অক্সিজেনৰ সংকট
ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে দেশত ভয়ংকৰ সংহাৰী ৰূপ ধাৰণ কৰিব বুলি কোনেও হয়তো কল্পনাই কৰা নাছিল৷ শেহতীয়াকৈ প্রতিদিনে ভাৰতত তিনি লক্ষাধিক লোক এই মাৰাত্মক ভাইৰাছত আক্রান্ত হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যাও দিনকদিনে বাঢ়ি গৈ আছে৷ পৰিণতিত সংক্রমিত ৰোগীৰ চিকিৎসাৰ বাবে চিকিৎসালয়ত নোহোৱা হৈছে বিছনা৷ একেদৰে মৃতকৰ সৎকাৰৰ কাৰণে শ্মশান–কবৰস্থানত্ ঠাইৰ অভাৱ ঘটিছে৷ ক’ভিড–১৯সৃষ্ট পৰিস্থিতিত যোৱা দিনকেইটাত আটাইতকৈ সংকট হৈছে অক্সিজেনৰ৷ পৰিস্থিতি এনেকুৱা পর্যায় পাইছেগৈ যে জীৱনদায়িনী অক্সিজেনৰ নাটনিৰ বাবেই খোদ দেশৰ ৰাজধানী দিল্লীৰ চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন ক’ভিড–১৯ আক্রান্তই দুর্ভাগ্যজনকভাৱে মৃত্যুক সাবটি ল’বলগীয়া হৈছে৷ যোৱা ২৩ এপ্রিলৰ পুৱাৰ ভাগত দিল্লীৰ ছাৰ গংগাৰাম হাস্পতাল কর্তৃপক্ষই দেশবাসীক জোকাৰি যোৱা এনে ধৰণৰ প্রথমটো খবৰ সদৰী কৰিছে৷ চিকিৎসালয়খনৰ তৰফৰ পৰা প্রকাশ কৰা অনুসৰি একমাত্র অক্সিজেনৰ অভাৱৰ বাবে ২৫জনকৈ ক’ভিড–১৯ আক্রান্তই মৃত্যুক আঁকোৱালি লয়৷ এই ঘটনাৰ পুনৰাবৃত্তি ঘটে যোৱা ২৩ এপ্রিলৰ নিশা দিল্লীৰেই জয়পুৰ গ’ল্ডেন হাস্পতালত৷ চিকিৎসালয়খনত অক্সিজেনৰ নাটনিৰ কাৰণে আন ২৫জন ক’ভিড–১৯ আক্রান্তৰ মৃত্যু ঘটে৷ সেইদৰে দিল্লীৰ চর্দাৰ পেটেল হাস্পতালত দুজন আৰু পঞ্জাবৰ অমৃতসৰ হাস্পতালত ৬জন ক’ভিড–১৯ পজিটিভেও অক্সিজেন নাপাই মৃত্যুক সাবটি লৈছে৷ অক্সিজেনৰ অভাৱৰ কাৰণে দিল্লী–লক্ষ্ণৌকে ধৰি বিভিন্ন স্থানৰ বহুকেইখন হাস্পতালে নতুনকৈ ৰোগী ভর্তি কৰাত অক্ষমতা প্রকাশ কৰিছে৷ আজিৰ তাৰিখত প্রধানতঃ ক’ভিড–১৯ৰ আতংকৰ সমান্তৰালভাৱে দিল্লী, মহাৰাষ্ট্র, গুজৰাট, হাৰিয়ানা, মধ্যপ্রদেশ, উত্তৰ প্রদেশ, তামিলনাডু, পঞ্জাব, কেৰালা আৰু কর্ণাটকৰ চিকিৎসালয়সমূহত অক্সিজেনৰ নাটনি আন এক বিভীষিকাৰ কাৰণ হৈ পৰিছে৷ চাহিদা অনুপাতে অক্সিজেনৰ কম যোগানৰ বিষয়টোত ইতিমধ্যে হস্তক্ষেপ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে৷ এই সম্পর্কীয় এক গোচৰৰ বিপৰীতে বুধবাৰে সন্ধিয়া দিল্লী উচ্চ ন্যায়ালয়ে জৰুৰী শুনানি গ্রহণ কৰিছিল৷ শুনানি কালত এই বিষয়ত পূর্বতে কেন্দ্রীয় চৰকাৰে চিন্তা নকৰাক লৈ প্রশ্ণ উত্থাপন কৰি দিল্লী উচ্চ ন্যায়ালয়ে স্পষ্টভাৱে মত আগবঢ়াইছিল যে– ইয়াৰ অর্থ হ’ল ৰাষ্ট্রৰ ওচৰত মানুহৰ জীৱনৰ গুৰুত্ব নাই৷ চৰকাৰে অক্সিজেনৰ প্রয়োজনক লৈ চিন্তা নকৰাত আমি হতভম্ব হৈছোঁ৷ অক্সিজেনৰ নাটনি সম্পর্কীয় গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে শনিবাৰেও শুনানি গ্রহণ কৰে৷ শুনানি কালত অক্সিজেন যোগানত বাধা দিয়াসকলক ফাঁচিকাঠত ওলমোৱাৰ হুংকাৰ দিছে দিল্লী উচ্চ ন্যায়ালয়ে৷
দেশত অক্সিজেনৰ নাটনি হোৱাৰ মূলতে হঠাতে ইয়াৰ চাহিদা বৃদ্ধি৷ সংবাদ মাধ্যমত প্রকাশিত খবৰ অনুসৰি ভাৰতত প্রতিদিনে প্রায় ৭,২৫০ মেট্রিকটন অক্সিজেন উৎপাদনৰ ক্ষমতা আছে৷ স্বাভাৱিক পৰিস্থিতিত ইয়াৰে দৈনিক প্রায় ৭০০ মেট্রিকটন অক্সিজেন চিকিৎসা খণ্ডলৈ যোগান ধৰা হয়৷ বাকী উৎপাদিত অক্সিজেন ব্যৱহূত হয় ঔদ্যোগিক খণ্ডত৷ কিন্তু মাৰাত্মক ভাইৰাছৰ দ্বিতীয় জোৱাৰত সংক্রমিত লোকৰ সংখ্যা সাংঘাতিক দ্রুতহাৰত বৃদ্ধি পাবলৈ ধৰাৰ পৰিণতিত দেশৰ স্বাস্থ্য খণ্ডত দৈনিক প্রয়োজনীয় অক্সিজেনৰ পৰিমাণ হৈছেগৈ ৫,০০০ৰ পৰা ৮,০০০ মেট্রিকটন৷ উৎপাদনৰ সক্ষমতাৰ দিশৰ পৰা এই চাহিদাও পূৰণ হ’লহেঁতেন যদিও এইক্ষেত্রত কাৰিকৰী দিশটোৱে প্রতিবন্ধকতাৰ সৃষ্টি কৰিছে৷ ঔদ্যোগিক খণ্ডত ব্যৱহূত অক্সিজেন চিকিৎসালয়ত ব্যৱহাৰ কৰিবলৈ হ’লে ৯৩ শতাংশতকৈও অধিক শোধনৰ প্রয়োজন৷ হঠাতে বর্ধিত চাহিদাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে ইতিমধ্যে তীখা আৰু পেট্র’ ৰাসায়নিক উদ্যোগৰ বাবে বাকী ঔদ্যোগিক খণ্ডলৈ অক্সিজেনৰ সৰবৰাহ বন্ধ কৰি দি সেয়া চিকিৎসালয়লৈ যোগানৰ সিদ্ধান্ত লৈছে৷ পিছে এনে ধৰণৰ সিদ্ধান্ত লোৱাৰ পিছতো শোধনৰ কাৰিকৰী দিশটোৱে সৃষ্টি কৰিছে সমস্যাৰ৷ তদুপৰি পৰিবহণৰ ক্ষেত্রতো সমস্যাৰ সৃষ্টি হৈছে৷ এনে প্রেক্ষাপটত দেশৰ চিকিৎসালয়ত অক্সিজেনৰ চাহিদা পূৰণ কৰিবলৈ কেন্দ্রীয় চৰকাৰে আন কেতবোৰ পদক্ষেপ লৈছে৷ ইতিমধ্যে আপদকালীন ভিত্তিত অক্সিজেন আমদানিৰ কাৰণে আমেৰিকা, জার্মানী, জাপান, ইটালী, ব্রিটেইন আৰু সংযুক্ত আৰব আমীৰ শ্বাহীৰ সৈতে দিল্লীয়ে যোগাযোগ স্থাপন কৰিছে৷ এই যোগাযোগৰ ভিত্তিতে জার্মানীৰ পৰা এসপ্তাহৰ ভিতৰত অক্সিজেনৰ ২৩টা ভ্রাম্যমাণ প্লাণ্ট আমদানি কৰাৰ কথা৷ তদুপৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পি এম কেয়ার্ছৰ অধীনত সমগ্র দেশৰ জিলা সদৰসমূহত অক্সিজেন প্লাণ্ট স্থাপনৰ নির্দেশ দিছে৷ আজিৰ পৰিস্থিতিত কেন্দ্রীয় চৰকাৰৰ এনে সিদ্ধান্ত গুৰুত্বপূর্ণৰূপে বিবেচিত হৈছে যদিও ই কার্যকৰী হওঁতে কিছু সময়ৰ প্রয়োজন হ’ব৷ তেতিয়ালৈ জনসাধাৰণ সজাগ–সাৱধান নহ’লে পৰিস্থিতিৰ আৰু অধিক অৱনতি ঘটাটো নিশ্চিত৷