৩৭ দিনত তিনিবাৰকৈ ডিভৰ্ছ, চাৰিবাৰ বিয়া কৰালে এজন বেংক কৰ্মীয়ে! কিন্তু কিয়?
বিবাহ, তাৰ পিছত বিচ্ছেদ, আৰু শেষত আন কাৰোবাৰ সৈতে এক নতুন সংসাৰ। বৰ্তমান সময়ত, এনে ঘটনাই প্ৰায়ে শিৰোনাম দখল কৰি আহিছে। কিন্তু কেতিয়াবা আপুনি শুনিছে নে, এজন পুৰুষে একেগৰাকী মহিলাকে তিনিবাৰকৈ বিবাহ বিচ্ছেদ কৰিছিল আৰু তেওঁকে পুনৰ চাৰিবাৰ বিয়া কৰাইছিল! সেয়াও মাত্ৰ ৩৭ দিনৰ ভিতৰত।
শুনিবলৈ আচৰিত যেন লাগিলেও, কিন্তু এনে এক অনুৰূপ ঘটনাই ঘটিছে টাইৱানত।
ঘটনাটো পুৰণি হ’লেও এজন অধিবক্তাৰ শেহতীয়া এক ফেচবুক পোষ্টৰ জৰিয়তে বাতৰিটো পোহৰলৈ আহিছিল।
জানিব পৰা মতে, পেছাত বেংককৰ্মী ব্যক্তিজনে বিবাহৰ বাবে সবেতন ছুটিৰ বাবে আবেদন কৰিছিল। ৭ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিললৈ মুঠ আঠ দিনৰ ছুটি পাব। কিন্তু তেওঁ তেওঁৰ পত্নীক আঠ দিনৰ ভিতৰত বিবাহ বিচ্ছেদ কৰিছিল। বিয়াৰ দিনটো ঠিক কৰাৰ পিছত তেওঁ পুনৰ বেংকত ছুটিৰ বাবে আবেদন কৰিছিল। ছুটি মঞ্জুৰ কৰা হৈছিল আৰু তেওঁ তেওঁৰ ৭ দিনীয়া প্ৰাক্তন পত্নীক পুনৰ বিয়া কৰাইছিল।
আৰু পৰৱৰ্তী বন্ধৰ আগতেও তেওঁ একেটা কাম কৰিছিল। তেওঁ এইটো মুঠ তিনিবাৰ কৰে। অৱশেষত তেওঁ ১২ মে’ত চতুৰ্থবাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হৈছিল। অৱশ্যে, বেংক কৰ্তৃপক্ষই পিছত বিষয়টো অৱগত হয়। পৰৱৰ্তী বাৰ যেতিয়া কৰ্মীজনে পুনৰ বিবাহৰ বন্ধৰ বাবে আবেদন কৰিছিল, বেংকে তাক নাকচ কৰিছিল।