নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৃত্যৰে ক’ভিড আক্রান্তৰ মনোবল বৃদ্ধিৰ চেষ্টা চিকিৎসা কর্মীৰ

ধুবুৰীৰ মটেৰঝাৰ মহাত্মা গান্ধী আদর্শ চিকিৎসালয়ৰ অনন্য প্রয়াস

নিয়মীয়া বাৰ্তা ১৮ মেঃ ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিৰ মটেৰঝাৰ এলেকাত থকা মটেৰঝাৰ মহাত্মা গান্ধী আদর্শ চিকিৎসালয়খনৰ চিকিৎসক, নার্ছ, স্বাস্থ্যকর্মীকে ধৰি সকলোৱে মাৰবান্ধি থিয় দিছে ক’ভিড মহামাৰীৰ বিৰুদ্ধে৷ ভয়াৱহ ক’ৰোনা মহামাৰীত আক্রান্ত হৈ ভর্তি হোৱা ৰোগীসকলৰ মনত আত্মবিশ্বাস গঢ় দিয়াৰ লক্ষ্যৰে চিকিৎসালয়খনৰ স্বাস্থ্যকর্মীসকলে পি পি কিট পৰিধান কৰি ৰোগীসকলৰ সেৱা–শুশ্রূষা কৰাৰ লগতে সংগীতৰ তালে তালে নৃত্য কৰি ক’ভিড ৰোগীসকলৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷

সংগীত, নৃত্যৰ সমান্তৰালকৈ চিকিৎসালয়খনৰ ফালৰ পৰা ক’ভিড ৰোগীসকলক যোগাসনো শিকোৱা হয়৷ মহামাৰী ক’ৰোনাক প্রতিহত কৰাৰ বাবে চিকিৎসালয়খনৰ কর্মচাৰীসকলে ক’ভিড ৰোগী থকা কোঠাৰ চুকে–কোণে সদায় চাফ–চিকুণ কৰি বিৰল দৃষ্টান্ত দাঙি ধৰিছে৷

উল্লেখ্য যে মটেৰঝাৰৰ চৰকাৰী চিকিৎসালয়খন৫০খন বিছনাৰ বাবে উপযুক্ত কৰি তোলা হৈছে৷ বর্তমানে ৩৫জন ক’ভিড ৰোগী চিকিৎসালয়খনত আছে৷ এতিয়ালৈকে ১০৬গৰাকী ক’ভিড ৰোগী চিকিৎসালয়খনত ভর্তি হৈছে৷ তাৰ ভিতৰত ৫৯জন ৰোগী সুস্থ হৈ উঠাত চিকিৎসালয়খনৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়৷ চিকিৎসালয়খনৰ পৰা ১২জন ক’ভিড ৰোগীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ কৰা হৈছে বুলি চিকিৎসালয়খনৰ ভাৰপ্রাপ্ত চিকিৎসা বিষয়া ডাঃ ৰিংকু আহমেদে আজি জানিবলৈ দিয়ে৷

You might also like