এম এম চি হাস্পতালৰ দুমহলাৰ পৰা জঁপিয়াই পলায়ন ক’ৰোনাক্ৰান্ত অপৰাধী গফুৰ আলীৰ, শ্বিলঙত পুনৰ গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ কামৰূপ আৰক্ষীয়ে দহ দিন পূৰ্বে হাজোৰ এক গোপন স্থানৰ পৰা কেইবাটাও অপৰাধৰ লগত জড়িত গফুৰ আলীক গ্ৰেপ্তাৰ কৰাৰ পাছত ক’ৰোনা ৰোগত আক্ৰান্ত হয় কুখ্যাত অপৰাধীজন।
কিন্তু আৰক্ষীৰ জিম্মাত থকা দুৰ্ধৰ্ষ অপৰাধী আলীয়ে কালি পুৱতিনিশা গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই পলায়ন কৰে। কামৰূপ আৰক্ষীৰ প্ৰচেষ্টাত পলায়ন কৰাৰ চৌব্বিশ ঘন্টা নৌহওঁতেই মেঘালয়ৰ শ্বিলঙৰ পৰা কামৰূপ আৰক্ষী আৰু মেঘালয় আৰক্ষীয়ে যৌথ অভিযান চলাই এখন ভিতৰুৱা গাঁৱৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় ক’ৰোনাক্ৰান্ত কুখ্যাত অপৰাধী গফুৰক।
ক’ৰোনাত আক্ৰান্ত কুখ্যাত অপৰাধী আলীক গ্ৰেপ্তাৰ কৰাৰ পাছত পি পি কিট পিন্ধোৱাৰ লগতে দুতৰপীয়া মাস্ক পিন্ধাই সম্পূৰ্ণ ক’ভিড প্ৰটোকল মানি আৰক্ষীয়ে কামৰূপলৈ লৈ আহে।
পলায়নৰ কৰাৰ পাছত চৌব্বিশ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰাটো কামৰূপ আৰক্ষীৰ এক বৃহৎ সফলতা বুলি ক’ব পাৰিলেও ক’ৰোনা আক্ৰান্ত গফুৰ আলীয়ে কিমানক ক’ৰোনা বিতৰণ কৰিলে তাকে লৈ চিন্তা কৰাৰ অৱকাশ আছে।