বিজেপিৰ পদ্ম হাজাৰিকা চতিয়াত জয়ী
নিয়মীয়া বাৰ্তা, ১ মেঃ বিজেপি প্ৰাৰ্থী তথা চাৰিবাৰৰ বিধায়ক পদ্ম হাজৰিকাই ২৪,১৫৫ টা ভোটৰ ব্যৱধানত চতিয়া সমষ্টিত জয়লাভ কৰিছে। তেওঁ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ প্ৰাণেশ্বৰ বসুমতাৰীক পৰাজিত কৰে।
১৯৯৬ চনত হাজৰিকাই প্ৰথমবাৰৰ বাবে চতিয়া সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল। পাছতো তেওঁ ২০০৬, ২০১১ আৰু ২০১৬ চনত একেৰাহে বিজয়ী হৈছিল।