অত্যাধিক পানী খালেও শৰীৰৰ বাবে হ’ব পাৰে ক্ষতিকাৰক
নিয়মীয়া বাৰ্তা ২৪ এপ্ৰিলঃ আমি সকলোৱে সৰুৰে পৰা জানো যে যিকোনো বস্তুৰ অত্যাধিক ব্যৱহাৰে শৰীৰৰ ক্ষতি কৰিব পাৰে। আনকি ই শৰীৰৰ বাবে স্বাস্থ্যকৰ হ’লেও ক্ষতি কৰিব পাৰে। পানী আমাৰ শৰীৰৰ লগতে আমাৰ জীৱনৰ বাবেও অতি গুৰুত্বপূৰ্ণ। যদি শৰীৰত পানীৰ অভাৱ হয় বিভিন্ন ধৰণৰ ৰোগহোৱাৰ আশংকা থাকে। কিন্তু প্ৰতিজন ব্যক্তিৰ পানীৰ প্ৰয়োজনীয়তা পৃথক হয় আৰু যদি জোখতকৈ অধিক পানী খায়, ই আপোনাৰ স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পেলাব পাৰে।
স্বাস্থ্য বিশেষজ্ঞসকলে সদায়ে কেৱল পিয়াহ লাগিলেহে খোৱা পানীৰ পৰামৰ্শ দিয়ে। যদি আপোনাৰ পিয়াহ নাই, অপ্ৰয়োজনীয়ভাৱে পানী নাখাব। এই সন্দৰ্ভে ক্লিনিকেল জাৰ্নেল অফ স্পৰ্টছ মেডিচিনতো কোৱা হৈছে। এজন স্বাস্থ্যৱান ব্যক্তিয়ে দৈনিক গড়ে 2-3 লিটাৰ পানী খাব লাগি। মানুহৰ পানীৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ হ’ব পাৰে, এজন ব্যক্তি যি পৰিৱেশত আছে, সেই পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰিহে পানী খাব লাগে। কিন্তু অত্যাধিক পানী খালে বিভিন্ন প্ৰকাৰৰ ক্ষতি হ’ব পাৰে।
অত্যাধিক পানী খোৱাৰ অসুবিধা
1. অত্যাধিক পানী খালে শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্য নষ্ট হয় । ইলেক্ট্ৰলাইট হৈছে ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম আৰু কেলচিয়ামৰ দৰে খনিজ পদাৰ্থৰ মিশ্ৰণ যি শৰীৰক শক্তি প্ৰদান কৰাৰ লগতে অঙ্গবোৰ সুৰক্ষিত কৰে।
2. শৰীৰৰ বাবে প্ৰয়োজনতকৈ অধিক পানী খালে অভাৰহাইড্ৰেচন হ’ব পাৰে যাৰ প্ৰত্যক্ষ প্ৰভাৱ বৃক্কৰ ওপৰত পৰে। অতিৰিক্ত পানীয়ে বৃক্কৰ কাৰ্যকলাপৰ বোজা বৃদ্ধি কৰে যাৰ ফলত বৃক্ক বিকল হোৱাৰ আশংকা থাকে।
3. এক গৱেষণাত পোৱা গৈছে যে অত্যাধিক পানী খালে শৰীৰত অস্বাভাৱিক ভাৱে থকা ছডিয়ামৰ স্তৰ হ্ৰাস হয় যাৰ ফলত হাইপোথাৰ্মিয়াৰ আশংকা বৃদ্ধি হয়।
4. অত্যাধিক পানী খালে শৰীৰত থকা কোষবোৰ ফুলি উঠিব পাৰে, আৰু ই স্থিতি আপোনাৰ জীৱনৰ বাবে বিপদজনক প্ৰমাণিত হ’ব পাৰে।