নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰণিগুদামৰ পৰা গাড়ী সহ এজন লোকক কৌশলেৰে অপহৰণ কৰি নৃশংসভাৱে হত্যা কৰা তিনি অপৰাধীক আটক

অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সংবাদ মেল :আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত আটক কৰা হৈছে তিনি অপৰাধী

নিয়মীয়া বাৰ্তা ২৪ এপ্ৰিল :- নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ পৰা যোৱা ৫ মাৰ্চ তাৰিখে এটা গাড়ী চুৰি চক্ৰই এখন গাড়ী সহ এজন যুৱকক কৌশলেৰে অপহৰণ কৰি নি বোকাজানত নৃশংসভাৱে হত্যা কৰা গাড়ী চুৰী চক্ৰটোৰ তিনিজন লোকক আৰক্ষীয়ে যোৱা নিশা আটক কৰিবলৈ সক্ষম হয় ৷ উক্ত ঘটনা সন্দৰ্ভত আজি চামগুৰি আৰক্ষী থানাত নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই এখন সংবাদ মেল অনুষ্ঠিত কৰি কয় যে প্ৰথম অৱস্থাত এই ঘটনাটো তদন্ত মাত্ৰ এটা ফোন নম্বৰৰ জৰিয়তে আৰম্ভ কৰা হৈছিল ৷পিছলৈ আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত উক্ত গাড়ী চুৰী আৰু নৃশংস হত্যাকাণ্ডটো লগত জড়িত থকা মাষ্টাৰমাইণ্ড দীপাংকৰ কোচঁক চাৰিদুৱাৰৰ পৰা মিন্টু বৰাৰ ধিঙৰ পৰা আৰু কেশৱ গায়নক পুৰণিগুদামৰ পৰা আটক কৰাৰ লগতে তেওঁ লোকে ব্যৱহাৰ কৰা দুখন গাড়ী জব্দ কৰা হয় বুলি জানিবলৈ দিয়ে৷

উল্লেখ্য যে যোৱা ৫ মাৰ্চ তাৰিখে পুৰণিগুদাম গড়মূৰৰ বৈৰাগী চুকৰ নৱজ্যোতি গায়ন নামৰ লোকজনে নিজৰ এএছ ০২ পি ৩৬০২ নম্বৰৰ চুইফট ডিজাৰ গাড়ী খনৰে যোৰহাটলৈ বুলি ভাড়া মাৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল ৷দিনৰ প্ৰায় ৯-৩০ মান বজাত ঘৰৰ পৰা ভাড়া মাৰিবলৈ ওলাই যোৱা নৱজ্যোতিয়ে দিনৰ প্ৰায় ১১ বজাত নিজ পত্নীলৈ ফোন কৰি সুন্দৰ ভাবে কথা পাতিছিল ৷ পুৰণ বিয়লি ৫ মান বজাত নৱজ্যোতিৰ ফোনৰ পৰা কোনো অচিনাক্ত লোকে নৱজ্যোতি অসুস্থ বুলি কৈ ফোন কৰি এটিএম কাৰ্ডৰ পাছৱৰ্ড বিচাৰাত নৱজ্যোতিৰ পত্নীৰ সন্দেহ হয়৷ পৰৱৰ্তী সময়ত নৱজ্যোতিৰ পৰিয়ালৰ লোকে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও ম’বাইলটো চুইছঅফ পায় ৷

আনহাতে উক্ত ঘটনা সন্দৰ্ভত নৱজ্যোতিৰ পৰিয়ালে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে যদিওপৰৱৰ্তী সময়ত বোকাজানৰ ৰেললাইনৰ দাতিঁত নৱজ্যোতিৰ মৃতদেহ উদ্ধাৰ হয় ৷ঘটনা সংঘটিত হোৱাৰ পিছত নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত চামগুৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত দলে আৰু পুৰণিগুদাম আৰক্ষী চকীৰ আৰক্ষী বিষয়া বিৰদাও গয়াৰীৰ সহযোগত ধাৰাবাহিক অনুসন্ধানৰ পিছত যোৱা নিশা উক্ত নৃশংস হত্যাকাণ্ড আৰু গাড়ী চুৰিৰ লগত জড়িত শোনিতপুৰৰ চাৰিদুৱাৰৰ মাষ্টাৰমাইণ্ড দীপাংকৰ কোচঁ (৩৫) চামগুৰিৰ শিঙিয়াৰ মিন্টু বৰা (৩৯)আৰু পুৰণিগুদাম গড়মুৰৰ কেশৱ গায়ন (৩৮) নামৰ তিনিজন লোকক আটক কৰে ৷ আৰক্ষীয়ে যোৱা নিশা আটক কৰা তিনিজন অপৰাধীক বৰ্তমান চামগুৰি আৰক্ষী থানাত আৰু অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ আনহাতে নৱজ্যোতিৰ পৰিয়াল বৰ্গইহত্যাকাণ্ড লগত জড়িত থকা তিনিজন অপৰাধীক ফাঁচি বা উচিত শাস্তিৰ দাবী কৰিছে৷

You might also like