সংখ্যালঘু মর্চাৰ ৰাজ্যিক সমিতি ভংগ বিজেপিৰ
নিয়মীয়া বাৰ্তা ৬ মেঃ বিধনসভা নির্বাচনত নামনি অসমত ৰাজ্যিক বিজেপিৰ দুর্বল প্রদর্শনৰ বাবে আজি ভংগ কৰি দিয়া হ’ল সংখ্যালঘু মর্চাৰ ৰাজ্যিক সমিতি, জিলা সমিতি আৰু মণ্ডল সমিতিসমূহ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নির্দেশত এই সমিতিকেইখন ভংগ কৰা হৈছে৷ উল্লেখ্য যে সদ্যসমাপ্ত নির্বাচনত সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত বিজেপিৰ প্রদর্শন অতি নিম্নগামী হৈছে৷ উক্ত সমষ্টিসমূহত থকা দলৰ ২০জনীয়া বুথ সমিতিতকৈ কম ভোট লাভ কৰিছে একোজন বিজেপিৰ দ্বাৰা প্রক্ষেপিত প্রার্থীয়ে৷ কার্যতঃ এনে দুর্বল প্রদর্শনৰ বাবে আজি ভংগ কৰা হয় সংখ্যালঘু মর্চাৰ সমিতি৷ ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মর্চাৰ সভাপতিৰ দায়িত্বত আছিল মুক্তাৰ হুছেইন খান৷