নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ নির্দেশনাঃ ৫০ শতাংশ কর্মচাৰীৰে সম্পাদন হ’ব আদালতৰ কাম–কাজ

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ৰাজ্যত ক’ভিডৰ সংক্রমণ বৃদ্ধি হোৱাৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ে কেতবোৰ নির্দেশনা জাৰি কৰিছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে জাৰি কৰা এক নির্দেশনা অনুযায়ী মঙলবাৰৰে পৰা ন্যায়ালয়ৰ কাম–কাজ ৫০ শতাংশ কর্মচাৰীৰে সম্পাদন কৰা হ’ব৷ এই নির্দেশনা উচ্চ ন্যায়ালয়ৰ মুখ্য আসনকে ধৰি কোহিমা, আইজল, ইটানগৰ আৰু অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্রদেশৰ অধীনৰ আদালতসমূহতো প্রযোজ্য হ’ব৷

ৰ’ষ্টাৰ পদ্ধতিত হ’বলগা এই নির্দেশনা জিলা সত্র ন্যায়াধীশ, মুখ্য ন্যায়িক দণ্ডাধীশ, প্রধান ন্যায়াধীশ, পৰিয়াল আদালততো প্রযোজ্য হ’ব৷ অহা দুসপ্তাহৰ বাবে জাৰি কৰা এই নির্দেশনা অনুসৰি আদালত চৌহদ আৰু কক্ষত মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক৷

ন্যায়িক প্রক্রিয়াত হোৱা উপস্থিতিৰ প্রয়োজনীয়তাৰ বাহিৰে বাহিৰা মানুহৰ বিনা অনুমতিত আদালত চৌহদত প্রৱেশ কৰাটো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে৷

আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনৰ আদালত বিশেষকৈ অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্রদেশৰ আদালতসমূহত পি চিৰ ৩১৩ আৰু ১৬৪ ধাৰাত জবানবন্দী ৰেকর্ডিং, জামিন সম্পর্কীয় গোচৰ, জিম্মাত লোৱা বিষয় আদিৰ বাহিৰে বাকী সকলো গোচৰৰ শুনানি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কৰিবলৈও নির্দেশটোত কোৱা হৈছে৷

আনহাতে, গুৰুত্বপূর্ণ গোচৰ তালিকাভুক্ত কৰিবৰ বাবে অধিবক্তাসকলে আদালতৰ ই–মেইল আই ডিত মেইল কৰিবলৈ নির্দেশটোত কোৱা হৈছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কে স্বাক্ষৰ কৰা জাননীখনত উচ্চ ন্যায়ালয়ৰ ‘বাৰ ৰুম’ আৰু কেণ্টিনো বন্ধ ৰখাৰ নির্দেশ দিয়া হৈছে৷

You might also like