নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Google Mapsৰ সহায় লৈ আন এগৰাকী কইনাৰ ঘৰ পালেগৈ বৰযাত্রী! তাৰপাছত…

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ বৰ্তমান কোনো এটা অজ্ঞাত স্থানলৈ গ’লেই সকলোৰে প্ৰধান ভৰসা হৈ পৰে গুগল মেপ। কিন্তু কেতিয়াবা বহুলোকে এই গুগল মেপ ব্যৱহাৰ কৰি বিপদতো ভুগিছে। ঠিক অনুৰূপ ঘটনা ঘটিছে ইন্দোনেছিয়াত।

বিয়া কৰিবলৈ যাওঁতে কইনাৰ ঘৰ বিচাৰি গুগল মেপৰ সহায় লৈছিল বৰযাত্ৰীয়ে। কিন্তু সেয়াই যেন কাল হ’ল। কাৰণ ভুলৱশত কইনাৰ ঘৰলৈ যোৱাৰ বিপৰীতে আন এগৰাকী কইনাৰ ঘৰতহে উপস্থিত হয়গৈ বৰযাত্রী। আনকি উপহাৰ আদান-প্রদানো আৰম্ভ হৈ গৈছিল। শেষপর্যন্ত অৱশ্য অঘটনটো নঘটিল।

এক আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, শেহতীয়াকৈ দেশখনৰ এখন গাঁৱতে দুগৰাকী ছোৱালীৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল।

You might also like