নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্রীৰ আত্মহত্যাত চাঞ্চল্য সন্দিকৈ কলেজত, হোষ্টেলতে ল’লে চিপ

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ মহানগৰীৰ সন্দিকৈ মহাবিদ্যালয়ৰ এগৰাকী মেধাৱী ছাত্রীয়ে কালি দিন দুপৰতে আত্মহত্যা কৰে৷ মহাবিদ্যালয়খনৰ পূব দিশে দীঘলীপুখুৰীপাৰত থকা নির্মলপ্রভা বৰদলৈ ছাত্রী নিৱাসৰ আৰ এন–৩১ নম্বৰ কোঠাত চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰে ছাত্রীগৰাকীয়ে৷

আত্মহত্যা কৰা ছাত্রীগৰাকী সন্দিকৈ মহাবিদ্যালয়ৰ বি চি এ বিভাগৰ পঞ্চম ষাণ্মাসিকৰ সাৱিত্রী বর্মন (২১)৷ ছাত্রী নিৱাসটোৰ ওচৰতে থকা লতাশিল থানাৰ ভাৰপ্রাপ্ত বিষয়া বিনয় কলিতাই জানিবলৈ দিয়া মতে, কালি দুপৰীয়া প্রায় ১২.৩০ বজাত থানাখনৰ ওচৰতে থকা ছাত্রী নিৱাসটোৰ পৰা ছাত্রীৰ কান্দোন আৰু চিঞৰ–বাখৰ শুনিবলৈ পায়৷

লগে লগে তেওঁ দুজনমান আৰক্ষীক লগত লৈ ছাত্রী নিৱাসলৈ যায়৷ ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে ছাত্রী নিৱাসটোৰ আৰ এন–৩১ নম্বৰ কোঠাৰ ভিতৰত এগৰাকী ছাত্রীয়ে আত্মহত্যা কৰাৰ কথা জানিব পাৰে৷

গুৰুত্বপূর্ণ কথাটো হ’ল ছাত্রীগৰাকীয়ে আত্মহত্যা কৰাৰ সময়ত ভিতৰৰ পৰা কোঠাটোৰ দুৱাৰ বন্ধ কৰি লৈছিল৷ পিছত অন্য ছাত্রীয়ে খিৰিকীৰ পর্দাৰ ফাঁকেৰে জুমি সাৱিত্রী বর্মন কোঠাৰ ভিতৰত ওলমি থকা দেখি কন্দা–কটা আৰু চিঞৰ–বাখৰ কৰিছিল৷ আৰক্ষীয়ে দুৱাৰ ভাঙি ভিতৰত প্রৱেশ কৰে আৰু ছাত্রীগৰাকীক চিলিং ফেনৰ পৰা ৰছী কাটি নমাই ততাতৈয়াকৈ পাণবজাৰস্থিত মহেন্দ্র মোহন চৌধুৰী হাস্পতাললৈ লৈ যায়৷

তাত চিকিৎসকে ছাত্রীগৰাকীৰ ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ ইয়াৰ পিছত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্রেৰণ কৰে৷ ভাৰপ্রাপ্ত বিষয়াগৰাকীয়ে লগতে জনোৱা মতে কোঠাটোৰ পৰা এখন ছুইচাইড নোট উদ্ধাৰ কৰে৷

 দিনৰ ১১.৪৫ বজাত ছুইচাইড নোটখন লিখাৰ কথা উল্লেখ আছে৷ ছুইচাইড নোটত ছাত্রীগৰাকীয়ে আত্মহত্যাৰ পূর্বে লিখিছে এনেদৰে– ‘মোৰ মৃত্যুৰ বাবে মই নিজে দায়ী৷ মোৰ মৃত্যুৰ তদন্ত কৰিব নালাগে৷ মোৰ বন্ধু–বান্ধৱী সকলোকে মই ভাল পাওঁ৷’ এনে প্রেক্ষাপটত মেধাৱী ছাত্রীগৰাকীয়ে কি কাৰণে আত্মহত্যা কৰিলে, সেয়া ৰহস্যজনক৷

উল্লেখ্য যে মৃত সাৱিত্রী ধেমাজি জিলাৰ চিলাপথাৰৰ দীন ৰয়ৰ জীয়াৰী আছিল৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত এটা ইউ ডি গোচৰ ৰুজু কৰিছে৷

You might also like