্রতিজন লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হ’ব৷ এইসকল লোকে উক্ত ৰাজ্যকেইখনত ক’ভিড পৰীক্ষা কৰি আহিলেও অসমত প্রৱেশ কৰাৰ পূর্বে ক’ভিড পৰীক্ষাৰ সন্মুখীন হ’ব লাগিব৷
আনহাতে, বিহুৰ পূর্বৰ পৰা ৭ দিনলৈ এক লাখকৈ ক’ভিড টেষ্ট সম্পন্ন কৰা হ’ব৷ যিহেতু লকডাউনৰ কোনো সম্ভাৱনা নাই, গতিকে প্রতিখন বিদ্যালয়, মহাবিদ্যালয়ৰ পাঠদান নিয়মিতভাৱে চলিব৷ কার্যতঃ পূর্বৰ দৰেই স্বাভাৱিক জীৱন যাপন চলাই নিব পাৰিব সাধাৰণ ৰাইজে৷ মন্ত্রীগৰাকীয়ে কয়– বিগত বর্ষত ৩,৫০০গৰাকী লোক ক’ৰোনাত আক্রান্ত হোৱাৰ পাছতো চৰকাৰে লকডাউন ঘোষণা কৰা নাছিল৷ বর্তমান গুৱাহাটীত গড়ে ৩০জন লোকহে ক’ৰোনাত আক্রান্ত হৈছে৷ গতিকে লকডাউনৰ সম্ভাৱনা নাই৷ অৱশ্যে বিহু উদ্যাপন কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে বিশেষ এছ অ’ পি অচিৰেই বলৱৎ কৰিব৷ মন কৰিবলগীয়া যে লকডাউনৰ সম্ভাৱনাক লৈ একাংশ বিহু উদ্যাপন কমিটীয়ে কিছু সমস্যাৰ সন্মুখীন হৈছে৷ মন্ত্রীগৰাকীয়ে আজি প্রতিখন বিহু উদ্যাপন কমিটীক আশ্বস্ত কৰি কয় যে পূর্বৰ দৰে স্বাভাৱিক ধৰণে বিহু উদ্যাপন কৰাত বাধা নাই৷ অৱশ্যে নিশা ১২ বজাৰ পূর্বেই বিহুৰ সাংস্কৃতিক অনুষ্ঠান শেষ কৰা, সাধাৰণ ৰাইজে অনুষ্ঠান উপভোগৰ বাবে বহা চকীসমূহৰ মাজত দূৰত্ব বজাই ৰখা আদি বিষয়বোৰৰ ক্ষেত্রত চৰকাৰে অচিৰেই এছ অ’ পি মুকলি কৰিব৷