ডোপামিন নামৰ এবিধ জৈৱ ৰসায়ন আমাৰ মগজুৰ ছাবষ্টেনচিয়া নাইগ্রা আৰু ল’কাছ ছেৰুলিয়াছ নামৰ স্নায়ুকোষত ডৎপত্তি আৰু ক্ষৰণ হয়৷ উল্লেখ্য যে এই জৈৱ ৰসায়নবিধৰ কম উৎপাদন বা ক্ষৰণৰ ওপৰতে বিভিন্ন ধৰণৰ স্নায়ুকোষৰ কার্যদক্ষতা নির্ভৰ কৰে৷
মগজুত সংকোচনৰ ফলত বিভিন্ন ধৰণৰ ৰোগৰ কাৰণে ক্রমান্বয়ে শুকাই যাবলৈ আৰম্ভ কৰে৷ এই ৰোগবিলাক সাময়িকভাৱে মগজু আৰু স্নায়ুতন্ত্রত সংকোচনৰ কাৰণে হয়৷ এনেবোৰ ৰোগৰ ভিতৰত পাৰকিনছন ৰোগটো অতি সঘনাই হোৱা দেখা যায়৷ এই ৰোগত মানুহজনৰ মুখৰ হাঁহিটো নোহোৱা হৈ যায়, হাত–ভৰিৰ চাল–চলনবোৰ কমি যায় আৰু খোজ–কাটলবোৰ অত্যন্ত স্থবিৰ হৈ পৰে৷ মাতটো ক্রমান্বয়ে সৰু হৈ আহে আৰু হাত–ভৰিবিলাক কঁপিবলৈ আৰম্ভ কৰে৷
এই ৰোগৰ কাৰণ হ’লঃ মগজুত ডোপামিন বোলা নিউৰ’ ড্রান্সমিটাৰৰ অভাৱ৷ আমাৰ মগজুত এস্থিটাইল ক’লিন বোলা আন এবিধ নিউৰ’ ড্রান্সমিটাৰ থাকে৷ স্বাভাৱিক অৱস্থাত এস্থিটাইল ক’লিন আৰু ডোপামিনৰ মাজত একপ্রকাৰ ভাৰসাম্য বর্তি থাকে৷ কিন্তু পাৰকিনছন ৰোগত ডোপামিনৰ মাত্রা কমি যোৱাৰ বাবে এস্থিটাইল ক’লিনৰ প্রভাৱ ক্রমান্বয়ে বাঢ়ি যায়৷ ইয়াৰ ফলত ওপৰত উল্লেখ কৰা লক্ষণসমূহ দেখা পোৱা যায়৷ এইৰোগৰ চিকিৎসাৰ বাবে ঔষধৰ ৰূপত ডোপামিন যোগান ধৰা হয়৷ ইয়াৰ উপৰি মগজুৰ বিশেষ অংশক উত্তেজিত কৰি ডোপামিনৰ সংশ্লেষণ বঢ়াবলৈ চেষ্টা কৰা যায়৷ এই চিকিৎসা পদ্ধতিটো ডিপ ব্রেইন ষ্টিমুলেছন বুলি জনা যায়৷
পাৰকিনছন ৰোগত এই স্নায়ুকোষৰ ক্ষয় হয় আৰু ফলস্বৰূপে ডোপামিন নামৰ জৈৱ ৰসায়নবিধৰ উৎপাদন তথা ক্ষৰণ কমকৈ হোৱাৰ বাবেই এই ৰোগৰ লক্ষণসমূহে দেখা দিয়ে৷
বহল অর্থত এই ৰোগৰ কাৰণসমূহক তিনি ভাগত ভগাব পাৰিঃ
ক) প্রাকৃতিক কাৰণঃ এম পি টি পি নামৰ এবিধ প্রাকৃতিক জৈৱ ৰসায়ন৷
খ) বংশগত কাৰণ৷
গ) অন্যান্য কাৰণসমূহ৷
ঘ) মগজুত গুৰুতৰ আঘাত৷
ঙ) পেছাগতভাৱে মৃদু কম্পনযুক্ত সা–সৰঞ্জামৰ ব্যৱহাৰ৷
চ) অত্যধিক পৰিমাণে কীটনাশক ঔষধৰ লগত সম্পর্ক থকা৷
ছ) অতিমাত্রা মগজুৰ জ্বৰ বা এমছেফেলাইটিছ ৰোগৰ দ্বাৰা আক্রান্ত কোনো ব্যক্তি ইত্যাদি৷
পাৰকিনছন ৰোগৰ চিকিৎসা কেনে ধৰণৰ? ইয়াক সম্পূর্ণৰূপে নিৰাময় কৰিব পাৰিনে?
পাৰকিনছন ৰোগৰ চিকিৎসা পদ্ধতি দুই প্রকাৰৰ৷ ঔষধৰ ব্যৱহাৰ আৰু শল্য চিকিৎসা৷
যিসকল ৰোগীয়ে সচৰাচৰ ঔষধ প্রয়োগ সত্ত্বেও সুফল নাপায়, তেনে ৰোগীক সাধাৰণতে শল্য চিকিৎসাৰ বাবে বাছনি কৰা হয়৷ ইয়াৰ ভিতৰত ডিপ ব্রেইন ষ্টিমুলেছন অন্যতম৷ ইয়াত পেছমেকাৰসদৃশ যন্ত্র শৰীৰত সংস্থাপন কৰি তাৰ দ্বাৰা মগজুৰ এই ৰোগত আক্রান্ত স্নায়ুকোষসমূহক নিয়ন্ত্রণ কৰা হয়৷ এই ব্যৱস্থাপনাবিধৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে৷ যদিও বর্তমানলৈ এই ৰোগৰ বিভিন্ন চিকিৎসা পদ্ধতিৰ ব্যৱস্থা আছে, তথাপি এই ৰোগ সম্পূর্ণৰূপে নির্মূল বা নিৰাময় আজিলৈকে সম্ভৱ হৈ ডঠা নাই৷
এই ৰোগৰ ঔষধৰ ব্যৱহাৰত তথাকথিতভাৱে ব্যয়বহুল নহ’লেও শল্য চিকিৎসা ব্যৱস্থা কিছু পৰিমাণে ব্যয়বহুল৷
এই ৰোগ কেনেদৰে চিনাক্ত কৰিব পাৰি?
এই ৰোগৰ সাধাৰণ চিনাক্তকৰণৰ লক্ষণসমূহ হ’লঃ
ক৷ শৰীৰৰ কোনো এফালে হাত–ভৰিৰ কম্পন৷
খ৷ দৈনিক কাম–কাজৰ গতি আগতকৈ লেহেম হোৱা৷
গ৷ হাত–ভৰি জঠৰ হোৱা৷
ঘ৷ ৰোগীৰ ভৰিৰ খোজৰ মাজত দূৰত্ব বা ব্যৱধান হ্রাস পোৱা তথা খোজকঢ়াৰ আৰম্ভণিতে অসুবিধা হোৱা ইত্যাদি৷