শোৱনি কোঠাৰ সাজ-সজ্জাৰ ওপৰত নিৰ্ভৰ কৰে বৈবাহিক সুখ, ৬টা টিপছ
নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ বহুলোকে বৈবাহিক জীৱনৰ প্ৰতি মনোযোগ নিদিয়ে, ফলত বহুতো অজ্ঞাত দুৰ্ঘটনা ঘটে। এইক্ষেত্ৰত বিছনাৰো থাকে ভূমিকা। আপুনি জানেনে যে কিছুমান বাস্তু পৰামৰ্শই সমস্যাটো সমাধান কৰাত সহজ কৰি তোলে।
১) শোৱনি কোঠাত কেতিয়াও বিছনা মাজত নাৰাখিব। বিছনাৰ মূৰৰ কাষটো বেৰৰ সৈতে সংলগ্ন কৰিব লাগে।
২) শোৱনি কোঠাত আইনা তেনে ঠাইত নাৰাখিব, য’ৰ পৰা শুই থকা স্বামী আৰু পত্নীৰ প্ৰতিচ্ছবি ওলাই আহে। বিছনাখন দেখা নোপোৱা ঠাইত এখন আইনা ৰাখক।
৩) বিছনা কাঠৰ হোৱাটো ভাল। লো, তীখা, এলুমিনিয়ামেৰে নিৰ্মিত বিছনাই অহংকাৰ বৃদ্ধি কৰে। যি বৈবাহিক প্ৰেমত ব্যাঘাত জন্মাব পাৰে।
৪) ঈশ্বৰ, দেৱ-দেৱী আৰু পূৰ্বপুৰুষৰ ছবি শোৱনি কোঠাত নৰখা ভাল। ই ৰোমাঞ্চৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। যদি আপুনি পাৰে জান-জুৰি, প্ৰকৃতিৰ মনোৰম দৃশ্যৰ চিত্ৰ ৰাখিব পাৰে।
৫) শোৱনি কোঠাত ডাঠ ৰং ব্যৱহাৰ কৰক। ৰঙা, গুলপীয়া এই ৰঙবোৰে ৰোমাঞ্চ বৃদ্ধি কৰে।
৬) যৌনসম্ভোগ উন্নত কৰিবলৈ দক্ষিণ ফালে মূৰ ৰাখি শুবলৈ চেষ্টা কৰক। আপুনি পশ্চিম ফালেও মূৰ ৰাখি শুব পাৰে। অৱশ্যে, যদি আপুনি পূব আৰু উত্তৰলৈ মূৰ ঘূৰাই শুই থাকে, ৰোমাঞ্চতো বৃদ্ধি নহয়েই জীৱনতো কষ্ট ভোগ কৰিব।