ক’ভিড–১৯য়ে জলবায়ুৰ প্রহেলিকা সমাধান কৰিব
মহামাৰীৰ লকডাউনৰ পৰা কমি যোৱা প্রদূষণে হয়তো বহু বছৰৰ পৰা উত্থাপিত প্রশ্ণ– ‘জলবায়ুৰ ওপৰত এৰ’ছলৰ aerosol) প্রভাৱ কেনেকুৱা?’ –এই প্রশ্ণটোৰ সমিধান দিব পাৰিব৷ যিহেতু ক’ভিড–১৯ মহামাৰীৰ কাৰণে সমগ্র বিশ্বৰ প্রায় মানুহ ঘৰৰ ভিতৰত আছে, অর্থনৈতিক কাম–কাজ economic activities) বন্ধ হৈ আছে, এই পৰিস্থিতিয়ে বায়ুমণ্ডল দূষিতকৰণৰ পৰিমাণ উল্লেখনীয়ভাৱে হ্রাস কৰিলে আৰু আকাশখন পৰিষ্কাৰ হৈ পৰিছে, গৱেষকসকলে অভূতপূর্ব সুবিধা পাইছে জলবায়ু বিজ্ঞানৰ কণ্টকে মুকলি কৰা, বায়ুমণ্ডলৰ ওপৰত এৰ’ছলৰ (বায়ুমণ্ডলত ভাহি থকা ক্ষুদ্র ক্ষুদ্র কণাসমূহ) প্রভাৱৰ বিষয়ে কৰা প্রশ্ণসমূহৰ উত্তৰ দিবলৈ৷ এই সময়ছোৱাত তেওঁলোকে কৰা অধ্যয়নে দেখুৱাইছে যে পৃথিৱীৰ জলবায়ু সম্পর্কীয় ভৱিষ্যৎবাণীসমূহৰ্ সংশোধন কৰিব পৰা যাব৷ ইংলেণ্ডৰ ৰিডিং বিশ্ববিদ্যালয় University of Reading)–ৰ এৰ’ছল গৱেষক নিকোলাছ বেলউইনে Nicolas Bellouin) কয়, ‘আমি এই অৱস্থাটোত কাম কৰিবলৈ ভাল পাইছোঁ যদিও, জনসাধাৰণৰ বাবে ই দুঃখজনক, আমাৰ কর্মক্ষেত্রত ই কিন্তু ধনাত্মক দিশ৷’
এৰ’ছলসমূহ ক্ষুদ্র ক্ষুদ্র কণা বা টোপাল, যিবোৰ বতাহত বায়ুলৈ অসংখ্য উৎস, যেনে জীৱাশ্ম ইন্ধন fossil-fuel) দহনৰ পৰা সাৰ স্প্রে’ fertilizer spray) কৰালৈকে আৰু প্রাকৃতিক পৰিঘটনা যেনে সাগৰ স্প্রে’ sea spray)–ৰ পৰা আহে৷ এই ক্ষুদ্র ক্ষুদ্র কণা বা টোপালসমূহে মেঘৰ ধর্ম সলনি কৰি পেলায় আৰু সূর্যৰ পোহৰক কিছু পৰিমাণে বিক্ষিপ্ত কৰি আৰু অন্য কিছু অংশ শোষণ কৰি পৃথিৱীলৈ অহাত বাধা প্রদান কৰে৷ এই সকলো কাৰকেই গোলকীয় উষ্ণতাৰ global temperature) ওপৰত প্রভাৱ পেলায়, কেতিয়াবা কেতিয়াবা সহ্য কৰিব নোৱৰা ধৰণে প্রভাৱ পেলায়৷ মুঠৰ ওপৰত বতাহত ভাহি থকা এই ক্ষুদ্র ক্ষুদ্র কণা বা টোপালসমূহে অর্থাৎ এৰ’ছলৰ জলবায়ুৰ ওপৰত শীতল প্রভাৱ cooling effect) আছে, ই সেউজগৃহ গেছে greenhouse gases) উত্তাপ বৃদ্ধি কৰাৰ সমতা ৰক্ষা কৰে৷ কিন্তু এই সমতা, এতিয়ালৈকে কিমান পৰিমাণে কৰিব পাৰিছে বা ভৱিষ্যতে কিমান কৰিব পাৰিব এই সকলোবোৰ কথা স্পষ্ট নহয়৷ জলবায়ু পৰিৱর্তনৰ আন্তঃচৰকাৰী মঞ্চই Intergovernmental Panel) ধাৰণা কৰিছে যে বায়ুমণ্ডলত কার্বন–ডাই–ক্সাইডৰ্ জমা দুগুণ পৰিমাণৰ হ’লে, যিকোনো স্থানতে ১.৫ৰ পৰা ৪.৫ ডিগ্রী চেলছিয়াছ পর্যন্ত উষ্ণতা বৃদ্ধি কৰিব পাৰিব৷
অছল’ বিশ্ববিদ্যালয়ৰ University of Oslo) বায়ুমণ্ডলীয় বিজ্ঞানী ড্রুড ষ্ট’ৰলম’য়ে Trude Storelvmo) কয়, ‘এতিয়ালৈকে জলবায়ুৰ ওপৰত এৰ’ছলৰ প্রভাৱৰ অনিশ্চয়তাই আমাক আগৰ ঠাইলৈকে ঘূৰাই নিছে৷’
এৰ’ছলৰ ভূমিকা নির্ণয়ৰ ক্ষেত্রত উদ্ভৱ হোৱা সমস্যাটো হ’ল– কেৱল সিহঁত থাকিলে কি হ’ব, নাথাকিলে কি হ’ব, সিহঁতৰ উৎসৰ তুলনা কৰিবলৈকে সমগ্র পৃথিৱীৰ অর্থনৈতিক কাম–কাজবোৰ বন্ধ কৰিব নোৱাৰি৷ কিন্তু বর্তমান মহামাৰীৰ প্রভাৱে এইটো সফলতাৰে কৰিবলৈ সুবিধা কৰি দিছে৷ জলবায়ু বিজ্ঞানীসকলে নির্দিষ্ট ডাৱৰৰ ধর্মৰ পৰা এৰ’ছল নির্গমনৰ আগত আৰু পিছত স্থানীয় উষ্ণতাৰ কি পৰিৱর্তন হৈছে, সকলোখিনি পার্থক্য ঠাইতে জানিবলৈ জঁপিয়াই পৰিছে৷
নৰৱেৰ চেণ্টাৰ ফৰ ইণ্টাৰনেচনেল ক্লাইমেট ৰিছার্চৰ Center for International Climate Research) বায়ুমণ্ডলীয় বিজ্ঞানী বিয়ন ছামছেটে কয়, ‘এনেকৈ যদি লকডাউন চলি থাকে, এটা সুন্দৰ খুব নিশ্চিত ভৱিষৎবাণী কৰিব পাৰো যে মাত্র কেইটামান বছৰৰ ভিতৰত এই বিষয়ে অসংখ্য গৱেষণা পত্র প্রকাশ হ’ব৷’
প্রাকৃতিকভাৱে উৎপন্ন হোৱাৰ বাহিৰে মানুহৰ কার্য–কলাপৰ human activities) কাৰণে কিমান পৰিমাণৰ এৰ’ছল বায়ুমণ্ডলত নির্গত হয়– এই প্রশ্ণৰ উত্তৰ বিচাৰি আছে বিজ্ঞানী ছামছেট, বেল’উইন আৰু অন্যান্য জলবায়ু বিজ্ঞানীসকলে৷ এৰ’ছলৰ নির্গমন ঠায়ে ঠায়ে সলনি হয় আৰু দূৰৱর্তী উপগ্রহ জোখ–মাখৰ remote satellite measurements) আধাৰত বা ভূমিআধাৰিত সঁজুলিৰ সহায়ত ইয়াৰ উৎস নির্ণয় কৰিবলৈ সাধাৰণতে কঠিন হয়৷
বর্তমান এৰ’ছলৰ হ্রাসে প্রাকৃতিক এৰ’ছলৰ পশ্চাদভূমিৰ background) স্তৰৰ বিষয়ে তথ্য যোগান ধৰিছে৷ ডুক বিশ্ববিদ্যালয় Duke University)–ৰ ভূ–বিজ্ঞানী ড্রিউ শ্বাইনডেলে Drew Shindell), এৰ’ছল নির্গমনৰ ক্ষেত্রত মানুহৰ বিভিন্ন কার্যকলাপৰ আপেক্ষিক অৰিহণা অনুসন্ধান কৰিবলৈ স্থিৰ কৰিছে৷
শ্বাইনডেলে কয় যে, ‘চীনত কিছুমান বন্ধ হৈ থকা কাম–কাজ, যেনে বিদ্যুৎ উৎপাদন আৰু পৰিবহণ ব্যৱস্থা বন্ধই অন্যবোৰতকৈ বেছি ব্যাপকভাৱে প্রভাৱ পেলাইছে, যাৰ কাৰণে বায়ুত এৰ’ছলৰ সংমিশ্রণৰ পৰিৱর্তন হোৱা দেখা গৈছে আৰু চিনাক্ত কৰিবলৈ সহজ হৈছে কোনটো কার্য–কলাপে কোনটো এৰ’ছল উৎপন্ন কৰে৷’ তেওঁ আৰু কয়, ‘তলাবন্ধৰ বিষয়ে মই এইটোৱেই গুৰুত্বপূর্ণ বিষয় বিচাৰি পাইছোঁ৷’
এৰ’ছলে ডাৱৰ গঠনতো cloud formation) প্রভাৱ পেলায়, যেতিয়া পানীৰ কণিকা এৰ’ছল কণাসমূহৰ ওপৰত ঘনীভূত হয় তেতিয়াই এই প্রভাৱ পৰে, য’ত অধিক এৰ’ছল থাকে, দীঘলীয়া সময়ৰ কাৰণে বর্তি থকা, অধিক প্রতিফলকযুক্ত ডাৱৰ গঠন কৰিব পাৰে৷ এই ঘটনাটোৱে পৃথিৱীৰ উষ্ণতাৰ earth’s temperature) ওপৰত প্রভাৱ পেলায়, কিন্তু সেইটো কম্পিউটাৰ মডেলসমহূত computer models) অর্ন্তভুক্ত কৰিবলৈ বিশেষভাৱে কঠিন৷ ষ্টৰ’লম’ আৰু অন্যান্য গৱেষকসকলে বর্তমান এৰ’ছলৰ আপেক্ষিক অনুপস্থিতিৰ প্রভাৱ অনুসৰি ডাৱৰৰ সংৰচনা অধ্যয়ন কৰিছে৷
ষ্টৰ’লমে কয়, ‘লকডাউনৰ আগৰ আৰু পিছৰ বায়ুমণ্ডলৰ এৰ’ছলৰ তথ্য অনুকৰণ আৰু তুলনা কৰি, আমি যিবোৰ পৰিঘটনা পর্যবেক্ষণ কৰিছিলো সেইবোৰ আর্হিটোৱে পুনঃ উৎপাদন কৰিব পাৰেনে নোৱাৰে, পৰীক্ষা কৰি চাবলৈ ভাল হ’ব৷’
ছামছেটেও ডাৱৰ পর্যবেক্ষণ কৰিবলৈ পৰিকল্পনা কৰিছে আৰু আশা কৰিছে প্রত্যাহ্বানজনক প্রশ্ণ, কেনেকৈ এৰ’ছলে জলবায়ু প্রভাৱিত কৰে, ক’ত আৰু কিমান পৰিমাণে ই বৰষিত হয়– তাৰ উত্তৰ৷ তেওঁ আৰু কয়, ইয়াৰ উত্তৰ বিচাৰি পোৱাটো হ’ব ‘যিশুখ্রীষ্টই অন্তিম ভোজনত ব্যৱহাৰ কৰা পৱিত্র থালখন বা কাপটো’ লাভ কৰাৰ দৰে, কাৰণ ডাৱৰ অত্যন্ত পৰিৱর্তনশীল৷’
শ্বাইনডেলে কয়, ‘লকডাউন চলি থকালৈকেহে বিজ্ঞানীসকলে এই কথাবোৰ অধ্যয়ন কৰিব পাৰিব৷ গতিকে এই বিষয়ে অধ্যয়ন কৰা বিজ্ঞানীৰ সংখ্যা সীমিত হ’ব৷ ভগৱানে নকৰক, বাস্তৱতে ই অতি দীঘলীয়া সময়৷’
কিন্তু যদি ব্যাপকভাৱে বৃদ্ধি হোৱা ক’ভিড–১৯–ৰ মোকাবিলা কৰিবলৈ কেইবামাহলৈও তলাবন্ধ ঘোষণা কৰা হয়, বৃহৎ স্কেলত জলবায়ুৰ পৰিৱর্তনৰ প্রভাৱ পর্যবেক্ষণ কৰিব পৰা যাব৷ উদাহৰণস্বৰূপে বিশ্বাস কৰা হয় যে এৰ’ছল দক্ষিণ এছিয়াৰ বার্ষিক মৌচুমী বায়ুৰ (ঋতুজনিত বায়ুৰ পৰিৱর্তন) কাৰক, যিয়ে ভাৰত উপমহাদেশলৈ প্রবল বৰষুণ আনে৷ কোটি কোটি মানুহে এই বৰষুণৰ ওপৰত নির্ভৰ কৰে৷ গতিকে ২০২০–ৰ যিকোনো বিশৃংখলতাই পৰিণাম গম্ভীৰ কৰিব৷
গৱেষকসকলে উষ্ণতাৰ ওপৰত এৰ’ছলৰ প্রভাৱ প্রত্যক্ষভাৱে ঠাইতে চাব পাৰে৷ ‘কম্পিউটাৰ অনুকৰণ’ computer simulations) ব্যৱহাৰ কৰি, ছামছেট আৰু অন্য বিজ্ঞানীসকলে আগতে পর্যবেক্ষণ কৰিছিল যে স্থানীয় এৰ’ছল নির্গমনত প্রকল্পিত বিশাল টোপালসমূহে স্থানীয়ভাৱে উষ্ণতা পৰিৱর্তন কৰিব পাৰে৷ কিন্তু ‘তলাবন্ধ’ সময়ত স্থানীয়ভাৱে এনেকুৱা কোনো পৰিৱর্তন দেখাৰ কাৰণে, বিশ্বব্যাপী এককভাৱে তাপমাত্রাসমূহ কমিবলৈ এৰ’ছল বিশাল পৰিমাণে কমি যোৱাটো প্রয়োজন৷
অতীজতে নিকটতম আগ্ণেয়গিৰি উদ্গীৰণৰ পৰা অহা এৰ’ছলৰ ওপৰত, বিজ্ঞানীসকলে এনেকুৱা ধৰণৰ এক অনিচ্ছাকৃত প্রয়োগ বা পৰীক্ষা কৰিছিল৷ সেই উদ্গীৰণে বিশাল পৰিমাণৰ এই কণাসমূহ বায়ু মণ্ডলৰ ওপৰ স্তৰত নিক্ষেপ কৰিছিল আৰু বিশ্বব্যাপী উষ্ণতা কমি আহিছিল৷ ৯ ছেপ্ঢেম্বৰৰ আক্রমণৰ পিছত আমেৰিকাত বিমান আৰোহণ কৰাৰ সময়ত দিয়াৰ দৰে, বিমানে শুহি লোৱা জলীয়বাষ্পই কেনেকৈ ডাৱৰ ধর্ম প্রভাৱিত কৰিব পাৰে তাৰ সংকেত দিয়ে৷ কিন্তু কেইজনমান বায়ুমণ্ডলীয় বিজ্ঞানী প্রস্তুত হৈছে এতিয়ালৈকে বৃদ্ধি হোৱা এৰ’ছল হ্রাস হোৱা পর্যায়টোলৈকে অধ্যয়ন কৰিবলৈ, যিটো এতিয়াও প্রকট হ’বলৈ বাকী আছে৷
ষ্টৰ’লমে কয়, ‘এনেকুৱা বিশেষ কিবা এটা হওক বুলি কোনেও সপোন দেখিব নোৱাৰে৷’ তথাপি গৱেষকসকলে আশা কৰে, মানৱ সমাজ লকডাউনৰ পৰা ওলাই আহিলে ই সহায় কৰিব, সেউজগৃহ গেছ হিচাপে আৰু বায়ু প্রদূষণ নির্গমন বিৱর্তনে কেনেকৈ উষ্ণতা বৃদ্ধি কৰি আছে একবিংশ শতিকাত– তাক পোহৰাবলৈ৷ ছামছেটে কয়, সম্ভাব্য জলবায়ু বিপদৰ বিষয়ে এই ঘটনাটো হ’ব মানৱ সমাজৰ প্রতি এক প্রকাৰ সকীয়নি৷’’