নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রেষ্ঠ পৰিচালকৰ আউটষ্টেণ্ডিং এচিভমেণ্ট বঁটা ৰাজেন দাসলৈ

ৱর্ল্ড ফিল্ম কার্নিভেল ছিংগাপুৰঃ লাইফ ইন এ পাপেটৰ সাফল্য

নিয়মীয়া  বার্তা,  ২৬ এপ্রিলঃ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত সাফল্যৰ ধাৰা অব্যাহত ৰখা অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’–এ পুনৰবাৰ ৰাজ্যখনলৈ সুখবৰ কঢ়িয়াই আনিছে৷ যোৱা ২৩ এপ্রিলত ঐশ্বর্য আৰু সংস্কৃতিৰ ৰম্যপুৰী ছিংগাপুৰত অনুষ্ঠিত ‘ৱর্ল্ড ফিল্ম কার্নিভেল’ৰ ১৭সংখ্যক মার্চ ছেছনত ‘লাইফ ইন এ পাপেট’–এ শ্রেষ্ঠত্ব অর্জন কৰিছে৷ হাংগেৰী, জাপান, আমেৰিকা যুক্তৰাষ্ট্র, জিম্বাব’ৱে, নৰৱে, ইটালী আদি ৰাষ্ট্রই যোগদান কৰা সন্মানীয় চলচ্চিত্র মহোৎসৱত ভাৰতৰ হৈ যোগদান কৰা অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’–এ লাভ কৰে শ্রেষ্ঠ চলচ্চিত্র শাখাত আউটষ্টেণ্ডিং এচিভমেণ্ট বঁটা আৰু প্রমাণ–পত্র৷ ‘লাইফ ইন এ পাপেট’ৰ পৰিচালক ৰাজেন দাসলৈ আগবঢ়োৱা হৈছে শ্রেষ্ঠ পৰিচালকৰ আউটষ্টেণ্ডিং এচিভমেণ্ট বঁটা আৰু প্রমাণ–পত্র৷ আজি পৰিচালক ৰাজেন দাসক ছিংগাপুৰৰ কার্নিভেল কর্তৃপক্ষই ই–মেইলযোগে এই শুভসংবাদ প্রেৰণ কৰে৷ উল্লেখযোগ্য যে অসমৰ বিলুপ্তপ্রায় পুতলা নাচক লৈ নির্মাণ কৰা চলচ্চিত্রখনে আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত ইতিমধ্যে ব্যাপক সমাদৰ লাভ কৰাৰ লগতে লাভ কৰিবলৈ সক্ষম হৈছে ভালেমান আন্তঃৰাষ্ট্রীয় সন্মান ৷

You might also like