নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত লকডাউনৰ সম্ভাৱনা নাই

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ সোণোৱাল কছাৰী জাতীয় পৰিষদৰ ষষ্ঠ দ্বি–বার্ষিক অধিৱেশনখন কাকপথাৰৰ বৰডিৰাক সত্রীয়া মঞ্চ প্রাংগণত তিনিদিনীয়া কার্যসূচীৰ আজিৰ মুকলি সভাত উপস্থিত থাকে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল৷ ৯, ১০ আৰু ১১ এপ্রিলত অনুষ্ঠিত অধিৱেশনৰ আজিৰ মুকলি সভাত সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সভাপতি শান্তনু বৰহাজোৱালে সভাপতিত্ব কৰে৷ সোণোৱাল কছাৰী জাতীয় পৰিষদৰ ষষ্ঠ দ্বি–বার্ষিক কেন্দ্রীয় সাধাৰণ অধিৱেশনৰ আজিৰ সভাখন উদ্বোধন কৰে লেখক তথা প্রতিষ্ঠাপক সচিবপ্রধান আৰু বর্তমানৰ সোণোৱাল কছাৰী জাতীয় পৰিষদৰ অন্যতম উপদেষ্টা লভিত কুমাৰ শইকীয়াই৷ সভাত উপস্থিত থাকি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা বৰডিৰাক অঞ্চলত সাংস্কৃতিক সংগ্রহালয় বনোৱাৰ যি প্রচেষ্টা হাতত লৈছে, সেয়া আদৰণীয় আৰু সংগ্রাহলয়টোৱে প্রতিটো দিশকে সাঙুৰি লোৱাৰ কথা জানিবলৈ দিয়ে৷

লগতে ৰাজ্যত লকডাউনৰ কোনো সম্ভাৱনা নথকাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ অৱশ্যে ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায় মুখ্যমন্ত্রীগৰাকীয়ে৷ তিনিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হোৱা আজি অন্তিম দিনা মুকলি সভাখনত মুখ্যমন্ত্রীগৰাকীৰ লগতে সাংসদ প্রদান বৰুৱা, বিধায়ক বলীন চেতিয়া, ঋতুপর্ণ বৰুৱা, প্রশান্ত ফুকন, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দীপুৰঞ্জন মাক্রাৰী, বিজেপি নেতা মূলেন্দ্র নাথ মৰাণ, সুভাষ দত্তকে ধৰি সোণোৱাল স্বায়ত্তশাসিত পৰিষদৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে৷ সভাখনত কেইবাসহস্র সোণোৱাল কছাৰী লোকে অংশগ্রহণ কৰাৰ লগতে মুকলি সভাৰ আগমুহূর্তত বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক কৃষ্টি প্রদর্শন কৰে৷ অধিৱেশনৰ লগত সংগতি ৰাখি বাণিজ্য মেলা, প্রদর্শনী, জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়৷

You might also like