নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশাটোতে সোমাল ১৫০ কয়লাভর্তি ট্রাক ২৫ হাজাৰকৈ এন্ট্ৰী টেক্স সংগ্রহ কয়লা মাফিয়াৰ

নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ ৰাজ্যত সদ্যসমাপ্ত নির্বাচনক লৈ সমগ্র আৰক্ষী ব্যস্ত হৈ থকাৰ সময়তে বেলতলাত ৰমৰমীয়া হৈ উঠিছে অবৈধ কয়লা ছিণ্ডিকেট৷ নির্বাচনৰ সময়ছোৱাত প্রতিদিনে এশৰ পৰা ডেৰশখনকৈ অবৈধ কয়লাভর্তি ট্রাক প্রৱেশ কৰিছে বেলতলাত৷ মেঘালয়ৰ পৰা বেলতলাত প্রৱেশ কৰা এই অবৈধ কয়লা ট্রাকসমূহৰ পৰা  নতুনকৈ গঢ়ি উঠা কয়লা ছিণ্ডিকেট চক্রই প্রতিখন ট্রাকৰ পৰা সংগ্রহ কৰিছে ২৫ হাজাৰকৈ টকা৷ ছিণ্ডিকেট চক্রই অসম এণ্ড্রিৰ নামত কয়লা ট্রাকসমূহৰ পৰা গুণ্ডাকৰ সংগ্রহ কৰাৰ পাছত কোনো কাগজ–পত্র নোহোৱাকৈ আৰু জিএছটি আদায় নিদিয়াকৈ কয়লাৰ অবৈধ ব্যৱসায় ৰমৰমীয়া কৰি তুলিছে বেলতলাৰ কয়লা ব্যৱসায়ীসকলে৷

অভিযোগ অনুসৰি মেঘালয়ৰ পৰা অহা ট্রাকসমূহে যোৰাবাট আৰু খানাপাৰাত ছিণ্ডিকেট চক্রক আদায় দিব লাগে অসম এণ্ড্রিৰ ২৫ হাজাৰ টকাকৈ৷ এই গুণ্ডাকৰ আদায় দিয়াৰ পাছতেই যোৰাবাট আৰু বশিষ্ঠ থানাৰ সন্মুখেৰে নিশা পাৰ হয় অবৈধ কয়লাভর্তি ট্রাকসমূহ৷ বেলতলাৰ এই অবৈধ কয়লা ছিণ্ডিকেটৰ নেতৃত্ব দিছে ছনু ওৰফে অনিল কাশ্যপ নামৰ এজন বিহাৰী কয়লা মাফিয়াই৷ ছনু নামৰ কয়লা মাফিয়াজনৰ হৈ কৃষ্ণ, বিজু আৰু কুলদীপ সিঙে কয়লাভর্তি ট্রাকসমূহৰ পৰা গুণ্ডাকৰ সংগ্রহ কৰে বুলি অভিযোগত প্রকাশ৷ অভিযোগ অনুসৰি যোৰাবাট আৰু বশিষ্ঠ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া দুজনৰ আশীর্বাদপুষ্ট হোৱা বাবেই ছনুৱে বেলতলাত আৰক্ষীৰ পৰোক্ষ ছত্রছায়াতে নির্বিঘ্ণে অব্যাহত ৰাখিছে অবৈধ ছিণ্ডিকেট৷ তাৎপর্যপূর্ণভাৱে ছনু ওৰফে অনিল কাশ্যপৰ হৈ গুণ্ডাকৰ সংগ্রহ কৰা কৃষ্ণ আৰু বিজু মহানগৰীৰ এজন প্রতিষ্ঠিত অনা–সমীয়া ব্যৱসায়ীৰ বাউঞ্চাৰ ৰূপে কর্মৰত৷ এই ব্যৱসায়ীজনেই পৰোক্ষভাৱে ছিণ্ডিকেট চক্রটো পৰিচালনা কৰি অহা বুলি অভিযোগ উত্থাপন হৈছে৷

অভিযোগ অনুসৰি অনা–সমীয়া ব্যৱসায়ীজনৰ এজেণ্ট ৰূপে বেলতলাৰ অবৈধ কয়লা ছিণ্ডিকেটো তদাৰক কৰে ছনু ওৰফে অনিল কাশ্যপ নামৰ কুখ্যাত বিহাৰী মাফিয়াজনে৷ আনহাতে, এই ব্যৱসায়ীজনক মুখ্যমন্ত্রী কার্যালয়ৰ এজন বিতর্কিত বিষয়া আৰু অসম আৰক্ষীৰ শীর্ষ বিষয়া এজনে সুৰক্ষা দি অহা বুলি অভিযোগ উত্থাপন হৈছে৷ মুখ্যমন্ত্রী কার্যালয়ৰ বিতর্কিত বিষয়াজনৰ সৈতে বশিষ্ঠ আৰু যোৰাবাট থানাৰ ভাৰপ্রাপ্ত বিষয়া দুজনৰ ঘনিষ্ঠ সম্পর্ক থকা বুলিও অভিযোগত প্রকাশ৷ এনে ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বাবেই এই দুজন কনিষ্ঠ আৰক্ষী বিষয়াই গুৱাহাটী মহানগৰীত নির্বিঘ্ণে বিভিন্ন অবৈধ ব্যৱসায় চক্রক সুৰক্ষা দি অহা বুলি সময়ে সময়ে অভিযোগ উঠি আহিছে৷ উল্লেখ্য যে এই ছিণ্ডিকেট চক্রটোৰ তত্ত্বাৱধানতেই বেলতলাত প্রতিনিশাতে প্রায় ৪০ৰ পৰা ৫০ লাখকৈ টকাৰ গুণ্ডাকৰ সংগ্রহ হৈ আহিছে৷ এই গুণ্ডাকৰৰ ভাগ কোনে কোনে লাভ কৰে, সেয়া এতিয়া বৃহৎ প্রশ্ণ হৈ পৰিছে৷ শেহতীয়া নির্বাচনত বিজেপি মিত্রজোঁটৰ চৰকাৰ আৰু স্বয়ং মুখ্যমন্ত্রীয়ে ৰাজ্যৰ পৰা অবৈধ ছিণ্ডিকেট উৎখাত হোৱা বুলি প্রতিটো ভাষণতে উল্লেখ কৰি অহাৰ সময়তে বেলতলাত আৰক্ষী তথা মুখ্যমন্ত্রী কার্যালয়ৰ বিতর্কিত বিষয়াৰ ছত্রছায়াতে অবৈধ ছিণ্ডিকেট অব্যাহত থকাটোৱে এনে বক্তব্যৰ অন্তঃসাৰশূন্যতাকে প্রতিপন্ন কৰিছে৷

You might also like