মেক্সিকোৰ এন্দ্রিয়া মেজা মিছ ইউনিভার্ছ ২০২১
নিয়মীয়া বাৰ্তা, ১৮ মে’: ক’ৰোনা কালৰ মাজতে যোৱানিশা আমেৰিকা যুক্তৰাষ্ট্রৰ হলীউডৰ ছেমিম’ল হার্ড ৰক হোটেল এণ্ড কেছিনত বহু প্রতীক্ষিত মিছ ইউনিভার্ছ–২০২১ৰ খিতাপ ঘোষণা কৰা হয়৷ এই খিতাপ লাভ কৰে মেক্সিকোৰ সুন্দৰী এন্দ্রিয়া মেজাই৷ ৭৪তকৈ অধিক দেশৰ সুন্দৰীৰ মাজত হোৱা তীব্র প্রতিদ্বন্দ্বিতাৰ অন্তত ৬৯সংখ্যক মিছ ইউনিভার্ছ–২০২১ৰ খিতাপ লাভ কৰে মেক্সিকোৰ এন্দ্রিয়া মেজাই৷
২০২০ বর্ষৰ মিছ ইউনিভার্ছ প্রতিযোগিতাখনত মেক্সিকোৱে খিতাপ লাভ কৰাৰ বিপৰীতে প্রথম ৰানার্ছ আপ হয় ব্রাজিলৰ ২৮ বছৰীয়া জুলিয়া গামা আৰু দ্বিতীয় ৰানার্ছ আপ হয় ২৭ বছৰীয়া পেৰুৰ জেনিক মেকেটা৷
তাৎপর্যপূর্ণ যে এই প্রতিযোগিতাত মিছ ইণ্ডিয়া এডলিনে কেষ্টেলিন’ই তৃতীয় ৰানার্ছ আপ হয়৷ অর্থাৎ মিছ ইণ্ডিয়াই চতুর্থ স্থান লাভ কৰে৷ মেৰি’ লোপেজ আৰু অলিভিয়া কালপোৱে আঁত ধৰা এই সুন্দৰী প্রতিযোগিতাৰ চূড়ান্ত ৰাউণ্ড তিনি ঘণ্টা ধৰি চলিছিল৷ চলিত বর্ষৰ মিছ ইউনিভার্ছ খিতাপ মেক্সিকোৰ সুন্দৰীয়ে লাভ কৰাৰ পূর্বেও দেশখনৰ সুন্দৰীয়ে ২০১০ আৰু ১৯৯১ চনত এই খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল৷