সুখ–শান্তি
বিহাৰৰ আটাইতকৈ দৰিদ্র মানুহবোৰো বোলে আমেৰিকাৰ আটাইতকৈ ধনী মানুহতকৈ বেছি সুখী৷ এজন মানুহে বছৰি এক লাখ ডলাৰ অতিৰিক্ত উপার্জন কৰি যিমান সুখী হ’ব পাৰিব, তাতকৈ তেওঁ বহুগুণে বেছি সুখী হ’ব পাৰিব নিজৰ পত্নীৰ লগত শাৰীৰিক আৰু মানসিক সম্পর্কৰ উন্নতি কৰি৷ স্বাস্থ্যৰ যত্ন ল’বলৈ আৰু ৰোগৰ চিকিৎসা কৰাবলৈ সীমাহীন আর্থিক সামর্থ্য থকা ধনী মানুহবোৰতকৈ স্বাস্থ্য আৰু ৰোগৰ প্রতি উদাসীন হৈ থকা মানুহবোৰ বেছি শান্তিত থাকে৷
এই অভিনৱ আৰু চাঞ্চল্যকৰ তথ্যবোৰ ঘোষণা কৰিছে এনে কেইজনমান অর্থনীতিবিদে– যিসকলে দাবী কৰিছে যে তেওঁলোকে অর্থনৈতিক অধ্যয়নৰ এখন নতুন ক্ষেত্র মুকলি কৰিছে৷ অর্থনীতিৰ এই নতুন শাখাটোৰ নাম দিয়া হৈছে ‘সুখৰ অর্থনীতি’–Economics of happiness৷
মোৰ মতে তথাকথিত অর্থনীতিবিদসকলৰ এই দাবী হাস্যকৰ৷ তেওঁলোকৰ অর্থনৈতিক আৱিষ্কাৰত একো নতুনত্ব বা মৌলিকতা নাই৷ সুখ আৰু শান্তিৰ লগত যে প্রাচুর্য আৰু ধন–ঐশ্বর্যৰ একো সম্পর্ক নাই, সেই কথা পৃথিৱীৰ সকলো দেশৰ সকলো যুগৰ জ্ঞানী লোকসকলে নিজৰ সহজ জ্ঞান আৰু অভিজ্ঞতাৰ সহায়েৰে উপলব্ধি কৰি আহিছে৷ প্রাচীন ভাৰতৰ জ্ঞানী লোকসকলে ত্যাগ কৰি ভোগ কৰিবলৈ মানুহক উপদেশ দিছিল৷ অর্থাৎ ধনৰ লালসা আৰু ভোগ বিলাস ত্যাগ কৰিলেহে মানুহ প্রকৃত অর্থত সুখী হ’ব পাৰে৷
এবাৰ ছক্রেটিছক তেওঁৰ এজন বন্ধুৱে এথেন্সৰ এখন ডাঙৰ বজাৰ দেখুৱাবলৈ লৈ গৈছিল৷ দেশ–বিদেশৰ নানা চমকপ্রদ পণ্য সামগ্রীৰে বজাৰখন ঠাহ খাই আছিল৷ ছক্রেটিছে বজাৰখন ঘূৰি–পকি চাই ঘোষণা কৰিলে– ‘বজাৰখন চাবলৈ আহি মই এই শিক্ষাই পালোঁ যে এই গোটেই বস্তুবোৰ মোৰ কাৰণে একেবাৰে অদর্কাৰী৷ এই বস্তুবোৰ নোহোৱাকৈয়ে মই সম্পূর্ণ সুখত আছোঁ আৰু ভৱিষ্যতেও থাকিম৷’
ছক্রেটিছে আঢ়ৈ হাজাৰ বছৰৰ আগতেই যি কথা কৈ গৈছিল, সুখৰ অর্থনীতি উদ্ভাৱন কৰা নতুন অর্থনীতিবিদসকলেনো তাতকৈ নতুন কথা বা বেলেগ কথা কি কৈছে? হেনৰী ডেভিদ থ’ৰোৱে নিজৰ জীৱনত এই সুখৰ অর্থনীতিৰেই অনুশীলন কৰা নাছিল জানো? তেওঁ ৱাল্ডেনত Walden) যিবোৰ কথা লিখি থৈ গৈছে সেইবোৰেই জানো সুখৰ অর্থনীতিৰ আদিপাঠ নহয়?
কিন্তু ডেভিদ ব্লাঞ্চফ্লাৱাৰ, এণ্ড্রু অছৱাল্ড বা আয়োনা হীথ আদি অর্থনীতিবিদসকলে একো নতুন কথা নক’লেও পুৰণি কথাবোৰকে নতুন ভাষাত কৈ বা নতুনকৈ মানুহক সোঁৱৰাই দি এটা অতি প্রয়োজনীয় কাম কৰিছে৷ ছেমুৱেল জনছনে এষাৰ অতি সাৰুৱা কথা কৈ থৈ গৈছে৷ তেওঁ কৈছিল যে মানুহে নতুন নতুন কথা শিকি থকাতকৈ পাহৰি যোৱা পুৰণি কথাবোৰ স্মৰণ কৰাটো বেছি প্রয়োজনীয় কথা৷ ‘সুখৰ অর্থনীতি’ একো নতুন কথা নহয় কিন্তু আধুনিক মানুহে বুজি পোৱা ভাষাত তাক নতুনকৈ কোৱাৰ প্রয়োজন আছিল৷ বিশেষকৈ বর্তমান সময়ৰ মানুহক– যি সময়ত ধনেই হৈ পৰিছে বেছিভাগ মানুহৰ জীৱনৰ প্রধান লক্ষ্য আৰু পার্থিৱ কৃতকার্যতাৰ একমাত্র মাপকাঠী৷ টলষ্টয়ে তেওঁৰ অমৰ উপন্যাস ‘যুদ্ধ আৰু শান্তি’ৰ প্রধান চৰিত্র পিটাৰৰ মুখেদি এই কথাটোকে কোৱাইছে তেওঁৰ অনুপম আৰু অবিস্মৰণীয় ভাষাত৷ পিটাৰ আছিল ৰাছিয়াৰ আটাইতকৈ ধনী মানুহ৷ কিন্তু তেওঁ যেতিয়া নেপোলিয়নৰ সেনাবাহিনীৰ হাতত বন্দী হ’ল, তেওঁক তেতিয়া দিনৰ পিছত দিন অনাহাৰে থাকিবলৈ বাধ্য কৰা হ’ল৷ পানী খাবলৈ নাপাই তেওঁৰ প্রাণ কণ্ঠাগত হ’ল জাৰত তেওঁ আধামৰা হ’ল৷ তেতিয়াহে তেওঁ জীৱনত প্রথমবাৰৰ কাৰণে বুজি পালে যে ভোকত আহাৰ খাবলৈ পোৱাতকৈ বা পিয়াহত পানী খাবলৈ পোৱাতকৈ অধিক আনন্দদায়ক অভিজ্ঞতা আন একোৱেই হ’ব নোৱাৰে৷ যি মানুহে জীৱনত কেতিয়াও অভাৱৰ মুখ দেখা নাই, তেনে মানুহে এই আনন্দৰ কথা কল্পনাও কৰিব নোৱাৰে৷
পৃথিৱীৰ বিভিন্ন দেশত চলোৱা সমীক্ষাই এই কথা প্রমাণ কৰিছে যে মানুহৰ ধন–সম্পত্তি যিমানেই বাঢ়িছে সিমানেই হ্রাস পাইছে জীয়াই থকাৰ আনন্দ৷ পৃথিৱীৰ যিকেইখন দেশত জীৱন যাপনৰ মান আটাইতকৈ উচ্চ, সেইকেইখন দেশৰ মানুহে এতিয়া তুলনামূলকভাৱে আগতকৈ কম পৰিমাণে হাঁহে৷ আত্মহত্যা কৰা মানুহৰ সংখ্যাও দ্রুতগতিৰে বাঢ়িব ধৰিছে ধনী দেশকেইখনত৷ টাইম মেগাজিনত প্রকাশিত এটা প্রবন্ধত দিয়া তথ্য অনুযায়ী ১৯৫৭ চনত আমেৰিকাত যিমান ধনী মানুহ আছিল তাতকৈ ধনী মানুহৰ সংখ্যা দুগুণ হ’ল ১৯৯০ চনত৷ কিন্তু ১৯৫৭ চনত আমেৰিকাৰ যিমান মানুহ নানা প্রকাৰৰ মানসিক বিকাৰ আৰু বিমর্ষতাৰ দ্বাৰা আক্রান্ত হৈছিল, তেনেকুৱা মানুহৰ সংখ্যাও কেইবাগুণে বৃদ্ধি পালে ১৯৯০ চনত৷ ভাৰততো কোটিপতিৰ সংখ্যা চমকপ্রদভাৱে বাঢ়িব ধৰিছে৷ ডাঙৰ ডাঙৰ বিদেশী বেংক আৰু বহুজাতিক কোম্পানীবোৰত উচ্চপদত কাম কৰা মানুহবোৰে বোলে আৰম্ভণিতে লাখ লাখ টকাৰ দৰমহা পায়৷ তাকে লৈ পোৱাবোৰৰ গর্ব আৰু নোপোৱাবোৰৰ ঈর্ষাৰ অন্ত নাই৷ কিন্তু ধনী মানুহৰ সংখ্যা যিমান বাঢ়িছে সেই অনুপাতে সুখী মানুহৰ সংখ্যা বাঢ়িছেনে? বৰং এই কথাহে ক’ব পাৰি যে মানুহ ধন আৰু বিলাস–বসনৰ নিচাত যিমানেই মতলীয়া হৈছে সিমানেই মানুহৰ জীৱনৰ পৰা সুখ–শান্তি হেৰাই গৈছে৷ আধুনিক মানুহক এই কথাটোকে সোঁৱৰাই দিয়াটোৱেই হ’ল ‘সুখৰ অর্থনীতি’ৰ প্রধান কৃতিত্ব৷
সুখ আৰু আনন্দৰ লগত যে প্রাচুর্য আৰু ঐশ্বর্যৰ খুব বেছি গভীৰ সম্পর্ক নাই সেই কথা জানিবলৈ মানুহে কিতাপ পঢ়াৰ দৰকাৰ নাই প্রত্যেক মানুহে নিজৰ অভিজ্ঞতা বিশ্লেষণ কৰি চালেই সেই কথা বুজিব পাৰিব৷ উদাহৰণ হিচাপে মই নিজৰ এটা অভিজ্ঞতাৰ কথা ক’ব খোজোঁ৷ সম্প্রতি গুৱাহাটীত যিকেইটা বস্তুৰ সংখ্যা দ্রুতগতিৰে বৃদ্ধি পাইছে সেইবোৰৰ ভিতৰত এটা হ’ল হোটেল–ৰেষ্টুৰেণ্ট৷ কেইখনমান হোটেল–ৰেষ্টুৰেণ্টৰ মান যথেষ্ট উন্নত৷ মই নিজে হোটেলত খাবলৈ ভাল নাপাওঁ৷ উইল ডুৰাণ্টে তেওঁৰ কোনোবা এখন ৰচনাত হোটেলৰ খাদ্যক বিষৰ লগত তুলনা কৰিছে৷ মই সিমানখিনি অত্যুক্তি কৰিব নোখোজোঁ৷ তথাপি ময়ো হোটেলত খোৱাটো পৰাপক্ষত এৰাই চলিব খোজোঁ৷ কিন্তু সামাজিকতাৰ দায়ত পৰি কেতিয়াবা হোটেলত খাবলৈ যাব লগা হয়৷ তেনে এটা পৰিস্থিতিত পৰি কিছুদিনৰ আগতে গুৱাহাটীৰ এখন অত্যাধুনিক ৰেষ্টুৰেণ্টত খাবলৈ গৈছিলোঁ৷ সুদৃশ্য মনোৰম পৰিৱেশত বিচিত্র সুখাদ্যৰ জুতি লোৱা হ’ল৷ খাই থাকোঁতেই মই কেইমুহূর্তমানৰ কাৰণে অন্যমনস্ক হৈ পৰা দেখি নিমন্ত্রণকর্তা বন্ধুজনে মোক সুধিলে– ‘কি হ’ল? খাই ভাল লগা নাই নেকি? খোৱাত মন বহা নাই যেন পাইছোঁ৷’
মই আকৌ খাবলৈ আৰম্ভ কৰি বন্ধুজনক ক’লোঁ– ‘তুমি ঠিকেই ধৰিছা৷ মোৰ মনটো হঠাত উৰি গৈছিল দূৰ অতীতলৈ, ভোলাৰ হোটেললৈ৷ ৰেষ্টুৰেণ্টৰ পৰা ওলাই গাড়ীত বহাৰ লগে লগে তোমাৰ এই দামী ৰেষ্টুৰেণ্টখনৰ বিচিত্র সুখাদ্যৰ কথা সমূলি পাহৰি যাম কিন্তু আজি প্রায় ৭০ বছৰৰ পিছতো মই পাহৰিব পৰা নাই ভোলাৰ হোটেলৰ ভাতসাঁজৰ কথা৷’
বন্ধুৱে সপ্রশ্ণ আৰু বিস্ময়পূর্ণ দৃষ্টিৰে মোলৈ চাই ৰ’ল৷ মই আকৌ ক’বলৈ ধৰিলোঁ– ‘মই কটন কলেজত পঢ়া দিনৰ কথা৷ গৰম বন্ধ বা পূজা বন্ধৰ পিছত আমি যেতিয়া হোষ্টেললৈ ঘূৰি আহোঁ৷ তেতিয়া প্রায়েই এনে হয় যে আমি হোষ্টেললৈ ঘূৰি অহাৰ দিনাই মেছ নোখোলে৷ অন্ততঃ দুপৰীয়াৰ সাঁজটো আমি নিজৰ খৰচত হোটেলত খাব লগা হয়৷ তেতিয়া গুৱাহাটীৰ জনসংখ্যা আছিল মাত্র ৪৪ হাজাৰ৷ হোটেলৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা৷ সেইবোৰো অতি নিম্নমানৰ৷ পাণবজাৰৰ নাককটা পুখুৰীৰ পৰা উত্তৰ দিশে কেইখোজমান আগুৱাই গ’লে ৰাস্তাৰ বাঁওফালে ভোলাৰ হোটেল৷ টিনৰ চালিৰ এটা সৰু ঘৰ, বাৰাণ্ডাত গ্রাহকৰ বাবে পাৰি থোৱা থাকে এখন কাঠৰ দীঘল বেঞ্চ আৰু দীঘল ডেস্ক৷ হোষ্টেলৰ ওচৰ হোৱা কাৰণে আৰু লগতে ভাতৰ দামো সস্তা হোৱাৰ কাৰণে আমি প্রায়ে ভোলাৰ হোটেললৈ যাওঁ৷ এসাঁজ ভাতৰ দাম ডেৰ টকা৷ পেটুৱা ভোলাই কেতিয়াবা খালী গাৰেই আৰু কেতিয়াবা লেতেৰা বনিয়ন এটা পিন্ধি বাৰাণ্ডাতে চকী এখন পাৰি বহি থাকে৷ গ্রাহক দেখাৰ লগে লগে তেওঁ পাকঘৰৰ ফালে চাই চিঞৰ মাৰি ভাতৰ অর্ডাৰ দিয়ে৷ একাঁহী ভাত, এবাটি পনীয়া দাইল, ভাতৰ কাষত অকণমান ভাজি, এটা বাটিত মচলা পানীত ডুব গৈ থকা এটুকুৰা মাছ, নেমু টেঙা, নিমখ–জলকীয়া…. সত্তৰ বছৰৰ সিপাৰৰ পৰা ভাহি অহা সেই ভাত–দাইলৰ গোন্ধ, ভোলাৰ লেতেৰা হোটেলৰ গোন্ধ, ভোলাৰ ঘর্মাক্ত গাৰ গোন্ধ হঠাত মোৰ নাকত লাগিল৷… তাৰ পিছত কিমান বিভিন্ন ঠাইত বিচিত্র সুখাদ্যৰ জুতি ল’লোঁ বা পালোঁ, বেছি ভাগ সুখাদ্যৰ কথাই খাই শেষ কৰাৰ লগে লগে পাহৰি গ’লোঁ৷ যি কেইসাঁজ খোৱাৰ কথা আজিও পাহৰা নাই, কেতিয়াও পাহৰিব নোৱাৰিম, সেইবোৰৰ ভিতৰত এসাঁজ হ’ল ভোলাৰ দীন–হীন হোটেলত খোৱা সেই তুচ্ছ নগণ্য ভাতসাঁজ৷
সুখৰ অর্থনীতি বুজিবলৈ মই আন একো কৰিব নালাগে৷ ভোলাৰ হোটেলৰ সেই ভাতসাঁজৰ স্মৃতি ৰোমন্থন কৰিলেই হ’ল৷