পুনৰ বৃহৎ ভূমিকম্পৰ আশংকা ভূ–বিজ্ঞানী অধ্যাপক ড০ সভাৰাম কলিতাৰ
নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ বুধবাৰে পুৱাৰ ভাগতে এক বৃহৎ ভূমিকম্পই জোকাৰি যায় অসমকে ধৰি উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্য৷ এই সন্দর্ভত আন্তঃৰাষ্ট্রীয় পর্যায়ত এজন ভূ–বিজ্ঞানী হিচাপে সুনাম থকা আৰু কটন কলেজৰ ভূ–বিজ্ঞান বিভাগৰ অৱসৰপ্রাপ্ত অধ্যাপক ড০ সভাৰাম কলিতাই আশংকা ব্যক্ত কৰা অনুসৰি আগন্তুক দিনত পুনৰ এক বা ততোধিক আৰু ইয়াতকৈও অধিক কম্পনাংকৰ ভূমিকম্প অসমসহ উত্তৰ–পূবত হ’ব পাৰে৷ ভূমিকম্প বিষয়ত গৱেষণা কৰি পি এইচ ডি তথা ডক্টৰেট ডিগ্রী লাভ কৰা অধ্যাপক কলিতাই সদৰী কৰা অনুসৰি ১৮৯৭ আৰু ১৯৫০ চনত হোৱা দুয়োটা বৃহৎ ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্রাবল্যৰ পৰিমাণ আছিল ৮.৭ কম্পনাংক৷ বিশ্বত এতিয়ালৈকে এই দুয়োটা ভূমিকম্পই সর্ববৃহৎ বুলি চিহ্ণিত হৈছে৷
অধ্যাপক কলিতাই কয়– সাগৰৰ পৰা প্রাকৃতিক পৰিঘটনাৰ ফলত সৃষ্টি হোৱা হিমালয় পর্বতমালাৰ তলিভাগ সদায় অস্থিৰ ৰূপত থাকে৷ বিভিন্ন প্রাকৃতিক পৰিঘটনা আৰু প্রবল চাপৰ বাবে পৃথিৱীৰ তলত থকা মুঠ আঠখন প্লেটৰ অন্যতম ইণ্ডিয়ান প্লেটখন সদায় উত্তৰ দিশত গতি কৰে আৰু ইতিমধ্যে ই চাইনীজ বা তিবেতিয়ান প্লেটৰ তলত সোমাই পৰিছে৷ যাৰ বাবে চিচিমিক জ’ন বা বিশ্বৰ অন্যতম ভূমিকম্প মণ্ডলত অৱস্থিত অসমসহ উত্তৰ–পূবৰ আঠোখন ৰাজ্যৰ তলিভাগ সদায় অস্থিৰ হৈ থাকে৷ ইণ্ডিয়ান প্লেটখন হিমালয় পর্বতমালাৰ তলেৰে উত্তৰ দিশ অর্থাৎ চাইনীজ প্লেটখনৰ তলেৰে গতি কৰি থকাত ইয়াৰ ফলত সৃষ্ট প্রাকৃতিক পৰিঘটনাৰ বাবে আগন্তুক দিনত পুনৰ ইয়াতকৈ অধিক বৃহৎ ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে৷ বুধবাৰে ভূমিকম্পটোৰ অভিকেন্দ্র শোণিতপুৰ জিলাৰ উত্তৰ দিশত আৰু হিমালয় পর্বতমালাৰ পাদদেশত হোৱা বিষয়টোৱে পুনৰ ইণ্ডিয়ান আৰু চাইনীজ প্লেটৰ সংঘর্ষৰ ফলত আগন্তুক দিনত ইয়াতকৈ বৃহৎ ভূমিকম্পৰ সম্ভাৱনাকে প্রতিফলিত কৰিছে৷ অৱশ্যে এই ভূমিকম্পটো সৌভাগ্যক্রমে দিনত হোৱা বাবে ৰাজ্যখনত বিশেষ কোনো লোক হতাহত হ’ব লগা নহ’ল বুলি অধ্যাপক ড০ সভাৰাম কলিতাই সদৰী কৰিছে৷