ৰাজ্যত শীঘ্রে ৪০ মেট্রিকটনকৈ ৰাহি অক্সিজেনঃ ড০ শর্মা
নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ দেশৰ বিভিন্ন ৰাজ্যত অক্সিজেনৰ অভাৱে ক’ৰোনা আক্রান্তক সংকটলৈ ঠেলি দিয়াৰ সময়তে স্বাভাৱিকতে প্রশ্ণ উত্থাপন হৈছে অসমত কিমান অক্সিজেন মজুত আছে৷ বিষয়টোক লৈ চলি থকা চর্চাৰ মাজতে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) এখন সংবাদ মেল ম্বোধন কৰি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ স্পষ্ট মন্তব্য– ৰাজ্যত নহয় অক্সিজেনৰ অভাৱ৷ বর্তমান প্রয়োজন হৈ থকা অক্সিজেন সঠিকভাৱেই ৰোগীক যোগান ধৰিবলৈ সক্ষম হৈ আছে স্বাস্থ্য বিভাগ৷ মন্ত্রী ড০ শর্মাই কয়– অসমত দুটা অক্সিজেন নির্মাণকাৰী প্রতিষ্ঠান আছে৷ এটা মেঘালয়ান অক্সিজেন, আনটো প্রিমিয়াৰ অক্সিজেন৷ দুয়োটা শাখাই প্রতিদিনেই ৰোগীৰ বাবে ৫০ মেট্রিকটন অক্সিজেন উৎপাদন কৰে৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত ৮টাকৈ অক্সিজেন প্লাণ্টৰ কাম হাতত লোৱা হৈছে৷
ইয়াৰে গুৱাহাটীত তিনিটা, ডিফুত দুটা, যোৰহাটত দুটা প্লাণ্টে কাম কৰি আছে৷ এই প্লাণ্টসমূহৰ পৰা প্রতিদিনে ৫ মেট্রিকটনকৈ অক্সিজেন উৎপাদন হয়৷ আনহাতে, ডিমাপুৰত থকা এটা অক্সিজেন প্লাণ্ট পুনৰ কার্যক্ষম কৰি অক্সিজেন উৎপাদনৰ বাবে ব্যৱস্থা গ্রহণ কৰা হৈছে৷ এই সন্দর্ভত কাইলৈ চুবুৰীয়া ৰাজ্যখনৰ সৈতে বুজাবুজি চুক্তি হ’ব৷ এই প্লাণ্টৰ পৰা অসমে প্রতিদিনে ৫ মেট্রিকটনকৈ অক্সিজেন লাভ কৰিব৷ একেদৰে বঙাইগাঁৱত আন এটা প্লাণ্ট কার্যক্ষম কৰা হ’ব৷ উক্ত প্লাণ্টৰ পৰা ২.৯ মেট্রিকটন অক্সিজেন লাভ কৰিব পৰা যাব৷ এনেদৰে প্রতিদিনে ৬০ মেট্রিকটন অক্সিজেন অসমৰ হাতত থাকিব৷ আজিৰ দিনটোত অসমত ২০ মেট্রিকটন অক্সিজেনৰ প্রয়োজন হৈ আছে৷ এই প্লাণ্টসমূহ কার্যক্ষম হ’লে আমাৰ হাতত অতিৰিক্ত ৪০ মেট্রিকটন অক্সিজেন মজুত থাকিব৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ ইয়াকো উল্লেখ কৰে যে ৰাজ্যত বিভিন্ন ঠাইত স্থাপন কৰা অক্সিজেন প্লাণ্টসমূহ সোনকালেই কার্যক্ষম হ’ব আৰু অসমে ৪৬০ মেট্রিকটন অক্সিজেন মজুত কৰিব পাৰিব৷ ইতিমধ্যে অইল ইণ্ডিয়াই ৩০ মেট্রিকটন অক্সিজেন অসম চৰকাৰক দিয়াৰ কথা ঘোষণা কৰিছে৷