নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত প্রাণঘাতী ক’ৰোনাৰ সংহাৰ অব্যাহতঃ সোমবাৰে প্রাণ কাঢ়িলে ২৯জনৰ, আক্রান্ত ৪,৪৮৯

নিয়মীয়া বাৰ্তা ৪ মেঃ ৰাজ্যত ক’ৰোনাৰ সংক্রমণ ক্রমাৎ দ্রুতগতিত বৃদ্ধি হৈছে৷ পূর্বতকৈ পৰিস্থিতি অধিক জটিল কৰি আক্রান্তৰ সংখ্যা বৃদ্ধিৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ লৈছে৷ কালি ৩০জন লোকৰ মৃত্যু হোৱাৰ পিছত আজি ক’ৰোনাত আক্রান্ত ২৯জন লোকৰ মৃত্যু হয়৷ আনহাতে, সোমবাৰৰ দিনটোত ৪,৪৮৯গৰাকী লোক পজিটিভ ৰূপে চিনাক্ত হৈছে৷ ৰাষ্ট্রীয় স্বাস্থ্য মিছনে প্রকাশ কৰা তথ্য অনুসৰি, আজি ৰাজ্যত ৫৫,৯৩৯গৰাকী লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছিল৷ এইসকল লোকৰ মাজৰ পৰা ৪,৪৮৯গৰাকী লোক আক্রান্ত বুলি চিনাক্ত হয়৷ আক্রান্তৰ হাৰ হ’ল ৮.০২ শতাংশ৷ উল্লেখ্য যে আজি ক’ৰোনাত মৃত্যু হোৱা লোকসকলৰ ১৩গৰাকী কামৰূপ মহানগৰ জিলাৰ, ৪গৰাকী ডিব্রুগড় জিলাৰ, ৩গৰাকী কৰিমগঞ্জ জিলাৰ, ২গৰাকী ওদালগুৰি জিলাৰ আৰু বঙাইগাঁও–কাছাৰ–গোৱ্ আৰু তিনিচুকীয়া জিলাৰ এগৰাকীকৈ লোক আছে৷ আনহাতে, আজিৰ দিনটোত কামৰূপ মহানগৰ জিলাৰ ১,৬৪৫গৰাকী লোক পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ডিব্রুগড় জিলাৰ ৪৬০, কামৰূপ জিলাৰ ২৩৯, নগাঁও জিলাৰ ২০১ আৰু নলবাৰী জিলাৰ ২০১গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আক্রান্তৰ সংখ্যা বৃদ্ধি হৈছে যদিও বহু লোক ক’ৰোনামুক্ত হ’বলৈ সক্ষম হৈছে৷ আজিৰ দিনটোত ২,৫৩৪গৰাকী লোক ক’ৰোনামুক্ত হৈ ঘৰলৈ উভতিছে৷ অৱশ্যে এতিয়াও চিকিৎসাধীন হৈ আছে ২৬,৪৭৭গৰাকী লোক৷ ইফালে, ৰাজ্যত এতিয়ালৈ মুঠ ২৬,৭৩,৯২৮গৰাকী লোকক ভেকচিন প্রদান কৰা হৈছে৷ ইয়াৰে ২০,৯৫,৪৩৩গৰাকী লোকে ভেকচিনৰ প্রথমটো ড’জ গ্রহণ কৰাৰ বিপৰীতে ৫,৭৮,৪৯৫গৰাকী লোকে দ্বিতীয়টো ড’জ গ্রহণ কৰিছে৷ সোমবাৰৰ দিনটোত মুঠ ৮০,৬১১গৰাকী লোকক ভেকচিন প্রদান কৰা হয়৷ বর্তমান ৰাজ্য চৰকাৰৰ হাতত মজুত আছে ৩,৩৭,২২০টা ভেকচিনৰ ড’জ৷
বিশিষ্ট শিক্ষাবিদ ড০ উমাকান্ত শর্মাৰ দেহাৱসান
বিশিষ্ট শিক্ষাবিদ ড০ উমাকান্ত শর্মাৰ কালি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে৷ ডেৰ মাহ পূর্বে ঘৰতে হোৱা দুর্ঘটনাত আঘাতপ্রাপ্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ চিকিৎসাধীন হৈ আছিল৷ আইচিইউত চিকিৎসাধীন হৈ থকা কালতে ড০ শর্মাৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে আৰু কালি নিশা শেষ নিশ্বাস ত্যাগ কৰে৷ উল্লেখ্য যে নগাঁও চহৰৰ সমীপৱর্তী মাজপাঠৰী গাঁৱৰ সু–সন্তান শিক্ষাবিদ ড০ শর্মাই পঞ্চাশৰ দশকতে আইআইটি খডগপুৰৰ পৰা সুখ্যাতিৰে উত্তীর্ণ হৈছিল৷ অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক ড০ শর্মাই অৰুণাচল প্রদেশৰ নেৰিষ্টৰ সঞ্চালক পদতো কার্যনির্বাহ কৰিছিল৷ ইয়াৰ উপৰি আফ্রিকা মহাদেশৰ বহুকেইখন শিক্ষানুষ্ঠানত অতিথি শিক্ষক হিচাপে তেওঁ শিক্ষকতা কৰিছিল৷ গুৱাহাটীৰ পাঞ্জাবাৰীৰ জুৰিপাৰত নিগাজিকৈ থাকিবলৈ লোৱা বিশিষ্ট শিক্ষাবিদগৰাকীয়ে সদায়ে উঠি অহা প্রজন্মক শিকোৱাৰ বাবে আশী ঊর্ধ্বৰ বয়সতো মৃত্যুৰ আগমুহূর্তলৈকে ৯ মাইলত থকা ‘ৰিষ্ট’ আৰু ‘ইউ এছ টি এম’ নামৰ শিক্ষানুষ্ঠানৰ সৈতে জডিত আছিল৷ তেওঁৰ অন্ত্যেষ্টিক্রিয়া সম্পূর্ণ ক’ভিড প্রট’কলৰ মাজেৰে উলুবাৰীৰ শ্মশানত সম্পন্ন কৰা হয়৷ ড০ শর্মাই মৃত্যুৰ সময়ত পত্নী, এজন পুত্র আৰু দুগৰাকী কন্যাসহ অসংখ্য গুণমুগ্ধক এৰি গৈছে৷
ক’ভিডত আক্রান্ত হৈ ব্যৱসায়ী পৱিত্র ভৰালীৰ মৃত্যু
গুৱাহাটীৰ প্রতিষ্ঠিত ব্যৱসায়ী পৱিত্র ভৰালীৰ ক’ভিড–১৯ত আক্রান্ত হৈ আজি পুৱতিনিশা ৪.২০ বজাত এম এম চি এইচত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ৷ কুমাৰপাৰা নিৱাসী প্রতিষ্ঠিত ব্যৱসায়ী পৱিত্র ভৰালী কুমাৰপাৰা আঞ্চলিক উন্নয়ন সমিতি, জাতীয় দিৱস উদ্যাপন সমিতি, জয়হিন্দ ক্লাব, শান্তি সভা, নয়নতৰা ক্লাব, য়ুথ এথলেটিক ক্লাবকে ধৰি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগত ওতপ্রোতভাৱে জড়িত হৈ আছিল৷ যোৱা ৩০ এপ্রিলত ভৰালীৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাত এম এম চি এইচত ভর্তি কৰোৱা হৈছিল৷ আজি চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়৷ কামৰূপ মহানগৰ জিলা প্রশাসনে ক’ভিড বিধি অনুসৰি আজি তেওঁৰ শেষকৃত্য সম্পন্ন কৰে৷ বিশিষ্ট ব্যৱসায়ী পৱিত্র ভৰালীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷
গোলাঘাটত ২৪ ঘণ্টাতে প্রাণ গ’ল দুজনৰ
মাৰাত্মক ক’ৰোনা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গোলাঘাট জিলাত৷ যোৱা ২৪ ঘণ্টাত জিলাখনৰ ঢ়েকিয়াল আৰু বোকাখাত অঞ্চলৰ দুজনকৈ লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে৷ জানিব পৰা মতে, ঢ়েকিয়ালৰ ৰাজকুমাৰ শইকীয়া নামৰ ৫৯ বছৰীয়া লোকজন যোৱা ২৮ এপ্রিলত গোলাঘাট ক’ভিড হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটা বাবে চিকিৎসকে যোৰহাট মেডিকেল কলেজৰ ক’ভিড হাস্পতাললৈ প্রেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয়৷ আনহাতে, বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত আজি শাৰীৰিক অসুস্থতা আৰু উশাহ–নিশাহত কষ্ট অনুভৱ কৰাত চিনেশ্বৰ মৰাং নামৰ ৫২ বছৰীয়া লোকজনক ভর্তি কৰায় যদিও ক’ভিডত আক্রান্ত হোৱা লোকজনৰ শৰীৰত অক্সিজেনৰ পৰিমাণ অত্যন্ত কম হোৱাৰ ফলত চিকিৎসাধীন অৱস্থাতে আজি মৃত্যু হয় বুলি জানিব পৰা গৈছে৷ আনহাতে, ২৪ ঘণ্টাত দুজনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৯৪জন লোকৰ দেহত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে৷ ১,২৪১জন লোকৰ ছোৱাব পৰীক্ষাত ৯৪জনৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি লাভ কৰাত জিলাখনত আজিৰ দিনটোত ৭.৫ শতাংশলৈ আক্রান্তৰ সংখ্যা বৃদ্ধি পায়৷
বিহাৰত ক’ভিডত আক্রান্ত হৈ
মৃত্যু গোলাঘাটৰ অভিযন্তা প্রণৱ হাজৰিকাৰ
উত্তৰ প্রদেশৰ মথুৰা তেল শোধনাগাৰত সহকাৰী মহাপ্রবন্ধকৰূপে কর্মৰত গোলাঘাটৰ প্রণৱ হাজৰিকাৰ আজি ক’ভিডত আক্রান্ত হৈ বিহাৰৰ বেগুচৰাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়৷ মেধাৱী ছাত্রৰূপে জনাজাত প্রণৱ হাজৰিকাই উপ–মহাপ্রবন্ধক ৰূপে মথুৰা শোধনাগাৰত সেৱা আগবঢ়াই থাকোঁতে কিছুদিনৰ পূর্বে বিহাৰৰ বাৰাউনী শোধনাগাৰত প্রকল্প নির্মাণত নিয়োজিত হৈ আছিল৷ গোলাঘাটৰ ১০নং ৱার্ডৰ ঘনকান্ত কাকতি পথ নিৱাসী প্রয়াত পূর্ণকমল হাজৰিকাৰ দ্বিতীয় পুত্র আছিল প্রণৱ হাজৰিকা৷ মৃত্যুৰ সময়ত পত্নী, একমাত্র কন্যা, জ্যেষ্ঠ ভাতৃসহ পৰিয়ালৰ সদস্যক তেওঁ এৰি গৈছে৷ জানিব পৰা মতে, দুদিনমানৰ পূর্বে ক’ভিডত আক্রান্ত হোৱা হাজৰিকাক সহকর্মীসকলে বিহাৰৰ বেগুচৰাই চিকিৎসালয়ত ভর্তি কৰাইছিল আৰু ক্রমাৎ সুস্থ হৈছিল যদিও পুনৰ শৰীৰৰ অৱস্থা জটিল হৈ পৰে আৰু অৱশেষত তেওঁ মৃত্যুক আঁকোৱালি লয়৷
টিহুত পুনৰ এজনৰ মৃত্যু
টিহু মহকুমাত আজি পুনৰ ২১গৰাকী লোকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰে৷ ইয়াকে লৈ টিহু মহকুমাত ক’ৰোনা আক্রান্তৰ সংখ্যা ১০৮গৰাকীলৈ বৃদ্ধি পালে৷ আনহাতে, ক’ৰোনাত আক্রান্ত হৈ গুৱাহাটীত চিকিৎসাধীন অৱস্থাত কালি টিহুৰ এজন লোকৰ মৃত্যু হয়৷ টিহুৰ ভদ্রকুছিৰ চন্দ্রমোহন দাস (৫৯) নামৰ লোকজনে যোৱা ৩০ এপ্রিলত পেটৰ বিষত ভোগাত টিহু অসামৰিক চিকিৎসালয়লৈ অনাত চিকিৎসকে প্রাথমিক চিকিৎসা কৰি নলবাৰী চিভিল হাস্পতাললৈ প্রেৰণ কৰে৷ নলবাৰীত ক’ভিড টেষ্টত পজিটিভ পোৱাত চিকিৎসকে তেওঁক গুৱাহাটীলৈ প্রেৰণ কৰে যদিও গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত কালি সন্ধিয়া চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে দুই পুত্র, দুই জী–জোঁৱাইক ইহসংসাৰত এৰি যায়৷
অসম আন্দোলনৰ কর্মী চিনেশ্বৰ মৰাঙৰ মৃত্যু
ক’ভিডে প্রাণ কাঢ়িলে অসম আন্দোলনৰ কর্মী বোকাখাতৰ চিনেশ্বৰ মৰাঙৰ (৫৭)৷ যোৱা ৩ মে’ত ক’ভিডত আক্রান্ত হৈ মৰাঙৰ মৃত্যু হয়৷ বিগত কিছুদিন জ্বৰ–কাহ–চর্দিত ভুগি থাকি অধিক অসুস্থ হৈ পৰাত মৰাঙক ৩ মে’ত বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে অনা হয়৷ উশাহ লোৱাত অত্যধিক কষ্ট পোৱাত অক্সিজেন দিয়া হয় যদিও তাৎক্ষণিকভাৱে চিকিৎসাধীন অৱস্থাতে মৰাঙৰ মৃত্যু ঘটে৷ মৃত্যুৰ পূর্বে হাস্পতালত কৰোৱা ক’ভিড পৰীক্ষাত পজিটিভ ধৰা পৰে৷ জানিব পৰা মতে, পূর্বৰে পৰা পাইলছ ৰোগত আক্রান্ত হৈ থকা মৰাং অলপতে গুৱাহাটীৰ পৰা পাইলছৰ চিকিৎসা কৰি উভতি আহিছিল আৰু তাৰ পাছৰে পৰা পানী লগা অসুখত ভুগিছিল৷ অসমৰ বিদেশী বিতাড়ন আন্দোলনৰ অগ্রণী কর্মীজন এটা বিপ্লৱী সংগঠনৰ জন্মৰ সৈতেও জডিত আছিল৷ অসমৰ শ্বহীদ নির্যাতিত পৰিয়ালৰ সমন্বয়ৰক্ষী সমিতিৰ বোকাখাত সমিতিৰ সম্পাদক হোৱাৰ লগতে কেন্দ্রীয় বিষয়ববীয়া আছিল মৰাং৷ শ্রীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক, বোকাখাত মহকুমা দাবী সমিতিৰ কর্মকর্তা, ব্যৱসায়ী তথা বোকাখাতৰ প্রতিটো সমস্যাৰ সৈতে সংপৃক্ত হৈ থকা সদা হাস্যময় চিনেশ্বৰ মৰাঙৰ দেহাৱসানত বোকাখাত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে৷ মৃত্যুৰ সময়ত মৰাঙে পত্নী, দুই কন্যাসহ পৰিয়ালৰ সদস্যক এৰি থৈ গৈছে৷
বাংগালুৰুত বোকাখাতৰ যুৱকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু
সংহাৰী ক’ৰোনাই আজি বাংগালুৰুত প্রাণ ল’লে বোকাখাতৰ এজন যুৱকৰ৷ বোকাখাত সেউজীপাৰ অঞ্চলৰ যুৱক অঞ্জন বৰুৱাই আজি অতি শোকাৱহভাৱে বাংগালুৰুৰ এখন চৰকাৰী হাস্পতালত মৃত্যুক সাবটি লয়৷ উল্লেখ্য যে অঞ্জন বৰুৱাই বাংগালুৰুস্থিত ‘স্ক’প ইণ্টাৰনেচনেল’ নামৰ এটা কোম্পানীত কর্মৰত আছিল৷ বাংগালুৰুৰ চমেথানাহাল্লি নামৰ ঠাইত বাস কৰা যুৱকজনৰ গাত যোৱা ২৬ এপ্রিলত ক’ৰোনাৰ লক্ষণে দেখা দিছিল৷ হামগণ্ডানাহাল্লি চৰকাৰী হাস্পতালৰ চিকিৎসকে প্রাথমিক চিকিৎসাৰ অন্তত পৰীক্ষাৰ পৰামর্শ দিয়ে৷ পৰীক্ষা কৰোৱাৰ পাছত ৩০ এপ্রিলত তেওঁৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ হাস্পতালত বিছনাৰ অভাৱত হোম আইছ’লেচনত আছিল যুৱকজন৷ কালি নিশা উশাহ–নিশাহত কষ্ট পায় আৰু তেওঁৰ হামগণ্ডানাহাল্লি চৰকাৰী হাস্পতাললৈ লৈ অহা হয়৷ কিন্তু আজি পুৱাৰ পৰা হঠাৎ যুৱকজনৰ পালছ ৰেট কমি যায় আৰু কৰুণ মৃত্যুক সাবটি লয়৷ ক’ভিড প্রট’কল অনুসৰি পানাথুৰ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা বুলি জানিব পৰা গৈছে৷ মৃত্যুৰ সময়ত তেওঁ বাংগালুৰুত পত্নী শিল্পা বৰুৱাক এৰি গৈছে৷
ঢ়েকীয়ালৰ সৰবৰহীব্যক্তি ৰাজ কুমাৰ শইকীয়াৰ মৃত্যু
গোলাঘাট জিলাৰ ঢ়েকীয়াল চাৰিঙীয়া প্রাথমিক স্বাস্থ্যকেন্দ্রৰ অন্তর্ভুক্ত তথা ঢ়েকীয়াল তিনিআলি নিৱাসী ৰাজ কুমাৰ শইকীয়াই (৫৫) ক’ভিডত আক্রান্ত হৈ আজি পুৱা ৪ বজাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুবৰণ কৰে৷ যোৱা এসপ্তাহ ধৰি জ্বৰত ভুগি থকা শইকীয়াক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভর্তি কৰাৰ পাছত ১ মে’ত উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ স্থানান্তৰ কৰা হৈছিল৷ আজি বিয়লি তেওঁৰ অন্ত্যেষ্টিক্রিয়া ক’ভিড বিধি মানি যোৰহাটত সম্পন্ন কৰা হয়৷ ঢ়েকীয়াল অঞ্চলৰ প্রবীণ ফুটবল খেলুৱৈ, শ্রেষ্ঠ বিহুৱা, উন্নত গো–পালক তথা ব্যৱসায়ীজনৰ অকাল মৃত্যুত তিনিআলি ব্যৱসায়ী সন্থাই আজি এবেলা দোকান–পোহাৰ বন্ধ ৰখাৰ লগতে ৰাইজে শোক প্রকাশ কৰিছে৷ মৃত্যুৰ সময়ত তেওঁ পিতৃ, শিক্ষয়িত্রী পত্নী আৰু তিনিগৰাকী কন্যা–জোঁৱাইসহ বহু আত্মীয়ক ইহসংসাৰত এৰি থৈ গৈছে৷
দেৰগাঁৱত ক’ভিডত এজনৰ মৃত্যু, দুজন আক্রান্ত
দেৰগাঁৱৰ সমীপৰ বৰুৱাবামুণগাঁও গাঁও পঞ্চায়তৰ অন্তর্গত কোচগাঁও নিৱাসী তথা দেৰগাঁৱৰ অমৰ শর্মা মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্রাপ্ত চতুর্থবর্গৰ কর্মচাৰী ধর্মেশ্বৰ ৰাজখোৱাই ক’ভিডত আক্রান্ত হৈ মৃত্যুক সাবটি লয়৷ যোৱা বৃহস্পতিবাৰে ধর্মেশ্বৰ বৰাক কফৰ সমস্যাৰ বাবে জৰুৰীভাৱে লৈ যোৱা হৈছিল যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ৷ ক’ভিড আক্রান্ত বুলি চিনাক্ত হোৱাৰ পাছতে তেওঁক ভর্তি কৰোৱা হৈছিল আই চি ইউত৷ পিছদিনা কাহ–জ্বৰ আদি সমস্যাৰ বাবে পৰীক্ষা কৰি ক’ভিড পজিটিভ পোৱা গৈছিল তেওঁৰ পত্নী আৰু পুত্রকো৷ দুয়োকে যোৰহাট মেডিকেল কলেজ হাস্পতালত ক’ভিড ৱার্ডত ভর্তি কৰোৱা হৈছিল৷ ইফালে আজি পুৱতিনিশা চিকিৎসাধীন অৱস্থাতে তেওঁ মৃত্যুক সাবটি লয়৷
উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু
নিকেতনৰ প্রতিষ্ঠাপক প্রবোধ চন্দ্র গোস্বামীৰ মৃত্যু
শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীৰ অন্যতম প্রতিষ্ঠাপক, সমাজসেৱক তথা বেংক বিষয়া প্রবোধ চন্দ্র গোস্বামীৰ আজি পুৱা এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে৷ তেওঁ মধুমেহ আৰু হূদৰোগত ভুগি থকাৰ উপৰি ক’ভিড পজিটিভ হিচাপে চিহ্ণিত হৈছিল৷ তেওঁ বহুতো সামাজিক কার্যৰ লগত জডিত হোৱাৰ উপৰি উত্তৰ–পূব ইউনিয়ন বেংক বিষয়া সন্থাৰ প্রাক্তন সভাপতি আছিল৷ ১৯৫৫ চনৰ ৮ আগষ্টত নলবাৰীত তেওঁৰ জন্ম হৈছিল৷ মৃত্যুৰ সময়ত তেওঁ পত্নীসহ এজন পুত্র, এগৰাকী কন্যা, নাতিনী, জেজাৱাইৰ লগতে বহুতো আত্মীয়ক এৰি থৈ যায়৷ ক’ভিড প্রট’কল অনুযায়ী তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷
খানামুখ চেকগেটত ক’ভিড আক্রান্ত পিতৃৰ
মৃত্যুৰ আঠ দিন পাছত একমাত্র পুত্রৰো ক’ভিডত মৃত্যু
চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ জালুকবাৰী অঞ্চলৰ খানামুখ চেকগেটৰ ৰূপকোঁৱৰ হাউছিং কমপ্লেক্সৰ বাসিন্দা তথা এটা ব্যক্তিগত কোম্পানীৰ কার্যবাহী দীপজ্যোতি দাসৰ (৩৮) ক’ভিডত আক্রান্ত হৈ ২ মে’ত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়৷উল্লেখ্য যে যোৱা ২৫ এপ্রিলত তেওঁৰ পিতৃ তথা ভাৰতীয় তেল নিগমৰ অৱসৰপ্রাপ্ত বিষয়া অৰবিন্দ দাসৰ (৭০) ক’ভিডত আক্রান্ত হৈ গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হৈছিল৷ জানিব পৰা মতে, যোৱা ১২ এপ্রিলত আজাৰা প্রাথমিক স্বাস্থ্যকেন্দ্রত কৰা ৰেপিড এণ্টিজেন পৰীক্ষাত অৰবিন্দ দাসৰ লগতে পত্নী ভানু দাস আৰু পুত্র দীপজ্যোতি দাসৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছিল৷ পৰৱর্তী সময়ত চিকিৎসকৰ পৰামর্শ অনুসৰি পত্নী ভানু দাস হোম আইছ’লেচনত থকাৰ বিপৰীতে অৰবিন্দ দাস গুৱাহাটীৰ গেট হাস্পতাল আৰু পুত্র দীপজ্যোতি দাস গুড হেলথ হাস্পতালত ভর্তি হৈছিল৷ ইফালে দীপজ্যোতি দাসৰ আজিহে ক’ভিড প্রট’কল অনুসৰি শেষকৃত্য সম্পন্ন কৰা হয়৷ পিতৃৰ মৃত্যুৰ আঠ দিন পাছত একমাত্র পুত্রৰো মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতেই অঞ্চলজুৰি শোকৰ ছাঁ পৰে৷ মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নী এটি ৯ মহীয়া কন্যা শিশু, একমাত্র বিবাহিত ভনীয়েককে ধৰি বহু আত্মীয়–স্বজন এৰি থৈ যায়৷
ক’ৰোনাত আক্রান্ত হৈ খোৱাং
সাৰুৱাছিগাৰ প্রণৱজ্যোতি গগৈৰ মৃত্যু
ক’ৰোনা ভাইৰাছে খোৱাঙত পুনৰ এজন ব্যক্তিৰ প্রাণ কাঢ়ি নিলে৷ খোৱাং সাৰুৱাছিগা নিৱাসী তথা মৰাণ সমষ্টিৰ বিধায়ক চক্রধৰ গগৈৰ কার্যালয়ৰ সহায়ক প্রণৱজ্যোতি গগৈয়ে আজি পুৱা প্রায় ৪.৫০ বজাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুবৰণ কৰে৷ জানিব পৰা মতে, গগৈৰ যোৱা কিছুদিন পূর্বে হঠাতে জ্বৰ আৰু কাহত আক্রান্ত হোৱাত চিকিৎসকৰ কাষ চাপে৷ চিকিৎসকে তেওঁক স্বাস্থ্য পৰীক্ষা কৰাত তেওঁৰ শৰীৰত ক’ৰোনা পজিটিভ ধৰা পৰে আৰু যোৱা সাত দিন ধৰি ডিব্রুগড অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইছ’লেচন ৱার্ডত চিকিৎসাধীন হৈ আছিল৷ তেওঁৰ নশ্বৰ দেহ খোৱাং সাৰুৱাছিগাস্থিত নিজা বাসগৃহলৈ লৈ অহা হয় আৰু তাতেই তেওঁৰ অন্ত্যেষ্টিক্রিয়া সম্পূর্ণ ক’ভিড প্রট’কলৰ মাজেৰে সম্পন্ন কৰা হয়৷ অঞ্চলটোৰ বিভিন্ন সামাজিক ক্ষেত্রৰ সৈতে জডিত থকা প্রণৱজ্যোতি গগৈৰ মৃত্যুত বিধায়ক চক্রধৰ গগৈৰ লগতে খোৱাং আৰু মৰাণ অঞ্চলৰ বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান–প্রতিষ্ঠানে শোক প্রকাশ কৰিছে৷
ক’ভিডত আক্রান্ত হৈ বৰলাহৰ অমূল্য কলিতাৰ মৃত্যু
শুৱালকুছি থানাৰ অন্তর্গত বৰলাহৰ অমূল্য কলিতা (৫৪)ৰ ক’ভিডত আক্রান্ত হৈ আজি শেষ নিশ্বাস ত্যাগ কৰে৷ অগ্ণিনির্বাপক বাহিনীত কর্মৰত কলিতা ২৫ এপ্রিলত ক’ভিডত আক্রান্ত হয়৷ পাছত তেওঁক ২৯ এপ্রিলত এম এম চি চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ তাতে আজি চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে দুগৰাকী জীয়ৰী আৰু অগণন গুণমুগ্ধক এৰি থৈ যায়৷
তিতাবৰত ক’ভিডত আক্রান্ত হৈ এজনৰ মৃত্যু
তিতাবৰ নআলি তিনিআলিৰ দেৱ কুমাৰ বৰা ৰাজহুৱা প্রেক্ষাগৃহৰ সমীপৰ প্রফুল্ল শইকীয়া (৭৩)ৰ আজি ক’ভিডত আক্রান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷ শইকীয়া যোৱা ১৯ এপ্রিলত ক’ভিডত আক্রান্ত হৈ তিতাবৰৰ ঘৰত কোৱাৰেণ্টাইনত আছিল৷ যোৱা ১ মে’ৰ দিনা তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পৰিয়ালৰ লোকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড চেণ্টাৰত ভর্তি কৰায়৷ আজি পুৱা চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়৷
ক’ৰোনাত আক্রান্ত হৈ মাকুমৰ যুৱকৰ মৃত্যু
মাকুমৰ জ্যোতিনগৰৰ ৰাজেশ শ্বাহ নামৰ প্রায় ৩৮ বছৰীয়া যুৱক এজনে কালি বিশাখাপট্টনমৰ চিটী হাস্পতালত ক’ৰোনাৰ লগত যুঁজ দি মৃত্যুক সাবটিব লগা হয়৷ কর্মসূত্রে পত্নী আৰু দুই কণমানি সন্তানসহ বিশাখাপট্টনমত থকা ৰাজেশে পৰহি হঠাৎ অসুস্থ হৈ পৰাত স্থানীয় চিকিৎসালয়ত ভর্তি হয়৷ ক’ৰোনাৰ সংক্রমণত ৰাজেশৰ উশাহ–নিশাহ বন্ধ হৈ পৰে৷ হাস্পতালৰ পৰাই মাকুমৰ ঘৰলৈ ফোন কৰি ৰাজেশে পৰহি নিশা ককায়েক, বৌৱেকক কৈছিল– ‘মই আৰু ঘৰলৈ ঘূৰি যাব নোৱাৰিম, ল’ৰা–ছোৱালীহালক লৈ যাহি, বেছি সময় জীয়াই নাথাকো অ’৷’ তাৰ পিছত আৰু ৰাজেশে কথা ক’ব নোৱাৰিলে৷ ৰাজেশৰ মাকুমৰ পৰিয়ালৰ লোকে কালি পুৱাই বিমানেৰে ঢ়াপলি মেলিছিল৷ কিন্তু ৰাজেশক নাপালেগৈ৷ ৰাজেশৰ মৃত্যুত মাকুমত গভীৰ শোকৰ ছাঁ পৰিছে৷
তিতাবৰৰ সুযোগ্য সন্তান অৱসৰপ্রাপ্ত প্রশাসনিক বিষয়া জাকিৰ হুছেইনৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু
তিতাবৰৰ ডফলাটিং অঞ্চলৰ সুযোগ্য সন্তান, অসম লোকসেৱা আয়োগৰ অৱসৰপ্রাপ্ত বিষয়া জাকিৰ হুছেইনৰ যোৱানিশা ১০.১৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷ পাঁচ দিন পূর্বে তেওঁ ক’ৰোনাত আক্রান্ত হোৱাত চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত ভর্তি কৰোৱা হৈছিল৷ অসম আন্দোলনৰ ভৰপক সময়তে ১৯৮০ চনত লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীর্ণ হৈ যোৰহাট জিলাৰ নির্বাচনী বিষয়া, কামৰূপ মেড্র’ৰ অতিৰিক্ত উপায়ুক্ত আৰু অসম ৰাজ্যিক প্রিণ্টিং আৰু ষ্টেচনাৰী বিভাগৰ সঞ্চালক ৰূপে কর্ম সম্পাদন কৰি অৱসৰ গ্রহণ কৰিছিল৷ চাকৰি সূত্রে গুৱাহাটীতে স্থায়ী বসতি কৰিলেও প্রতি সময়তে তেওঁ তিতাবৰৰ বিভিন্ন উন্নয়নমূলক কাম–কাজৰ প্রতি দৃষ্টি দিছিল৷ যোৱানিশা অভাৱনীয়ভাৱে হঠাৎ তেওঁৰ মৃত্যুৰ বাতৰিয়ে মর্মাহত কৰি তুলিছে পৰিয়ালৰ লগতে গুণমুগ্ধসকলক৷ আনহাতে, তেওঁৰ পত্নী অৱসৰপ্রাপ্ত আই এছ বিষয়া নফিফা আহমেদ আৰু দুই পুত্র ক’ভিডত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে৷ আজি সম্পূর্ণ ক’ভিড প্রট’কল পালন কৰি গুৱাহাটীত জাকিৰ হুছেইনৰ শেষকৃত্য সম্পন্ন কৰা হয়৷

You might also like