নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণেশগুৰি–কামাখ্যা গেটত অগ্ণিকাণ্ডত জাহ গ’ল লক্ষাধিক টকাৰ সা–সম্পত্তি

নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ গণেশগুৰিৰ তৃপ্তি টাৱাৰত দেওবাৰে পুৱা প্রায় ১০.৪০ বজাত অগ্ণিকাণ্ডৰ সূত্রপাত হয়৷ অগ্ণিনির্বাপক বাহিনীয়ে জানিবলৈ দিয়া মতে তৃপ্তি টাৱাৰৰ এটা বাসগৃহত ভাত ৰান্ধি থকা সময়তে গেছৰ পাইপত জুই লাগি নিমিষতে বাসগৃহটো আগুৰি ধৰে৷ এই অগ্ণিকাণ্ডত ঘৰটোত থকা নথি–পত্র আচবাবকে ধৰি প্রায় ২ লক্ষাধিক টকাৰ সা–সম্পত্তি ভস্মীভূত হয়৷ অগ্ণিনির্বাপক বাহিনীৰ তৎপৰতাত সৌভাগ্যক্রমে অঞ্চলটো ৰক্ষা পৰে৷ ইফালে, আজি সন্ধিয়া ৬.৪৫ বজাত কামাখ্যাগেটৰ এজন লোকৰ বাসগৃহত থাপনাৰ পৰা জুইৰ সূত্রপাত হয়৷ পাণ্ডুৰ পৰা যোৱা এখন গাড়ীয়ে জুই নির্বাপিত কৰিবলৈ সক্ষম হয়৷ অগ্ণিকাণ্ডত ক্ষয়–ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই৷

You might also like