ৰাজ্যত প্রাণঘাতী ভাইৰাছত নতুনকৈ সংক্রমিত ৩,১৯৭ঃ শুকুৰবাৰে পুনৰ ২৬জনৰ মৃত্যু
নিয়মীয়া বাৰ্তা ১ মেঃ ৰাজ্যত ক’ৰোনাসৃষ্ট পৰিস্থিতি অধিক জটিল কৰি যোৱা ২৪ ঘণ্টাত ২৬জন আক্রান্তৰ মৃত্যু ঘটিছে৷ ৰাষ্ট্রীয় স্বাস্থ্য মিছনে প্রকাশ কৰা তথ্য অনুসৰি শুকুৰবাৰে ৰাজ্যত ৭২,২৩৯জন লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছিল৷ এইসকলৰ মাজৰ ৩,১৯৭জন লোক ক’ৰোনা আক্রান্ত ৰূপে চিহ্ণিত হৈছে৷ আক্রান্তৰ হাৰ হ’ল ৪.৪৩ শতাংশ৷ ইফালে ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ৮জন, কামৰূপ জিলাৰ ৪জন, ডিব্রুগড় জিলাৰ ২জন, হোজাই জিলাৰ ২জন, শিৱসাগৰ জিলাৰ ২জন, নগাঁও জিলাৰ ২জন, বৰপেটা, কাছাৰ, দৰং, গোলাঘাট, নলবাৰী আৰু ওদালগুৰি জিলাৰ এজনকৈ লোক আছে৷
বিগত ৪৮ ঘণ্টাত কামৰূপ মহানগৰ জিলাত এই সংক্রমণ কিছু হ্রাস পাইছিল যদিও আজি আক্রান্তৰ সংখ্যা কিছু বৃদ্ধি হয়৷ অৱশ্যে আজি ক’ভিড পৰীক্ষা কৰা লোকৰ সংখ্যাও বৃদ্ধি পাইছে৷ শুকুৰবাৰৰ দিনটোত কামৰূপ মহানগৰ জিলাত ১,১৮৪জন আক্রান্ত হোৱাৰ বিপৰীতে ডিব্রুগড় জিলাত ২৪৫জন, নলবাৰী জিলাত ১৪৩জন আৰু কামৰূপ জিলাত ১৩৩জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আনহাতে, আজিৰ দিনটোত ক’ৰোনামুক্ত হৈছে ২,৪৪৯জন লোক৷ এতিয়াও ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ২৩,৮২৬জন লোক৷
বগীনদীৰ চাউলধোৱাত ক’ভিডত আক্রান্ত হৈ যুৱকৰ মৃত্যু
ন লখিমপুৰ জিলাৰ বগীনদী খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্রৰ অধীনস্থ চাউলধোৱা ক্ষুদ্র প্রাথমিক স্বাস্থ্যকেন্দ্রৰ অন্তর্গত চাউলধোৱা তিনিআলিৰ দল বাহাদুৰ গুৰুঙৰ পুত্র বিপুল গুৰুং (৩৮)ৰ আজি ক’ভিডত মৃত্যু হয়৷ আজি পুৱা তেওঁ চাউলধোৱা ক্ষুদ্র প্রাথমিক স্বাস্থ্যকেন্দ্রত ক’ভিড টেষ্ট কৰোঁতে পজিটিভ ওলায়৷ মধুমেহকে ধৰি বিভিন্ন ৰোগত আক্রান্ত হৈ থকা যুৱকজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰা হয় যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়৷
ক’ভিডে কাঢ়ি নিলে বঙাইগাঁৱৰ জনপ্রিয় গীটাৰিষ্ট ত্রিদীপ চৌধুৰীক
মহামাৰী ক’ভিডে কাঢ়ি নিলে জনপ্রিয় গীটাৰিষ্ট ত্রিদীপ চৌধুৰীক (৪১)৷ বঙাইগাঁৱৰ দেউৰীপাৰাৰ বিশিষ্ট অধিবক্তা বিজয় চৌধুৰীৰ পুত্র ত্রিদীপ চৌধুৰী কিছুদিন পূর্বে বহিঃৰাজ্যৰ পৰা ঘৰলৈ উভতি অহাৰ পাছতে তেওঁৰ শৰীৰত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰে৷ পাছত তেওঁক বঙাইগাঁৱৰ লৱাৰ আছাম হাস্পতালত ভর্তি কৰোৱা হয়৷ তাৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ কৰা হয়৷ গুৱাহাটীৰ এখন বেচৰকাৰী হাস্পতালত কালি চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ অৱশ্যে গুৱাহাটীলৈ প্রেৰণ কৰাৰ পূর্বে লৱাৰ আছাম হাস্পতালত কৰা তেওঁৰ আৰ টি পি চি আৰ পৰীক্ষাৰ ফলাফল নিগেটিভ অহা বুলি জানিব পৰা গৈছে৷ প্রয়াত চৌধুৰী নিউমোনিয়াত ভুগি আছিল বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে চাৰি বছৰমান পূর্বে গুৱাহাটীৰ কামাখ্যাত এক দুর্ঘটনাত পতিত হোৱাৰ পাছৰ পৰাই শিল্পীগৰাকী হুইল চেয়াৰৰ সহায় লৈ আহিছিল৷ যাৰ বাবে চণ্ডীগডত চিকিৎসা গ্রহণ কৰাৰ লগতে সংগীতৰো চর্চা কৰি আছিল৷ কিছুদিন পূর্বে ঘৰলৈ অহা চৌধুৰীৰ শৰীৰত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰাত হোম আইছ’লেচনত আছিল৷
ক’ভিডত দৰঙৰ দুজনৰ অকাল বিয়োগ
ক’ৰোনা ভাইৰাছে পুনৰ দৰঙৰ দুজনকৈ লোকৰ জীৱন আজি অকালতে কাঢ়ি নিলে৷ জিলাখনৰ মঙলদৈ নগৰবাহী গাঁৱত জন্মগ্রহণ কৰা অৱসৰপ্রাপ্ত আই এ এছ বিষয়া তথা অসম চৰকাৰৰ প্রাক্তন আয়ুক্ত সচিব, নলবাৰী জিলাৰ প্রাক্তন উপায়ুক্ত, অসম চিভিল ছ’চাইটীৰ কার্যকৰী সভাপতি মাহতাব উদ্দিন আহমেদৰ আজি দিনৰ ১১.২০ বজাত গুৱাহাটীৰ এপল’ হাস্পতালত মৃত্যু হয়৷ প্রায় ৬৫ বছৰ বয়সীয়া আহমেদৰ পৰিয়ালটোৱে দলগাঁৱত নিগাজীকৈ আছিল যদিও শেহতীয়াভাৱে তেওঁ অৱসৰৰ পাছত গুৱাহাটীতে থাকিবলৈ লৈছিল৷ তেওঁৰ মৃত্যুত দৰং আছু, যুৱ–ছাত্র পৰিষদসহ মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে গভীৰ শোক–সমবেদনা জ্ঞাপন কৰিছে৷ ইপিনে, দৰং জিলাৰ পাতিদৰং গাঁৱৰ ৪৮ বছৰীয়া নিৰঞ্জন শর্মাৰ আজি ক’ভিডত আক্রান্ত হৈ দেওমৰনৈ চিকিৎসালয়ত মৃত্যু হয়৷ শর্মাই গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষকতা কৰি আছিল৷ গুৱাহাটীত ক’ভিডৰ ভেকচিনৰ প্রথম পালি লৈছিল যদিও হঠাৎ অসুস্থ হোৱাত ঘৰলৈ ২৫ এপ্রিলত আহিছিল৷ সামান্য জ্বৰ–কাহত ভুগি থকা বাবে ঔষধ সেৱন কৰি আছিল৷ নিজ ঘৰতে আজি জ্বৰ বেছি হোৱাত ১০৮যোগে দেওমৰনৈ চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসালয় পোৱাৰ লগে লগে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে৷ শর্মাই মৃত্যুৰ সময়ত পত্নীসহ এটা সন্তান এৰি থৈ যায়৷
ক’ভিডৰ দ্বিতীয় ঢ়ৌত আক্রান্তৰ হৈ টিহুত এজনৰ মৃত্যু
ক’ভিডত আক্রান্ত হৈ মৃত্যু ঘটিছে টিহুৰ ২নং নাথকুছিৰ কিশোৰ শর্মা নামৰ এজন ৪৮ বছৰীয়া ব্যক্তিৰ৷ কালি বজালীৰ বেজকুছি প্রাথমিক স্বাস্থ্যকেন্দ্রত তেওঁৰ দেহত ধৰা পৰিছিল ক’ভিডৰ অৱস্থিতি৷ পাছত কলগাছিয়াৰ ক’ভিড কেয়াৰ চেণ্টাৰলৈ লৈ যোৱা হয় যদিও পাছত তেওঁৰ মৃত্যু ঘটে৷ উল্লেখ্য যে বিগত পাঁচ–ছদিন ধৰি অসুস্থ হৈ আছিল টিহুৰ দুই নং নাথকুছিৰ কিশোৰ শর্মা৷ ক’ভিডত অকাল মৃত্যুক সাবটি লোৱা ব্যক্তিজনৰ পত্নীৰ দেহতো ক’ভিডৰ অৱস্থিতি ধৰাত পৰাৰ বিপৰীতে তেওঁলোকৰ আছে ছয় বছৰীয়া ল’ৰা আৰু ১৩ বছৰীয়া এগৰাকী কন্যা সন্তান৷ এই বিষয়ত জানিব পৰা মতে, ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা কিশোৰ শর্মাৰ সংস্পর্শলৈ আহিছিল পৰিয়ালৰ লগতে একাধিক ব্যক্তি৷ এইসকলৰ একাংশই আজি ক’ভিড টেষ্ট কৰাৰ অন্তত একাংশৰ ফলাফল নিগেটিভ আহিছে যদিও সকলোৰে ফলাফল জানিব পৰা হোৱা নাই৷
আজি নগাঁও চহৰৰ বেংগলীপট্টি নিৱাসী অঞ্জলি নন্দী (৭০) নামৰ এগৰাকী মহিলাৰ ক’ভিড–১৯ত মৃত্যু ঘটা বুলি নগাঁও জিলাৰ স্বাস্থ্য বিভাগে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে৷ আজি পর্যন্ত জিলাখনত ক’ভিডত আক্রান্ত হৈ মুঠ তিনিজন ব্যক্তিৰ মৃত্যু ঘটিছে৷
বেবেজীয়াৰ ক’ৰোনাত আক্রান্ত পূর্ণিমা বৰাৰ মৃত্যু
নগাঁও জিলাৰ বেবেজীয়া পণ্ডিত কনক শর্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত শিক্ষয়িত্রী তথা শিক্ষানুষ্ঠানখনৰ অৱসৰপ্রাপ্ত ভাৰপ্রাপ্ত অধ্যক্ষ যাদৱ চন্দ্র বৰাৰ পত্নী, ডিব্রুগড়ৰ অতিৰিক্ত উপায়ুক্ত সাত্ব্ন্না বৰাৰ মাতৃ পূর্ণিমা বৰাৰ আজি নিশা প্রায় ৭.৩০ বজাত পৰলোকপ্রাপ্তি ঘটে৷ তেওঁ ক’ভিড–১৯ত কিছুদিন পূর্বে আক্রান্ত হৈ হোম কোৱাৰেণ্টাইন হৈ থকা মহিলাগৰাকীৰ মৃত্যুৰ খবৰে অঞ্চলটোত শোকৰ সমান্তৰালভাৱে শংকাৰো সৃষ্টি কৰিছে৷
চি পি আই (এম) নেতা হেমেন দাস ক’ৰোনাত আক্রান্ত
সৰভোগ সমষ্টিৰ প্রাক্তন বিধায়ক তথা চি পি আই (এম)ৰ বর্ষীয়ান নেতা হেমেন দাস ক’ৰোনাত আক্রান্ত হৈ আজি গুৱাহাটীৰ জি এন আৰ চিৰ অধীনৰ ক’ভিড কেন্দ্রত চিকিৎসাধীন হৈ আছে৷ কালি অসুস্থ অনুভৱ কৰাত তেওঁক আজি পুৱা জি এন আৰ চি চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ আৰ টি পি চি আৰ পৰীক্ষাত তেওঁ ক’ভিড পজিটিভ বুলি চিনাক্ত হয়৷ বর্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসালয় কর্তৃপক্ষই জনাইছে৷ চি পি আই (এম)ৰ ৰাজ্যিক কমিটীয়ে হেমেন দাসৰ দ্রুত আৰোগ্য কামনা কৰিছে৷ ইফালে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বর্ষীয়ান ৰাজনীতিবিদগৰাকীৰ অসুস্থতাৰ খবৰ পাই ফোনযোগে বার্তালাপ কৰি স্বাস্থ্যৰ বুজ লয়৷