ONGCৰ কৰ্মচাৰী অপহৰণত জড়িত আলফা (স্বা), নামসহ নিশ্চিতি দিলে আৰক্ষীয়ে
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ চৰাইদেউ জিলাৰ লাকুৱা তৈলক্ষেত্রৰ পৰা ৩ অ’এনজিচি কৰ্মচাৰীৰ অপহৰণত কোন জড়িত আছে তাকে লৈ এতিয়ালৈ মৌনতা অৱলম্বন কৰি আছে অপহৰণকাৰীয়ে।
এই কাণ্ড সন্দেহযুক্ত আলফা (স্বা)ৰ বুলি সংবাদ মাধ্যমযোগে প্ৰচাৰ হৈ আছিল যদিও আজি এক প্ৰেছ বিবৃতিযোগে অসম আৰক্ষীয়ে অপহৰণ কাণ্ড আলফা স্বাধীনে কৰা বুলি নিশ্চিতি দিয়ে।
আৰক্ষীয়ে লগতে সংগঠনটোৰ অপহৰণকাৰীৰ নামো উল্লেখ কৰে। আৰক্ষীৰ বিবৃতি মৰ্মে অপহৰণ কাণ্ড গণেশ লাহন ওৰফে পূৰ্ণ লাহন, আদ্যমান অসম ওৰফে মণিৰাম বৰগোহাঁই আৰু প্রদীপ গগৈ ওৰফে অকণ নামৰ আলফা সদস্যকেইজনে সংঘটিত কৰিছে।
উল্লেখ্য বিবৃতিটোত এই অপহৰণকাৰীসকলক সহায় কৰাৰ অপৰাধত ১৪জন লিংকমেনক গ্রেপ্তাৰো কৰা হৈছে বুলি জানিবলৈ দিয়ে ৰাজ্যৰ আইন শৃংখলা শাখাৰ বিশেষ ডিজিপি জি পি সিঙে।