নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত আক্রান্তঃ দিল্লীত সাংবাদিক নীলাক্ষি ভট্টাচার্যৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১ মেঃ ঘাতক ভাইৰাছ ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুক সাবটি ল’লে দেশৰ ৰাজধানী নতুন দিল্লীত কর্মৰত এগৰাকী অসমীয়া সাংবাদিকে৷ চিকিৎসাধীন অৱস্থাতে গুৰগাঁৱৰ প্রতীক্ষা হাস্পতালত মৃত্যু হোৱা সাংবাদিকগৰাকী হৈছে নীলাক্ষি ভট্টাচার্য৷ প্রয়াত ভট্টাচার্য ‘টাইমছ অৱ ইণ্ডিয়া’ গ্রুপত জ্যেষ্ঠ সাংবাদিক ৰূপে কার্যনির্বাহ কৰি আছিল ৷ সাংবাদিকতাৰ উপৰি প্রয়াত ভট্টাচার্য পর্বতাৰোহণৰ সৈতেও জড়িত আছিল৷ তেওঁ হিমালয়ৰ বিভিন্ন প্রান্তত কেইবাটাও অভিযানত অংশ লৈছিল৷

গুৱাহাটীৰ দুঃসাহসিক ক্রীড়া সংগঠনExplorersৰ প্রতিষ্ঠাপক সদস্য ভট্টাচার্যৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে৷ মৃত্যুৰ সময়ত ভট্টাচার্যই স্বামী কল্যাণ বৰুৱা আৰু স্নাতকোত্তৰ শ্রেণীত অধ্যয়ন কৰি থকা একমাত্র কন্যাক এৰি গৈছে৷ Explorers’–এ ভট্টাচার্যৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ ইফালে ভট্টাচার্যৰ অকাল বিয়োগত গুৱাহাটী প্রেছ ক্লাবে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ জনাইছে সমবেদনা৷

You might also like